মুখ্য-পৃষ্ঠা

নিৰ্বাচনৰ ফলাফল নোলাওতেই পদত্যাগ কৰিব প্ৰধানমন্ত্ৰী ঋষি চুনাকে!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পদত্যাগ কৰিব পাৰে বিট্ৰেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে। এগজিট পলৰ সমীক্ষাত কনজাৰ্ভেটিভ পাৰ্টিৰ অতি শোচনীয় পৰাজয় ফলাফল দেখুওৱাৰ পাছতে দুই এদিনতে এই সিদ্ধান্ত লব পাৰে ঋষি চুনাকে। উল্লেখ কৰা প্ৰয়োজন যে, এগজিটৰ পলৰ সমীক্ষাই যদি সচাঁ হয় তেন্তে বিট্ৰেইনত লেবাৰ পাৰ্টিৰ পৰা কেইৰ ষ্টাৰমাক হ'ব নতুন প্ৰধানমন্ত্ৰী।

ইফালে, এগজিটত প্ৰকাশ পাইছে যে, দলটোৱে জনতাৰ আস্থা সম্পূৰ্ণৰূপে হেৰুৱাইছে। আনকি দলটোৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা প্ৰধানমন্ত্ৰী ঋষি চুনাকে তেওঁৰ নিজৰ কেন্দ্ৰ ৰিচমণ্ডতে পৰাস্ত হোৱাৰ সম্ভাৱনা আছে।

দলটোৱে এইবাৰ ৬৫০ খন আসনৰ ভিতৰত ১০০ খন আসনো দখল কৰিব নোৱাৰিব বুলিয়েই সমীক্ষাত প্ৰকাশ পাইছে। দেশখনত ৪০০ ৰো অধিক আসনেৰে লেবাৰ পাৰ্টিয়ে পুনৰ চৰকাৰ গঢ়িব বুলি প্ৰায় নিশ্চিত হৈ আছে।

অৱশ্যে তাৰ পাছতো দলটোৰ নেতা কেইৰ ষ্টাৰমাৰ চিন্তিত হৈ আছে। কিয়নো কৃষ্ণাংগ ভোটাৰসকলে অভিবাসী বিৰোধী সমৰ্থনৰ বাবে লেবাৰ পাৰ্টিৰ পৰিবৰ্তে কনজাৰ্ভেটিভ পাৰ্টিৰ ফালে ধাৱমান হোৱাৰো সম্ভাৱনা নথকা নহয়।

তাৰোপৰি ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বহু কট্টৰপন্থী দলে এইবাৰ ভোট লাভ কৰিব পাৰে। এইবাৰ নিৰ্বাচনত সৰ্বাধিক ৯৮ টা দলে প্ৰতিদ্বন্দিতা কৰিছে আৰু মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছে ৪ হাজাৰ ৫১৫ গৰাকী।

ব্ৰিটেইনৰ নিৰ্বাচনী পৰম্পৰা অনুসৰি, এটা দলে মুঠ ৬৫০ খন আসনৰ ভিতৰত ৩২৬ খন আসনত জয় লাভ কৰিলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰে আৰু সেই দলৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰী হিচাপে চৰকাৰ গঠন কৰিব পাৰে। কিন্তু যদিহে সংখ্যাগৰিষ্ঠতা নাপায়, বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়েই পুনৰ চৰকাৰ গঠনৰ বাবে প্ৰথম সুযোগ লাভ কৰিব।