মুখ্য-পৃষ্ঠা

ঘিলামৰাত পথ দুৰ্ঘটনাঃ নিহত এজন

Asomiya Pratidin

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘাহি গাঁওৰ ৰাজপথত দুৰ্ঘটনা সংঘটিত হৈছে। মঙলবাৰে বিয়লি সংঘটিত এক পথ দুৰ্ঘটনাত এজন বাইক চালক ঘটনাস্থলীতে নিহত হোৱাৰ লগতে অন্য এজন গুৰুতৰভাৱে আহত হয় ।

ঘটনাৰ বিবৰণী মতে ঘাহি গাঁও ৰাজপথেৰে বাইক লৈ আহি থকা অৱস্থাতে এখন তীব্ৰবেগী বলৰ' পিকআপ বাহনে প্ৰচণ্ড জোৰত খুন্দা মাৰে। খুন্দাত নিহত ঘিলামৰাৰ উজনি ফুকন গাঁওৰ লীলা কান্ত ফুকনৰ পুত্ৰ দিগন্ত ফুকন নামৰ এজন যুৱক।

ফুকনে সহযোগী এজন যুৱক সহ AS 07 Y 2016 নম্বৰ বাইকেৰে আহি থকা অৱস্থাত সন্মুখৰ পৰা বলেৰ' পিকআপ বাহনৰ খুন্দাত ৰাজপথৰ ওপৰতে চিটিকি পৰি থিতাতে মৃত্যুক সাৱটি লয়। ঘটনাস্থলীত ঘিলামৰা আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰি আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। উজনি ফুকন গাঁওৰ যুৱকগৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। ইপিনে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লখিমপুৰলৈ প্ৰেৰণৰ কৰিছে।