মুখ্য-পৃষ্ঠা

মহানগৰীত ডাম্পাৰৰ খুন্দাত নিহত স্কুটী আৰোহী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মহানগৰীৰ দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংগটিত হৈছে। বৃহস্পতিবাৰে নিশা তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে স্কুটী আৰোহীক। দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটী আৰোহীগৰাকী। এই পৰ্যন্ত নিহত লোকজন চিনাক্ত হোৱা নাই।

উল্লেখযোগ্য যে দিছপুৰ থানাৰ সন্মুখতে সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ এএছ০১বিচি০৮৩৪। স্থানীয় লোকৰ তৎপৰতাত ডাম্পাৰসহ চালকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ডাম্পাৰ চালকজনক।