মুখ্য-পৃষ্ঠা

ইণ্ডোৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ৮জন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ ইণ্ডোৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ইণ্ডোৰৰ বেটমাৰ সমীপৰ ইন্দোৰ-আহমেদাবাদ ঘাইপথত বুধবাৰে মাজনিশা এখন এছ ইউ ভি বাহনখনে ৰৈ থকা ডাম্পাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

বাহনখনৰ ৯জন যাত্ৰীৰ ৮ জন লোকই দুৰ্ঘটনাটোত নিহত হোৱাৰ লগতে এজন লোক আহত হয়। জানিব পৰা মতে নিহতৰ ভিতৰত এজন আৰক্ষী কনিষ্টবল আছিল। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আহত ব্যক্তিজনক চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে।