ROAD ACCIDENT  
মুখ্য-পৃষ্ঠা

মৰিগাঁৱত পথ দুৰ্ঘটনা: নিহত এটি ডেৰ বছৰীয়া শিশু

Asomiya Pratidin

ডিজিটেল সংবাদ, মৰিগাঁও: মৰিগাঁও গাগলমাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এটি ডেৰ বছৰীয়া শিশু নিহত হয়। মৃত শিশুটি বুঢ়াবুঢ়ীৰ মাহিন আলম। শিশুটি মাকৰ সৈতে এখন অ'টোত গৈ থকা অৱস্থাত গাগলমাৰিত এখন ট্ৰাকে খুন্দা মাৰে।

ট্ৰাকখনৰ খুন্দাৰ ফলত অ'টোখনত থকা শিশুটি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে শিশুটিক মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ এনে যদিও বাটতে মৃত্যু হয় শিশুটিৰ। আনহাতে এই দুৰ্ঘটনাটোত শিশুটিৰ মাতৃ গৰাকীৰ এখন হাত ভঙা বুলি জানিব পৰা গৈছে।