মুখ্য-পৃষ্ঠা

ৰূপহীহাটত ভয়ংকৰ পথ দুৰ্ঘটনাঃ থিতাতে নিহত দশম শ্ৰেণীৰ ছাত্ৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰূপহীহাটত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৰূপহী বজাৰৰ মাজ মজিয়াত ড্ৰাম্পাৰে মহতিয়াই নিয়ে তিনিগৰাকী স্কুলীয়া ছাত্ৰক। ড্ৰাম্পাৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী স্কুলীয়া ছাত্ৰ। গুৰুত্বৰ বাবে  আহত হয় দুগৰাকীকৈ ছাত্ৰ।

ড্ৰাম্পাৰৰ খুন্দাত নিহত ছাত্ৰ গুনাবাৰীৰ মামুদ জামান। আহত ছাত্ৰ দুগৰাকী ক্ৰমে গুনাবাৰী ইক্রমূল হক গেৰেকীৰ ইতিকাৰ আহমেদ। তিনিও গৰাকী দশম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। এএছ২৫ইচি৮৭২৩ নম্বৰৰ ড্ৰাম্পাৰে খুন্দিয়াই মহতিয়াই নিয়ে এএছ০২এএল১৬৩৭ নম্বৰৰ মটৰ চাইকেলক। আহত ছাত্ৰ দুজনক নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।