মুখ্য-পৃষ্ঠা

ৰঙাপৰাত বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰঙাপৰাঃ ৰঙাপৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা৷ মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ৰঙাপৰাৰ নগাপথাৰত পথ দুৰ্ঘটনা সংঘটিত হয়। ফলত গুৰুতৰ ভাবে আহত হয় এজন লোক ৷ আহত যুৱক জনৰ পৰা পোৱা আধাৰ কাৰ্ড অনুসৰি যুৱক জন বিন্দুকুৰি ডেকা চুবুৰীৰ দেৱৰা ওৰাং।

তেজপুৰৰ মিৰ্ধা নাৰ্চিং হোমৰ চিকিৎসক ডা° সাধনা আৰোৰাই নিজৰ কৰ্তব্য সামৰি JH 05- CB- 2689 নম্বৰৰ চাৰিচকীয়া গাড়ী খনেৰে ঘৰলৈ আহি থকা অৱস্থাত ৰঙাপৰা দিশৰ পৰা তীব্ৰ বেগত গৈ থকা AS12-AK -7543 নম্বৰৰ মটৰচাইকেল খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড যোৰত খুন্দা মাৰে।

ফলক বাইক সহ যুৱক জন পথৰ পৰা কাষৰ পথাৰত চিটিকি পৰে ৷ ঘটনাস্থলীত ৰঙাপৰা আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে ১০৮ এম্বুলেন্সৰ জৰিয়তে গুৰুতৰ ভাবে আহত যুৱক জনক ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে। কিন্তু অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আহত যুৱকজনক ৷