মুখ্য-পৃষ্ঠা

ৰঙাপাৰাত ই-ৰিক্সাৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ৰঙাপাৰাত ই-ৰিক্সা ভাড়া বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰঙাপৰা মহাবিদ্যালয় শাখাই মহাবিদ্যালয়লৈ যোৱা ই-ৰিক্সাৰ ভাড়া বৃদ্ধি কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰঙাপৰা চহৰৰ মহাত্মা গান্ধী মূৰ্ত্তিৰ সমীপত বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে। কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ১০টকা ভাড়া লোৱাৰ দাবী জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক বেয়া ব্যৱহাৰ নকৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ৷