মুখ্য-পৃষ্ঠা

ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰা সিদ্ধান্তৰ বিৰোধিতা ৮ টা সংগঠনৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধুবুৰীঃ অসম চৰকাৰে কেবিনেটত ৰূপসী বিমান বন্দৰৰ নাম সলনি কৰি কালিচৰণ ব্ৰহ্ম নামেৰে নামাকৰণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে আক্ৰাছুৰ লগতে প্ৰায় ৮ টাকৈ সংগঠনে।

উল্লেখ্য যে, কোচ ৰাজবংশী সম্প্ৰদায়ৰ জমিদাৰ লোকে দান কৰা ভূমিত নিৰ্মাণ কৰা হৈছে ৰূপসী বিমান বন্দৰটো। জমিদাৰৰ পত্নী ৰূপহী হোৱা বাবে বিমান বন্দৰটোৰ নাম ৰূপসী ৰখা হৈছিল। গতিকে ৰূপচী বিমান বন্দৰৰ নাম সলনি নকৰি ৰূপসী নামেই বাহাল ৰাখিবলৈ অসম চৰকাৰক আহ্বান জনাই দল সংগঠনে।

ইফালে ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে বিমান বন্দৰৰ নাম সলাই এ পি জে আব্দুল কালাম হোৱাৰ কথা প্ৰকাশ কৰাত আক্ৰাছুৰ লগতে আন আন সংগঠনৰ নেতা সকলে তুচ্ছ তাচ্ছিল্য কৰে। লগতে আক্ৰাছুৰ দাবী চৰকাৰে মানি নল'লে অনাগত দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।