মুখ্য-পৃষ্ঠা

নৱগ্ৰহত শেষকৃত্য সম্পন্ন সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমীয়া ভাষা আৰু সাহিত্যৰ এগৰাকী দিগ্বজ সমালোচক, শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, কটন মহাবিদ্যালয় (বৰ্তমান বিশ্ববিদ্যালয়)ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক  সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাই সামৰিলে জীৱন নাট। শুকুৰবাৰে শেষ নিশ্বাস ত্যাগ কৰা সাহিত্যচাৰ্যগৰাকীৰ শেষকৃত্য শনিবাৰে নৱগ্ৰহত সম্পন্ন হয়।

অসংখ্য গুণমুগ্ধ তথা পৰিয়াল বৰ্গৰ উপস্থিতিত শেষকৃত্য সম্পন্ন হয় সাহিত্যচাৰ্যগৰাকীৰ। চানমাৰিস্থিত নিজা বাসভৱনত শেষনিশ্বাস ত্যাগ কৰা সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৬বছৰ। শেষকৃত্যত কটন বিশ্ববিদ্যালয় বহুকেইগৰাকী অধ্যাপক লগতে বৰ্তমান ভিন্নক্ষেত্ৰত সুপ্ৰতিষ্ঠিত প্ৰাক্তন ছাত্ৰসকলো উপস্থিত থাকে।

উল্লেখ কৰা প্ৰয়োজন যে, নীৰৱে সাহিত্য চৰ্চা কৰা তথা সূক্ষ্ম বিশ্লেষণৰ অধিকাৰী উপেন্দ্ৰ নাথ শৰ্মা জম্ম হৈছিল ১৯২৯চনৰ নলবাৰীৰ অময়াপুৰত। তেওঁ কমদিনৰ বাবে ডিব্ৰুগড় কানৈ কলেজতো শিক্ষকতা কৰিছিল।  ৰামধেনু-পৰৱৰ্তী কালত এগৰাকী সমালোচক হিচাপে আত্মপ্ৰকাশ আৰু প্ৰতিষ্ঠা লাভ কৰা উপেন্দ্ৰনাথ শৰ্মাৰ বিচৰণৰ ঘাই ক্ষেত্ৰখন হ’ল অসমীয়া গল্প-সাহিত্য। অসমীয়া কবিতাৰ ক্ষেত্ৰখনতো তেওঁৰ বিচৰণ অনায়াস যদিও সমালোচক হিচাপে গল্পৰ ক্ষেত্ৰখনতে তেওঁৰ কলাবোধ, বিচাৰক্ষমতা আৰু পাণ্ডিত্য সৰ্বজনস্বীকৃত।

ইউৰোপীয় সমালোচনা সাহিত্যৰ প্ৰভাৱপুষ্ট শৰ্মাই শেষৰ ফালে অৱশ্যে সম্পূৰ্ণ। আধুনিক দৃষ্টিভংগীৰে শঙ্কৰদেৱৰ নিচিনা প্ৰাচীন কবিৰ কাব্যকৃতিৰ মূল্যায়নতো দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হয়। ইউৰোপীয় আৰু আমেৰিকান সাহিত্যৰ গভীৰ অনুৰাগী শৰ্মাই ইউৰোপৰ বিভিন্ন দেশৰ কিছুসংখ্যক উৎকৃষ্ট সাহিত্যকৃতিৰ সৈতে অসমীয়া পঢ়ুৱৈক পৰিচয় কৰাই দিছে। গ্যেটে, ডাণ্টে, শ্বেইক্সপীয়েৰ, হুইটমেন,জন ডান, ব্ৰাউনিং আদিৰ সাহিত্যকৃতিৰ বিষয়ে তেওঁৰ পৰিচয়মূলক আলোচনাই সাধাৰণ অসমীয়া পঢ়ুৱৈক যথেষ্ট উপকৃত কৰিছে।

১৯২৯ চনত নলবাৰীৰ অময়াপুৰত জন্ম লাভ কৰা উপেন্দ্ৰনাথ শৰ্মাই নলবাৰীত স্কুলীয়া শিক্ষা লাভ কৰাৰ পাছত কটন কলেজৰপৰা আই.এ(১৯৪৭) আৰু বি.এ (১৯৪৯) আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা কৃতিত্বৰে ইংৰাজী বিষয়ত এম.এ ডিগ্ৰী (১৯৫৫) লাভ কৰে। নলবাৰী কলেজ আৰু ডিব্ৰুগড়ৰ কানৈ কলেজত কিছুদিন শিক্ষকতা কৰাৰ পাছত ১৯৫৬ চনৰপৰা কটন কলেজত ইংৰাজীৰ প্ৰবক্তা হিচাপে যোগ দি তেওঁ তাৰপৰাই ১৯৮৭ চনত বিভাগটোৰ মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে।

তেখেতৰ সাহিত্যৰাজি হৈছে ১৯৯২চনত প্ৰকাশিত বিবিধ প্ৰবন্ধ, ১৯৯৩চনত প্ৰকাশিত বিংশ শতাব্দীৰ অসমীয়া সাহিত্য, দেশ বিদেশৰ সাহিত্য, ১৯৯৯চনত প্ৰকাশিত The Poetry of Sankaradeva, ২০০২চনত প্ৰকাশিত সাহিত্য ও ৰোমাণ্টিক আৰু আধুনিক, ২০০৫চনত প্ৰকাশিত কবিতাৰ ভাষা আৰু অন্যান্য ইত্যাদি।

সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে ৰাজ্যৰ সাহিত্য জগতৰ লগতে শিক্ষা জগতখনতো শোকৰ ছাঁ পেলাইছে। শনিবাৰৰ শেষকৃত্য অনুষ্ঠানতো সাহিত্যিক-সাংবাদিকৰ লগতে ভিন্ন ক্ষেত্ৰত বহু প্ৰতিষ্ঠিত লোক উপস্থিত হৈ সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।