মুখ্য-পৃষ্ঠা

চামগুৰিৰ উপ নিৰ্বাচনঃ অগপৰ মণিমাধৱ মহন্ত হ’ব পাৰে NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিহালীৰ পিছত এইবাৰ চামগুৰিত উপ নিৰ্বাচনৰ জোৱাৰ উঠিছে। বৰ্তমান কংগ্ৰেছৰ দখলত থকা সমষ্টিটো বিজেপি তথা এন ডি এ মিত্ৰজোঁটে নিজৰ দখললৈ অনাৰ বাবে ইতিমধ্যে ৰণনীতি প্ৰস্তত কৰিছে। কিন্তু এনে সময়তে দেওবাৰে চামগুৰিত অনুষ্ঠিত হয় অগপ কাৰ্যকতাৰ এখন বিশেষ সন্মিলন।

এই সন্মিলনত অগপ কাৰ্যকতাসকলে এইবেলি চামগুৰি সমষ্টিত অগপৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তক টিকট দিয়াৰ দাবী উত্থাপন কৰে। কাৰ্যকতাসকলে দাবী কৰে যে, এইবেলি এন ডি এৰ প্ৰাৰ্থীত্ব মণিমাধৱ মহন্তক যদি প্ৰদান কৰা হয়, তেন্তে জয় ১০০শতাংশ নিশ্চিত।

এই সমগ্ৰ বিষয়টোক লৈ এতিয়ালৈকে মণিমাধৱ মহন্ত তথা তেওঁৰ ভাতৃ মন্ত্ৰী কেশৱ মহন্তই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। ততসত্ত্বেও অগপে এই আসনখনত প্ৰতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ সৈতে প্ৰাৰম্ভিক আলোচনাত মিলিত হৈছে বুলি জানিব পৰা গৈছে। এই চামগুৰি সমষ্টিটোৰ একেবাৰে গাতে লাগি থকা সমষ্টি কলিয়াবৰৰ পৰাই বিগত কেইবাটাও কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে মণিমাধৱ মহন্তৰ ভাতৃ মন্ত্ৰী কেশৱ মহন্ত।

গতিকে এইবাৰ কাষৰীয়া সমষ্টিটোত কনিষ্ঠ ভাতৃয়ে টিকট পালেও আচৰিত হবলগীয়া একো নাথাকিব। অৱশ্যে উপ নিৰ্বাচনৰ বা বলিলেও এতিয়ালৈকে প্ৰাৰ্থিত্বৰ সন্দৰ্ভত অগপ নাইবা বিজেপি কোনো দলেই মুকলিকৈ কোনো কথা প্ৰকাশ কৰা নাই।

যদিহে মণিমাধৱ মহন্তক চামগুৰিৰ এন ডি এৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হয় তেন্তে এন ডি এৰ তৰফৰ পৰা তেওঁ হব পাৰে এগৰাকী শক্তিশালী প্ৰাৰ্থী। কিয়নো ইতিমধ্যে লোকসভা নিৰ্বাচনৰ অভিজ্ঞতাৰে পুষ্ট মণিমাধৱ মহন্তই বিগত বহু বছৰ ধৰি বিভিন্ন কাম কাজৰ সৈতে জড়িত হৈ আছে।

ইফালে ৰকিবুল হুচেইনে দীৰ্ঘকাল ধৰি নিজৰ দখলত ৰখা সমষ্টিটোত ৰাজনীতিত নতুনকৈ খোজ পেলোৱা পুত্ৰক প্ৰাৰ্থিত্ব প্ৰদানৰ যোজা কৰা বুলিও জানিব পৰা গৈছে। ইতিমধ্যে সেই কথা আকাৰে-ইংগিতে বুজাইও দিছে ধুবুৰীৰ নৱনিৰ্বাচিত সাংসদগৰাকীয়ে। ৰকিবুলে কৰা পৰিকল্পনামতেই যদি সকলো হয়, তেন্তে চামগুৰিত কংগ্ৰেছৰ প্ৰাৰ্থী হব পাৰে ৰকিবুল হুচেইনৰ পুত্ৰ টানজিল হুচেইন।