মুখ্য-পৃষ্ঠা

অৱশেষত গ্ৰেপ্তাৰ হ'ল আৰ জি কৰ চিকিৎসা হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ  কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক অৱশেষত গ্ৰেপ্তাৰ কৰে চি বি আয়ে। বিগত ১৮দিনে ঘোষে চি জি অ’ কমপ্লেক্সলৈ আহি চি বি আইৰ জেৰাত অংশগ্ৰহণ কৰিছিল। সোমবাৰে সন্ধিয়া ঘোষক গ্ৰেপ্তাৰ কৰি ছল্ট লেকৰ চি জি অ’ কমপ্লেক্সৰ পৰা নিজাম পেলেচৰ চি বি আইৰ কাৰ্যালয়লৈ অনা হয়।

উল্লেখ্য যে, কলকাতাৰ আৰ জি কাৰ হাস্পতালত এগৰাকী কনিষ্ঠ চিকিৎসকক হত্যাৰ গোচৰৰ পিছতেই বহুকেইটা অভিযোগ উত্থাপন হৈছিল।সমগ্ৰ দেশতে ভুক্তভোগী চিকিৎসকৰ ন্য়ায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল।সেই সময়তেই পদত্য়াগ কৰিছিল প্ৰতিষ্ঠানখনৰ অধ্যক্ষ সন্দীপ ঘোষে ৷

ইফালে চিকিৎসালয়খনৰ প্রাক্তন উপ-অধীক্ষক আখতাৰ আলীৰ এজাহাৰৰ পাছতে ঘটনাক লৈ তদন্ত আৰম্ভ হৈছিল। চিকিৎসালয়খনৰ প্ৰাক্তন উপ অধীক্ষকে সন্দীপ ঘোষৰ বিৰুদ্ধে নিবিদা দুৰ্নীতি আনকি মৃতদেহ সৰবৰাহৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত ঘোষৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ গোচৰ ৰুজু হয়। দীঘলীয়া জেৰাৰ অন্তত চি বি আয়ে সোমবাৰে ঘোষক গ্ৰেপ্তাৰ কৰে ৷