মুখ্য-পৃষ্ঠা

ৰাজ্যৰ ১২কৃতীলৈ সংগীত নাটক একাডেমীৰ সন্মান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰৱিচ্ছিন্ন সাধনা, প্ৰচুৰ কৰ্মোদ্যম আৰু প্ৰতিভাৰে নিজ নিজ কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক এক বিশেষ স্থানত উপনীত কৰাবলপৈ সক্ষম হোৱা ৰাজ্যৰ ১২গৰাকী কৃতী, প্ৰতিভাৱান ব্যক্তিলৈ আগবঢ়োৱা হৈছে সংগীত-নাটক একাডেমী সন্মান। বিগত দুটা বছৰৰ বাবে যোৱা মঙলবাৰে সংগীত –নাটক একাডেমীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে একাডেমীৰ ফেল’, সন্মান আৰু পুৰস্কাৰপ্ৰাপ্ত সকলৰ তালিকা।

সাংস্কৃতিক ক্ষেত্ৰখনত দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকী ব্যক্তিলৈ আগবঢ়োৱা ২০২২ আৰু ২০২৩বৰ্ষৰ সন্মান আৰু পুৰস্কাৰৰ কথা ঘোষণা কৰা সংগীত নাটক একাডেমীয়ে। সেইমতে অসমৰ বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়ক একাডেমীৰ ফেল’ সন্মান প্ৰদান কৰা হৈছে।

আনহাতে পৰিৱেশ্য কলাত আগবঢ়োৱা অৱদানৰ বাবে লক্ষহীৰা দাসক একাডেমীৰ জলপানি প্ৰদান কৰা হৈছে। একাডেমীৰ তৰফৰ পৰা সংগীত নাটক একাডেমী পুৰস্কাৰপ্ৰাপ্ত সকল হৈছে- সত্ৰীয়া নৃত্য শিতানত গোবিন্দ শইকীয়া, অংকীয়া ভাওনাৰ বাবে কৰুণা বৰা, নাটকৰ নিৰ্দেশনা শিতানত গুনাকৰ দেৱগোস্বামী আৰু পৰাম্পৰাগত তথা লোক সংগীতৰ বাবে তৰাৱতী বৰিয়ে লাভ কৰে পুৰস্কাৰ।

 ইফালে একাডেমীৰ তৰফৰ পৰা ঘোষণা কৰা কৰা অনুসৰি, ২০২২বৰ্ষৰ অসমৰ ৩গৰাকী আৰু ২০২৩বৰ্ষৰ দুগৰাকী শিল্পীক ওস্তাদ বিছমিল্লা খাঁ যুৱ পুৰস্কাৰৰে সন্মানিত কৰা হৈছে। তেওঁলোক হৈছে- ডিম্পী বৈশ্য, মুকুন্দ নাথ, বিনীতা দেৱী, মেঘৰঞ্জনী মেধি, মুকুন্দ শইকীয়া।