মুখ্য-পৃষ্ঠা

বিশিষ্ট সমাজকৰ্মী শংকৰলাল আগৰৱালাক ব্রহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ সম্বৰ্ধনা

Asomiya Pratidin

ডিজিটেল সংবাদ,ছয়দুৱাৰ: গহপুৰ মহকুমাৰ অন্তৰ্গত বৰঙাবাৰীৰ বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী শংকৰলাল আগৰৱালাক সম্বৰ্ধনা জ্ঞাপন প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ। গহপুৰ সেৱা কেন্দ্ৰই ৰাখী বন্ধনৰ লগত সংগতি ৰাখি এখন সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে তেওঁক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ গহপুৰ সেৱা কেন্দ্ৰৰ সঞ্চালিকা বি.কে কল্পনাৰ স্বাক্ষৰ সম্বলিত সম্বৰ্ধনা পত্ৰখনৰ জৰিয়তে গহপুৰ ঈশ্বৰীয় বিশ্ববিদ্যালয়ত শংকৰলাল আগৰৱালাই আগবঢ়োৱা ঈশ্বৰীয় সহায়,সহযোগিতাৰ শলাগ লয়। লগতে তেওঁৰ আন্তৰিক সহযোগিতাৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

তেওঁৰ কৰ্মদক্ষতা,মানবীয় প্ৰমূল্যবোধ আৰু সামাজিক দায়বদ্ধতাৰ বাবে ২০১৮ চনত ভাৰতৰত্ন "ড০ বাবা চাহেব আম্বেদকাৰ" ৰাষ্ট্ৰীয় বঁটা, সৰ্বভাৰতীয় সংবাদ সংস্থাৰ বঁটা, অসম প্রদেশ কভিড-১৯ ৰ বেলিকা বঁটা, সমাজৰত্ন এৱাৰ্ড, গহপুৰ গৌৰৱ বঁটা, ২০২৪ চনত "অসম উদ্যোগ ৰত্ন" বঁটাৰে শংকৰলাল আগৰৱালাক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জনাইছে।

এই সন্দৰ্ভত সম্বৰ্ধনা পত্ৰখনত উল্লেখ কৰা হয় যে এগৰাকী উচ্চ শিক্ষিত পুত্র, দুগৰাকী কন্যা সন্তানেৰে তেওঁ এগৰাকী সফল পিতৃ। আজি এই ৰাখী বন্ধন অনুষ্ঠানত গহপুৰ সেৱা কেন্দ্ৰৰ সমূহ ভাই-মাতাই পৰমপিতা পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা জনাই কয় যে পৰমাত্মাৰ আশীৰ্বাদ তেওঁৰ শিৰত সদায় থাকক।

লগতে তেওঁৰ ব্যক্তিত্বৰ আভাই মানৱ সমাজৰ কল্যাণ হোৱাৰ কামনা কৰি শংকৰলাল আগৰৱালাৰ সু-স্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰা হয়।গহপুৰ সেৱা কেন্দ্ৰৰ এই মৰম আৰু শ্ৰদ্ধাৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে শংকৰলাল আগৰৱালাই।