মুখ্য-পৃষ্ঠা

গুৱাহাটী বিশ্ববিদ্যালয়ত সপ্তক সংগীত গোষ্ঠী উদ্বোধন...

Asomiya Pratidin

ডিজিটেল সংবাদ,গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত শুকুৰবাৰে সপ্তক শীৰ্ষক সংগীত গোষ্ঠীৰ উদ্বোধনী পৰ্ব অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ নতুন শিক্ষা নীতি সমন্বয় কেন্দ্ৰত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উদীয়মান শব্দযন্ত্ৰী, চিত্ৰনাট্যকাৰ অভিজিৎনায়ক। লগতে বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি জিন্টু দাস আৰু সংগীত বিভাগৰ সম্পাদক ঋষভ কাথাৰো উপস্থিত থাকে।

তদুপৰি অনুষ্ঠানত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি কেন্দ্ৰৰ কাৰ্যালয় সহকাৰী দীপাংকৰ দাস উপস্থিত থাকে। বন্তি প্ৰজ্বলন তথা সৰস্বতী বন্দনাৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰি জিন্টু দাসে সংগীতৰ বিশ্বজনীনতাৰ ওপৰত আলোকপাত কৰে।

সমাজত ধনাত্মক পৰিবৰ্তন অনাত সংগীতৰ ভূমিকাৰ কথা উল্লেখ কৰাৰ লগতে তেখেতে সংগীত গোষ্ঠীটোৰ উদ্যোক্তাসকলক অভিনন্দন জ্ঞাপন কৰে। সামগ্ৰিক বিকাশৰ বাবে সংগীত গোষ্ঠীৰ দৰে পাঠ্যক্ৰমৰ বাহিৰৰ কাম-কাজতো ছাত্ৰ-ছাত্ৰী সকলে মনোনিৱেশ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই পদক্ষেপক প্ৰশংসা কৰি স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ পৰা সমৰ্থনৰ আশ্বাস দিয়ে। মুখ্য অতিথি অভিজিৎ নায়কে তেওঁৰ ভাষণত সংগীত উদ্যোগৰ অভিজ্ঞতা আৰু অন্তদৃষ্টি ভাগ-বতৰা কৰি তেওঁৰ পেছাদাৰী যাত্ৰাৰ কাহিনীৰে ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰে।

তেওঁ মন্তব্য কৰে যে সংগীত কেৱল এটা কলা নহয় বৰঞ্চ এনে এক জীৱন শৈলী যিয়ে মানুহক একত্ৰিত কৰে তথা সৃষ্টিশীলতাক লালন-পালনকৰে। স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সংগীত বিভাগৰ সম্পাদক ঋষভ কাথাৰে সপ্তক ৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰে। যিয়ে কেৱল প্ৰতিভা প্ৰদৰ্শন কৰাই নহয়, কৰ্মশালা, কনচাৰ্ট, আৰু প্ৰতিষ্ঠিত সংগীতজ্ঞ সকলৰ সৈতে সহযোগিতাৰ জৰিয়তে শিক্ষণৰ সুযোগো প্ৰদান কৰিব।

এই সংগীত গোষ্ঠীটোৱে বিশ্ববিদ্যালয়ত সংগীতৰ উৎকৰ্ষতা আৰু সৃষ্টিশীলতাৰ উদাহৰণ হিচাপে পৰিগণিত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।উদ্বোধনী অনুষ্ঠানটিত বিশ্ববিদ্যালয় সমাজৰ বৈচিত্ৰময় সাংগীতিক পৰিবেশক প্ৰতিফলিত কৰি ছাত্ৰ-ছাত্ৰীসকলে লোকসংগীতৰ পৰা সম সাময়িক সংগীতলৈকে বিভিন্ন ভাষাৰ সংগীত পৰিবেশন কৰে।

উল্লেখ্য যে সপ্তক সংগীত গোষ্ঠী গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া সংযুক্ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথমটো পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰ মাজত সাংগীতিক সৃষ্টিশীলতাক উদগনি প্ৰদান কৰা।