মুখ্য-পৃষ্ঠা

মোডী মন্ত্ৰীসভাত অসমৰ পৰা কেৱল সৰ্বানন্দ সোণোৱাল!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ ৰূপে প্ৰধানমন্ত্ৰীৰূপে দেওবাৰে শপত লব নৰেন্দ্ৰ মোডীয়ে। শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে ২৪০খন আসন লাভেৰে একক সংখ্যাগৰিষ্ঠ দল হৈছিল যদিও চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় ২৭২খন আসন লাভ নকৰাত এন ডি এ মিত্ৰদলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে এই চৰকাৰ।

কিং মেকাৰ ৰূপত তেলেগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডু আৰু জে ইউৰ নেতা নীতিশ কুমাৰে এই নতুন চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। এক সূত্ৰৰ অনুসৰি, এন ডি এৰ প্ৰায়বোৰ দলকে সন্তুষ্ট কৰিবলৈ মোডী কেবিনেটত সৰু-ডাঙৰ সকলো দলৰে প্ৰতিনিধি অন্তভূৰ্ক্তিৰ সিদ্ধান্ত লৈছে।

চৰ্চা হৈ আছে মোডী মন্ত্ৰীসভাত অসমৰ পৰা কোনে স্থান লাভ কৰিব। শপত গ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে আয়োজন কৰা চাহমেললৈ তেওঁৰ কেবিনেটত স্থান লাভ কৰা সাংসদসকলক নিমন্ত্ৰণ কৰিছে। ৰাষ্ট্ৰপতিভৱনত সন্ধিয়া অনুষ্ঠিত হব শপত গ্ৰহণ অনুষ্ঠানত। তাৰ পূৰ্বেই দিনৰ ১১.৩০বজাত আয়োজন কৰা চাহমেললৈ এই মূৰ্হুতলৈকে জানিব পৰা খবৰ অনুসৰি সৰ্বানন্দ সোণোৱালক নিমন্ত্ৰণ জনোৱা হৈছে।

সেই অনুসৰি ধাৰণা কৰা হৈছে, মোডী মন্ত্ৰীসভাত অসমৰ পৰা সৰ্বানন্দ সোণোৱালৰ স্থান নিশ্চিত হৈছে। অৱশ্যে এন ডি এৰ মিত্ৰদল অগপৰ ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ নামো মোডী মন্ত্ৰীসভাত স্থান লাভ কৰিব লগা সাংসদসকলৰ ভিতৰত থাকিব বুলি চৰ্চা হৈছিল যদিও বৈশ্যই এই মূৰ্হুতলৈকে এই চাহমেললৈ নিমন্ত্ৰণ লাভ কৰা নাই।