মুখ্য-পৃষ্ঠা

কেবিনেট মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যবাসীৰ আশীৰ্বাদ বিচাৰিলে সৰ্বানন্দ সোণোৱালে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মোডী মন্ত্ৰীসভাত শপত বাক্য পাঠ সৰ্বানন্দ সোণোৱালৰ। ১৫ সংখ্যক স্থানত শপত গ্ৰহণ কৰিলে সোণোৱালে। ডিব্ৰুগড়ৰ পৰা বিপুল ভোটত জয়লাভ কৰি লোকসভালৈ নিৰ্বাচিত হৈছিল সোণোৱাল।

মোডী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে পুনৰ স্থান লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰা সৰ্বানন্দ সোণোৱালে দেওবাৰে ঈশ্বৰৰ নামত শপত লৈ দেশমাতৃৰ প্ৰতি সমৰ্পিত সেৱা আগবঢ়াই যোৱাৰ সংকল্প লয়। সৰ্বানন্দ সোণোৱালক শপতবাক্য পাঠ কৰোৱায় দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে।

সোণোৱালে সংবাদ মাধ্যমৰ আগত কয় যে, "শ্ৰদ্ধাৰ অসমবাসী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ মৰম-আশীৰ্বাদ আৰু স্বৰ্গীয় আই-পিতাইৰ স্নেহাশিস শিৰত লৈ আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰি আনন্দিত হৈছোঁ। দেশমাতৃৰ পুনৰ সেৱা কৰাৰ অনন্য সুযোগ প্ৰদান কৰি মোক কৃতাৰ্থ কৰাৰ বাবে মাননীয় মোডী ডাঙৰীয়াক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। জনতা জনাৰ্দনে দিয়া প্ৰেৰণাক সাৰোগত কৰি মোডী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ সংকল্পবদ্ধ হ'লোঁ।"

লগতে তেখেত উল্লেখ কৰে, "বিগত ১০ বছৰত দেশত কৰা অভূতপূৰ্ব উন্নয়নৰ বাবেই মোডী ডাঙৰীয়াৰ প্ৰতি দেশবাসীৰ আস্থা-বিশ্বাস পূৰ্ণোদ্যমে অটুট আছে। মোডী ডাঙৰীয়াৰ নেতৃত্বতে ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হৈছে। অনাগত দিনবোৰত ভাৰতক বিশ্বৰ তিনি অৰ্থনৈতিক মহাশক্তিৰ অন্যতম হিচাপে অন্তৰ্ভুক্ত কৰাবলৈ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন এনডিএ চৰকাৰ বদ্ধপৰিকৰ। এইক্ষেত্ৰত আমি প্ৰতিগৰাকী মন্ত্ৰীয়ে উৎসৰ্গিত মনোভাৱেৰে দেশৰ হকে কাম কৰি যাবলৈ দৃঢ় সংকল্পবদ্ধ। ভাৰতে এতিয়া শান্তি, সমৃদ্ধি, প্ৰগতিৰ এক নতুন শিখৰত আৰোহণ কৰাৰ দিশত ক্ষিপ্ৰতাৰে আগবাঢ়িব।"

উল্লেখ্য যে, মোডীৰ দ্বিতীয়টো কাৰ্যকালত বন্দৰ, জাহাজ আৰু আয়ুষ বিভাগৰ দায়িত্ব পালন কৰিছিল সোণোৱালে। সোণোৱালৰ সমান্তৰালকৈ তৃতীয়বাৰৰ বাবে দেশৰ শাসনৰ বাঘজৰী চম্ভালিবলৈ সাজু হৈছে বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ অন্য মন্ত্ৰীসকল।