এছ বি আইৰ দিছপুৰ শাখাৰ উপ-প্ৰৱন্ধক আটক।
দিছপুৰ আৰক্ষীৰ দ্বাৰা আটকাধীন বেংক বিষয়াজনৰ নাম গুলেনুৰ হুছেইন।
ভৱধৰ দত্ত নামৰ অৱসৰপ্ৰাপ্ত এজন ডিআইজিৰ ২৬লাখ টকা জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক বেংক বিষয়াজন।
শনিবাৰে সন্ধিয়া তেওঁক আটক কৰা হয় সাতগাঁৱৰ ছাইন হেভেন এপাৰ্টমেণ্টৰ নিজা ফ্লেটৰ পৰা।
উল্লেখ্য, অৱসৰপ্ৰাপ্ত ডিআইজিজনৰ এই বৃহৎ অংকৰ ধন আত্মসাৎ কৰোঁতে আটকাধীন গুলেনুৰ হুছেইন আছিল এছবিআইৰ বৰবাৰী শাখাৰ প্ৰৱন্ধক তথা মেনেজাৰ।
বৰ্তমান দিছপুৰ থানাত আৰক্ষীৰ তীব্ৰ জেৰাৰ সন্মুখীন হৈ আছে ধৃত বেংক বিষয়াজন ।