কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড...  
মুখ্য-পৃষ্ঠা

কোকৰাঝাৰৰ পেট্ৰ'ল পাম্পত চাঞ্চল্যকৰ ডকাইতি কাণ্ড...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰৰ ভৱানীপুৰ এন আৰ এল পেট্ৰ'ল পাম্পত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড। এই ডকাইতি কাণ্ডৰ সৈতে জড়িত দলটোৱে লুটি নিলে লক্ষাধিক টকা।

উল্লেখ্য যে ডকাইতি কাণ্ড সংঘটিত হোৱা এন আৰ এল পেট্ৰ'ল পাম্পটো বি টি আৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে'ৰ বাসগৃহৰ সন্মুখতে অৱস্থিত। আনহাতে এই এন আৰ এলৰ পেট্ৰ'ল পাম্পটোৰ গৰাকী ইউ পি পি এলৰ জ্যেষ্ঠ নেত্ৰী প্ৰতিভা ব্ৰহ্ম।

আজি কিছু সময়ৰ পূৰ্বে সংঘটিত হোৱা এই ডকাইতি কাণ্ডৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। জানিব পৰা মতে ডকাইতিৰ দলটোত আছিল মুঠ ৫ জন সদস্য। ৫জনীয়া ডকাইতৰ দলটো আহিছিল দুখন মটৰ চাইকেলত।

তেওঁলোকে পেট্ৰ'ল পাম্পটোৰ কেচিয়াৰক পিষ্টল দেখুৱাই ধনখিনি লুট কৰে। ইফালে ডকাইতি সংঘটিত হোৱাৰ পিছতে মেনেজাৰ ধনঞ্জয় ডুবেই ডকাইতৰ দলটোৰ এজনক গবা মাৰি ধৰি ৰাখিবলৈ চেষ্টা কৰে।

ফলত এটা ডকাইত মটৰচাইকেলৰ পৰা পৰি যায়। পৰি যোৱা ডকাইতটোৱে কঠালগুৰি দিশে দৌৰি পলায়ন কৰে। ঘটনাৰ খবৰ পোৱাৰ পিছতে পেট্ৰ'ল পাম্পটোত উপস্থিত হয় জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মা।

তেওঁলোকে ঘটনাৰ সবিশেষ তথ্য সংগ্ৰহ কৰি অভিযান আৰম্ভ কৰিছে। আজি সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই ঘটনা।