মুখ্য-পৃষ্ঠা

সভাপতি ৰিপুণ বৰাসহ কেইবাগৰাকী বিষয়ববীয়াই এৰিলে তৃণমূল কংগ্ৰেছ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বেই তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বৰাই ।

দেওবাৰে তেঁও সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভাপতি অভিষেক বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এই কথা প্ৰকাশ কৰে। পত্ৰত তেঁও দলৰ সকলোৰে প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জনাই দল এৰাৰ কথা উল্লেখ কৰে।

পদত্যাগ পত্ৰযোগে ৰিপুণ বৰাই কয়- মোৰ প্ৰতি মমতা দিদি তথা দলৰ শীৰ্ষ নেতৃত্বই যি আস্থা দেখুৱাই সভাপতিৰ দৰে এটা সন্মানীয় পদত অধিষ্ঠিত কৰাইছিল, তাকলৈ মই সদায় কৃতজ্ঞ। বিজেপিৰ শাসন ৰোধ কৰাৰ বাবে মই মোৰ বিবেকক সুধি তৃণমূল কংগ্ৰেছত যোগ দিছিলো।

ইয়াৰ পাছত দলে মোক অসমৰ সভাপতিৰ দায়িত্ব দিছিল। সভাপতিৰ দায়িত্ব লৈয়ে তৃণমূল কংগ্ৰেছত সদস্য ভৰ্তি অভিযান আৰম্ভ কৰিছিলো। তাৰোপৰি বিভিন্ন গঠনমূলক পদক্ষেপ লৈছিলো। এই সকলো কামত সহযোগ আগবঢ়োৱা প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২২ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূলত যোগ দিছিল ৰিপুণ বৰাই। ইফালে ৰিপুণ বৰাৰ লগতে দলটোৰ কেইবাগৰাকী বিষয়ববীয়াই পদত্যাগ কৰে। সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক গজেন্দ্র প্রসাদ উপমন্যু আৰু জুলফিকৰ হুছেইনেও তৃণমূল কংগ্ৰেছ ত্যাগ কৰে।

বিধানসভা নিৰ্বাচনৰ আগেয়ে এনে খহনীয়া দলটোৰ বাবে বৃহৎ ক্ষতি হিচাপে বিবেচিত হৈছে। আনহাতে তৃণমূলৰ পৰা মুক্ত হৈ ৰিপুণ বৰাৰ পুনৰ কংগ্ৰেছ গমনৰ বাট প্ৰশস্ত হোৱা বুলি এক ইংগিত পোৱা গৈছে।

অৱশ্যে এইক্ষেত্ৰত ৰিপুণ বৰাই কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু একাংশৰ মতে ৰিপুণ বৰা কংগ্ৰেছলৈ অহাত আপত্তি নাই। হয়তো পুনৰ কংগ্ৰেছ দললৈ উভতি আহিব পাৰে ৰিপুণ বৰা !