মুখ্য-পৃষ্ঠা

শেষ সীমা ১৮নৱেম্বৰঃ জেললৈ যাব শ্বেইখ হাছিনা আৰু বাংলাদেশৰ ৪৪গৰাকী প্ৰাক্তন মন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কাৰাগাৰেই অন্তিম ঠিকনা হব নেকি বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ। সময় যিমানে বাগৰিছে সিমানেই বিপদ বাঢ়িছে হাছিনাৰ। শেহতীয়াকৈ বাংলাদেশৰ আন্তজাৰ্তিক অপৰাধ বিচাৰপীঠে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জাৰি কৰিছে গ্ৰেপ্তাৰী পাৰোৱানা।

ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন আৰু বৈষম্যমূলক ছাত্ৰ আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ গণহত্যাৰ আশ্ৰয় লোৱাৰ অপৰাধত এই গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে। গোচৰীয়া পক্ষই অধিবক্তাই সংবাদমাধ্যমত সদৰি কৰা অনুসৰি, শ্বেইখ হাছিনাক আদালতত আত্মসৰ্পমণৰ বাবে শেষ সীমা বান্ধি দিয়া হৈছে। চলিত বৰ্ষৰ ১৮নৱেম্বৰৰ ভিতৰত বাংলাদেশৰ আদালতত হাজিৰ হব লাগিব শ্বেইখ হাছিনা।

অধিবক্তাগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বাংলাদেশৰ আন্তজাৰ্তিক অপৰাধ বিচাৰপীঠে আজি আৰু এখন আবেদনৰো শুনানি গ্ৰহণ কৰে। যিখন আবেদনৰ ৰায় অনুসৰি, একে অভিযোগতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে শ্বেইখ হাছিনাৰ বাকী ৪৪গৰাকী মন্ত্ৰীৰ বিৰুদ্ধে। মুঠতে শ্বেইখ হাছিনাকে ধৰি মুঠ ৪৫গৰাকীয়ে ১৮নৱেম্বৰৰ ভিতৰত বাংলাদেশৰ আদালতত হাজিৰ হব লাগিব।

ইফালে বৰ্তমান দেশ এৰি ভাৰতত আশ্ৰয় লোৱা শ্বেইখ হাছিনাই আদালতৰ এই ৰায় কিদৰে গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হব। ইফালে শ্বেইখ হাছিনাক আশ্ৰয় দিয়া ভাৰতৰো পৰৱৰ্তীসময়ত কি স্থিতি হব সেয়া সময়েহে কব। ইতিমধ্যে বাংলাদেশৰ একাংশ নেতাই মতপোষণ কৰিছে যে, চুবুৰীয়া ৰাষ্ট্ৰ এখনৰ এগৰাকী অপৰাধীক ভাৰতে আশ্ৰয় প্ৰদান কৰি একেই অপৰাধেই কৰিছ।