মুখ্য-পৃষ্ঠা

ঘোষণা কৰিব পৰা নাই প্ৰাৰ্থীৰ নামঃ চিদলীক লৈ বিমোৰত UPPL আৰু বি পি এফ..

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ ৰাজ্যৰ আন চাৰিটা বিধানসভা সমষ্টিৰ লগতে ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন বাকি । কিন্তু আজিৰ দিনটোতো কংগ্ৰেছ দল বাদে ইউপিপিএল বা বিপিএফ দলে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষনা কৰিবলৈ সক্ষম হোৱা নাই । আজিও প্ৰাৰ্থীত্ব কেন্দ্ৰীক দৃশ্যপট সঘনাই সলনি হোৱা পৰিলক্ষিত হৈছে ।

চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিটিচিৰ মুখ্য বিৰোধী দল বিপিএফৰ প্ৰাৰ্থী কোন হব তাকে লৈ ব্যাপক চৰ্চা অব্যাহত আছে । কাৰণ ইমান দিনে অপ্ৰতিদন্দী হিচাপে বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে এজনে ব্যক্তিৰ নাম উচ্চাৰিত হৈ আছিলে বিপিএফ উপ-সভাপতি শুদ্ধ বসুমতাৰীৰ। কিন্তু অজ্ঞাত কাৰণত শুদ্ধ বসুমতাৰীয়ে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তাৰ মাজতেই বিপিএফ দলৰ সাম্ভাব্য প্ৰাৰ্থীৰ নাম হিচাপে এনে এজন ব্যক্তিৰ নাম চৰ্চা লাভ কৰে যে যিগৰাকী ব্যক্তি ইমান দিনে ইউপিপিএল দলৰ টিকট বিচাৰি আবেদন কৰিছিল । এখেত হৈছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়োক অএচডি তথা অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক ডঃ ছাংগ্ৰাং ব্ৰহ্ম।

উপ- নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰমোদ বড়োৰ অতি ঘনিষ্ঠ বুলি পৰিচিত ছাংগ্ৰাং ব্ৰহ্মই হঠাতেই প্ৰমোদ বড়োৰ সংগ এৰি নিশাৰ ভিতৰতে বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ শৰণাপন্ন হল এই বিষয়টো সম্প্ৰতি চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ৰাজনৈতিক মহলত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে। জানিব পৰা কালি বিয়লি লৈকে নিশ্চিত আছিল চিদলী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীত্ব লাভ কৰিব ডঃ ছাংগ্ৰাং ব্ৰহ্ম আজি সম্ভৱত বিপিএফ দলত আনুষ্ঠানিক ভাবে যোগদান কৰাৰ কথা আছিলে কিন্তু নিশাৰ ভিতৰতে আকৌ অজ্ঞাত কাৰণত সমগ্ৰ বিষয়টো অনিশ্চয়তাৰ মাজত গুচি যোৱা এটা বিশেষ সুত্ৰই দাবী কৰিছে ।

আজিলৈকে চিদলী সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থীত্ব কোনে লাভ কৰিব এই সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে । আন এটা সুত্ৰই দাবী কৰা মতে বিপিএফ দলৰ প্ৰাৰ্থীত্ব তালিকাত তৃতীয় এগৰাকী নাম উঠি আহিছে। কোনো এটা কাৰণত যদি ছাংগ্ৰাং ব্ৰহ্মই টিকটৰ পৰা বঞ্চিত হয় তেনেক্ষেত্ৰত তৃতীয় গৰাকী প্ৰাৰ্থী হিচাপে চিৰাং জিলা বিপিএফৰ সভাপতি তথা পাৰিষদ জেমচ বসুমতাৰীক প্ৰাৰ্থী হিচাপে নিক্ষেপ কৰিব পাৰে বুলি দাবী কৰা হৈছে । আনপিনে বিটিচিৰ শাসকীয় দল ইউপিপিএলৰ টিকটৰ পৰা একপ্ৰকাৰ বঞ্চিত প্ৰায় প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্মই এতিয়াও আশা এৰি দিয়া নাই ।

তেখেতেও ইউপিপিএল দলৰ দলীয় টিকট লাভ কৰাৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে কাৰণ এইবেলি যদি চন্দন ব্ৰহ্মই নিৰ্বাচনত অৱতীৰ্ণ হব নোৱাৰে তেনেহলে আগন্তুক ৰাজনৈতিক ক্ষেত্ৰখনত তেখেতৰ ভবিষ্যত অস্তগামী সুৰ্য্যৰ দৰে হব বুলি ৰাজনৈতিক মহলত আলোচিত হৈ আছে । আনপিনে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ইউপিপিএল দলৰ হৈ দলীয় টিকট চিৰাং জিলা ইউপিপিএল সভাপতি তথা প্ৰাক্তন পাৰিষদ নিৰ্মল কুমাৰ ব্ৰহ্মই লাভ বুলি দাবী কৰা হৈছে ।

তাৰ বিপৰীতে আজি দলৰ সভাপতি প্ৰমোদ বড়োই চিৰাং জিলাৰ কাশিকোত্ৰাত চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত নিৰ্বাচনী পৰিচালনা সমিতিৰ কাৰ্য্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত কয় যে চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত ইউপিপিএল দলৰ প্ৰাৰ্থী কোন হব আৰু তেখেতৰ নাম দলীয় বাচনি সমিতিয়ে ইতিমধ্যেই চুৰান্ত কৰি থৈছে আৰু দুই এদিনৰ ভিতৰতে ঘোষনা কৰা হব বুলি কৈ পুনৰ সমগ্ৰ বিষয়টোক উৎকন্ঠাৰ মাজলৈ ঠেলি দিয়ে ।

আনপিনে কংগ্ৰেছ দলে চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থী হিচাপে জিলা কংগ্ৰেছৰ সভাপতি সঞ্জীৱ ওৱাৰীৰ নাম ঘোষনা কৰিছে সেইমৰ্মে কংগ্ৰেছ দলৰ দলীয় নেতা কৰ্মী সকলে নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰস্তুতি চলাই আছে বুলি জানিব পৰা গৈছে ।