মুখ্য-পৃষ্ঠা

ছিকিমৰ ভূমিস্খলনত ৯জনৰ মৃত্যু, আৱদ্ধ প্রায় দুহাজাৰ পৰ্যটক

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ছিকিমত বতৰে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত হোৱা ধৰাষাৰ বৰষুণৰ ফলত ঠায়ে ঠায়ে ভূমিস্খলন হৈছে। বানত সর্বাধিক ক্ষতিগ্রস্ত মংগন জিলাত উদ্ধাৰ আৰু সাহায্য অভিযান পূর্ণ গতিত অব্যাহত আছে। ৰাজ্যখনৰ বন আৰু পৰিৱেশ মন্ত্রী পিঞ্চ' নামগয়াল লেপচাই জিলা প্রশাসনৰ শীর্ষ বিষয়াসকলৰ সৈতে মংগন জিলাৰ নামনি ঝুছিং আৰু বালক অঞ্চল পৰিদৰ্শন কৰে।

জিলাখনৰ প্রায় ১০ হাজাৰ লোকক সাময়িকভাৱে স্থানান্তৰিত কৰা হৈছে। ইফালে, ৰাজ্যিক পর্যটন আৰু অসামৰিক বিমান পৰিবহণ মন্ত্রী ছেৰিম ঠেণ্ডুপ ভূটিয়াৰ নেতৃত্বত দেওবাৰে জিলাখনৰ লাচুং আৰু চুংথাঙৰ পৰা ১৫গৰাকী বিদেশী পর্যটককে ধৰি প্ৰায় দুহেজাৰ পৰ্যটকৰ উদ্ধাৰ অভিযান অব্যাহত অছে। প্রতিকূল বতৰ আৰু ভূমিস্থলনত পথ বন্ধ হৈ পৰাৰ ফলত এই ক্ষেত্রত কিছু অসুবিধাই দেখা দিয়ে।

উল্লেখযোগ্য যে, ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ৰাজ্যখনত এতিয়ালৈকে ৯জন লোকৰ মৃত্যু হোৱাৰ লগতে প্রায় দুহেজাৰ পৰ্যটক মংগন জিলাত আবদ্ধ হৈ আছে। সাহায্য প্রদানৰ অংশ হিচাপে মৃত লোককেইজনৰ আত্মীয়লৈ ৪ লাখ টকাৰ একালীন সাহায্য প্রদান কৰা হব। আনহাতে জিলাখনত বানত খতিগ্রস্ত লোকসকলৰ বাবে পর্যাপ্ত পৰিমাণে ৰেচন মজুত কৰি ৰখা হৈছে।