মুখ্য-পৃষ্ঠা

ছিকিমত বিৰোধী তচনচ! হাৰিল প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং...

Asomiya Pratidin

 ডিজিটেল ডেস্কঃ ছিকিমত বিৰোধীক তচনচ কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ দিশে ছিকিম ক্ৰান্তিকাৰী মৰ্চা (SKM)। শেহতীয়াকৈ এছ ডি এফ দলৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিঙে লজ্জাজনক পৰাজয়বৰণ কৰিছে। এছ কে এমৰ প্ৰাৰ্থী ৰাজু বাছনেটৰ হাতত ২,২৫৬টা ভোটত পৰাজয় হৈছে চামলিঙৰ।

চামলিঙৰ দল এছ ডি এফ মাত্ৰ এখন আসনত জয়ী হৈছে। ছিয়াৰী আসনত টেনজিং নৰবু লামথা ১৩১৪টা ভোটত জয়ী হৈছে বুলি জানিব পৰা গৈছে। এই সমষ্টিটো বাদ দি বাকী ৩১টা সমষ্টিতে অগ্ৰগতি লাভ কৰি আছে এছ কে এমে। বৰ্তমানলৈ এছ কে এম ১৯খন আসনত বিজয় সাব্যস্ত কৰিছে।

ইয়াৰ বিপৰীতে ১২খন আসনত অগ্ৰগতি লাভ কৰি আছে। ছিকিমৰ এটা উল্লেখযোগ্য সমষ্টি গেংটকতো এছ কে এমৰ প্ৰাৰ্থীৰ জয়ী হৈছে। উক্ত সমষ্টিটোত এছ কে এমৰ প্ৰাৰ্থী ডিলে নামগায়াল বাৰফুনফাই ২৬৯২টা ভোটত জয়ী হৈছে। ইফালে ৰেনক সমষ্টিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী ইতিমধ্যে ৭হাজাৰো অধিক ভোটত জয়ী হৈছে।