মুখ্য-পৃষ্ঠা

এগৰাকী সৎ, সফল আৰক্ষী বিষয়াৰ কেনেকৈ বিৰাগ জন্মিল জীৱনৰ প্ৰতি...

Asomiya Pratidin
আই পি এছ শিলাদিত্য চেতিয়া। কেতিয়া আৰু ক'ত কিদৰে কৰ্মৰত আছিল এই বিষয়াগৰাকী। বিষয়াগৰাকীৰ কিছু কথাক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন

এজন সৎ আৰক্ষী বিষয়া হেৰাই গ’ল। কঠিন পৰিস্থিতিত পৰি এক কঠিন সিদ্ধান্ত লৈ পেলালে এইগৰাকী আই পি এছ বিষয়াই। জীৱনৰ বহু জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা এইগৰাকী আই পি এছ বিষয়াই এই খবৰ মানি লব নোৱাৰিলে। হয়তো মানসিক সন্তোলন হেৰুৱাই পত্নীৰ বিয়োগৰ খবৰ পোৱাৰ পাছতেই চাৰ্ভিছ ৰিভলভাৰেৰে নিজৰ মূৰত নিজে গুজি দিলে তপত বুলেট।

শেষ হৈ গল এক সম্ভাৱনা। অথচ তেওঁ আছিল এজন দৃঢ় মনা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। তেওঁ কৰ্মৰত আছিল তিনিচুকীয়াত। এই খবৰ পোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ এই খবৰকে বিশ্বাস কৰিবলৈ টান পাইছে তেওঁক ঘনিষ্ঠভাৱে পোৱা জনে।

ইমান ৰসাল আৰু পৰোপকাৰী মানুহজনে এই নিষ্ঠুৰ সিদ্ধান্ত কেনেকৈ লব পাৰিলে বুলি ৰৈ গৈছে সেই খবৰ শুনোতাজন। পত্নীৰ অসুখৰ খবৰ তেওঁ তিনিচুকীয়াত থাকোতেই পাইছিল। লৈ গৈছিল পত্নীক চিকিৎসাৰ বাবে বাহিৰলৈ। সম্পন্ন হৈছিল অস্ত্ৰোপচাৰ।

আৰোগ্য হোৱাৰ পাছত ঘূৰি আহিছিল অসমলৈ। নিয়মীয়াকৈ পত্নীৰ ৰোগৰ পৰীক্ষাৰ বাবে বাহিৰলৈ যোৱাতো নিয়ম হৈ পৰিছিল। চতুৰ্থ বেটলিয়নত তেওঁ অধিনায়ক হৈ থাকোতে ঘনিষ্ঠভাৱে পোৱা তলৰ এজন আৰক্ষী বিষয়া বহু দূৰৰ পৰা খবৰ পোৱাৰ মাত্ৰেই দৌৰি আহিছে গুৱাহাটীলৈ।

কান্দোনৰত অৱস্থাতে তেওঁ কলে- খবৰটো শুনি মই ৰৈ থাকিব নোৱাৰিলো। চাৰে যে এনে কিবা কৰিব পাৰে ভাৱিবই পৰা নাই।  বাইদেউৰ বেমাৰৰ খবৰ আমি জানিছিলো। কিন্তু ভাল হৈছিল। এইবাৰ দুৰ্গাপূজাত চাৰে বাইদেউক পূজা দেখুওৱাবলৈ নিছিল।

২০০৯চনত ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰিছিল। তাৰ পাছত প্ৰথম পোষ্টিং তেওঁৰ মাৰ্ঘেৰিটাতে হৈছিল। মাৰ্ঘেৰিটাৰ এছ ডি পি অ আছিল তেওঁ। তিনিচুকীয়াৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। তিনিচুকীয়াৰ কলেজত তেওঁ অধ্যাপনাও কৰিছিল।

পৰৱৰ্তী সময়ত দৰং, তিনিচুকীয়া আদি বিভিন্ন ঠাইত বিভিন্ন পদবীত তেওঁ নিয়োজিত হৈছিল। প্ৰায় ৩বছৰ কাল তেওঁ আছিল  তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক। সেই সময়ত জিলাখনত আলফাক নিয়ন্ত্ৰণ কৰাত তেওঁ বিশেষভাৱে সফল হৈছিল।

তেওঁৰ বাবেই ৫০জনৰো অধিক আলফাই অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিছিল। তেওঁৰ পিতৃও আছিল আৰক্ষী বিভাগতে। পিতৃৰ নাম আছিল প্ৰমোদ চেতিয়া। নমিনেটেড আই পি এছ আছিল তেওঁ। অসম আৰক্ষী উপ মহানিৰ্দেশক পদৰ পৰা তেওঁ অৱসৰ লৈছিল।

তেওঁৰ খুড়াকো আছিল আৰক্ষী অধীক্ষক। নাম আছিল মদন চেতিয়া। তেনে এক পৰিয়ালৰ পৰা আহি অসম আৰক্ষীত যোগদান কৰিছিল তেওঁ। পিতৃ বিয়োগ হৈছিল কেইবছৰমানৰ পূৰ্বে। পত্নীৰ এই অসুস্থতাৰ মাজতে খুব কম দিনৰ ভিতৰত হেৰুৱাইছিল নিজ মাতৃ আৰু পত্নীৰ মাতৃক। মঙলবাৰে বিয়লি ৪.

আৰু শেষত পত্নীৰ বিয়োগে হয়তো তেওঁক জীৱনৰ প্ৰতিয়ে বিৰাগ জন্মাইছিল। বহু চেষ্টা কৰি পত্নীক সুস্থ কৰিব নোৱাৰাৰ বেদনাত তেওঁ দগ্ধ হৈছিল। আই পি এছ বিষয়া হোৱাৰ সূত্ৰে তেওঁ বহু দায়িত্ব লব লগা হৈছিল।

অসম চৰকাৰে তেওঁক গৃহ আৰু ৰাজনীতি বিভাগৰ সচিব পদত নিয়োজিত কৰিছিল। এই পদতেই তেওঁ কৰ্মৰত আছিল বৰ্তমান। পত্নীৰ চিকিৎসাৰ বাবে তেওঁ অৱশ্যে দীৰ্ঘদিন ছুটীত আছিল। মহানগৰীৰ হাতীগাঁৱত বাস কৰিছিল তেওঁ।

আই পি এছ বিষয়া শিলাদিত্য চেতিয়াৰ আত্মহননৰ খবৰ পোৱাৰ পাছতে মুক হৈ পৰিছে সকলো। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়তে এই অঘটন ঘটিছিল। উল্লেখযোগ্য যে,  স্বামী-স্ত্ৰীৰ মৃত্যুৰ পাছত শূণ্য হৈ পৰিল তেওঁলোকৰ ঘৰখন।