মুখ্য-পৃষ্ঠা

খেলৰ বাহিৰেও কি চাকৰি কৰে 'গোল্ডেন বয়' নীৰজ চোপ্ৰাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পেৰিছ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিলেও ভাৰতৰ বাবে সদায়েই গোল্ডেন বয় নীৰজ চোপ্ৰা। ২৪ ডিচেম্বৰ ১৯৯৭চনত জন্ম হৈছিল নীৰজৰ। হাৰিয়ানাৰ পানীপত জিলাৰ খণ্ডৰা গাঁৱত জন্ম হৈছিল নীৰজৰ। এখন সৰু গাঁৱত জন্ম গ্ৰহণ কৰা নীৰজ এতিয়া বিশ্বৰ এগৰাকী লেখত লবলগীয়া খেলুৱৈ। খেলৰ সমান্তৰালভাৱে নীৰজ চোপ্ৰাই ভাৰতীয় সেনাতো কৰ্মৰত, এই কথা বাৰু আপুনি জানেনে!

দক্ষিণ এচিয়াৰ খেলত ভাল প্ৰৰ্দশন কৰাৰ পাছতে নীৰজ চোপ্ৰাক ৰাজপুতানা ৰাইফলছৰ জুনিয়ৰ কমিশ্বণ্ড অফিচাৰ (JCO)ৰূপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ পিছতে তেওঁ এই চাকৰিত নায়ব চুবেদাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। টকিঅ অলিম্পিকত সোণৰ মেডেল আজুৰি অনাৰ পাছতে নীৰজক চুবেদাৰ পদলৈ পদোন্নতি কৰা হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে, নীৰজৰ খেলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈকে এনেদৰে তেওঁক প্ৰদান কৰা হৈছিল বিভিন্ন পদবী।

উল্লেখ নকৰি নোৱাৰি যে, ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি অলিম্পিকত আত্মপ্ৰকাশ কৰিছিল। ২০২১ চনৰ ৪ আগষ্টত তেওঁ পুৰুষৰ জেভেলীন থ্ৰ'ত ২০২০ টকিঅ' অলিম্পিকৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে। তেওঁ ২০২১ চনৰ ৭ আগষ্টত ৮৭.৫৮ মিটাৰ থ্ৰ'ৰে পুৰুষৰ জেভেলীন থ্ৰ' প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰে। ইয়াৰ লগে লগে তেওঁ স্বাধীনতাৰ পিছত এথলেটিকছত স্বৰ্ণ পদক অৰ্জন কৰা তেওঁ প্ৰথম ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয়।এথলেটিকছত তেওঁৰ এই অলিম্পিক পদক তাৎপৰ্যপূৰ্ণভাৱে ভাৰতৰ এথলেটিকছত ভাৰতৰ প্ৰথম অলিম্পিক পদক আছিল।

নীৰজ চোপ্ৰাৰ জেভলীন থ্ৰ'ৰ শ্ৰেষ্ট প্ৰদৰ্শন হৈছে ৮৮.০৭ মিটাৰ। তেওঁ ২০২০ টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ দূৰত্বলৈ জেভলীন দলিয়াই সোণৰ পদক লাভ কৰে। ২০১৮ চনৰ কমনৱেলথ গেমছত তেওঁ দেশৰ পতাকা ধাৰণ কৰিছিল। তেওঁৰ কেৰিয়াৰৰ আৰম্ভণিত, তেওঁ ২০১৬ চনত বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ খিতাপ জয় কৰিছিল আৰু বিশ্বৰ ২০ বছৰৰ তলৰ ৮৬.৪৮ মিটাৰ অভিলেখ গঢ়িছিল। তেওঁ হৈছে জুনিয়ৰ শাখাৰ ট্ৰেক এণ্ড ফিল্ডত বিশ্ব খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ।