মুখ্য-পৃষ্ঠা

আমি আমাৰ শ্বহীদ সকলক উচিত সন্মান যাঁচিবলৈ শিকিব লাগিবঃ শিঙৰীত উদযাপন বলিদান দিৱস...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সততা, সাহস, একাগ্ৰতা আৰু দেশপ্ৰেমৰ অন্যতম নিৰ্দশন গোখা সম্প্ৰদায়। দেশৰ প্ৰতি, জাতিৰ প্ৰতি গোৰ্খাসকলৰ দায়বদ্ধতা আৰু অৱদান অনস্বীকাৰ্য।- ঢেকিয়াজুলিৰ শিঙৰীত অনুষ্ঠিত বলিদান দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্তই।

উল্লেখ্য যে, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী গোৰ্খা শ্বহীদ দুৰ্গা মল্লৰ ৮১ সংখ্যক মৃত্যু দিৱস উপলক্ষে ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত শিঙৰীত বলিদান দিৱস উদ্‌যাপন কৰা হয়। ঢেকিয়াজুলিৰ ঐতিহ্যমণ্ডিত শিঙৰীৰ লক্ষ্মীনাৰায়ণ মন্দিৰ প্ৰাঙ্গণত আড়ম্বৰপূৰ্ণভাৱে কাৰ্যসূচীৰে বলিদান দিৱস উদ্‌যাপন কৰা হয় ।

তেজপুৰস্থ নেপালী ভাষাৰ বাতৰি কাকত হাম্ৰো প্ৰজাশক্তি কাকতৰ মুখ্য সম্পাদক অঞ্জন উপাধ্যায়ৰ তৎপৰতাত ভূতপূৰ্ব ছাত্ৰ একতা মঞ্চ ,অবিভক্ত দৰং নেপালী ছাত্ৰ সংঘৰ সহযোগত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী গোৰ্খা শ্বহীদ দুৰ্গা মল্লৰ ৮১ সংখ্যক মৃত্যু দিৱস বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হয় ৷

পুৱাৰ ভাগতে পতাকা উত্তোলন কৰে ভাৰতীয় চোৰাংচোৱা বিভাগৰ বিষয়া উমা শৰ্মা-ওলীয়ে ৷ শ্বহীদ তৰ্পণ কৰে সমাজকৰ্মী অৱসৰী শিক্ষক গোপ বাহাদুৰ থাপাই ।ইয়াৰ পিছতে অবিভক্ত দৰং নেপালী ছাত্ৰ সংঘৰ কৰ্মকৰ্তাসকলৰ অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ।

শ্বহীদ দুৰ্গা মল্লৰ ওপৰত ৰচিত জনপ্ৰিয় গায়ক নৰবাহাদুৰ দৰ্জী আৰু সাহিত্যিক দক্ষিণা দেৱী গোজৰেলে প্ৰস্তুত কৰা আধা ঘন্টা সময়ৰ আলেখ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । উক্ত অনুষ্ঠানতেই দিব্যাংগ শিল্পী তৃষ্ণা উপাধ্যায় আৰু সন্তোষ উপাধ্যায়ে গীত পৰিৱেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰে৷

অখিল অসম গোৰ্খা মঞ্চৰ অবিভক্ত দৰং জিলাৰ সভাপতি, সাহিত্যিক খৰ্গ বাহাদুৰ ছেত্ৰীয়ে মুকলি সভাখনিৰ শুভ উদ্বোধন কৰে । বলিদান দিৱসৰ মুকলি সভাত অসম আৰক্ষীৰ অৱসৰী আইজিপি দেৱৰাজ উপাধ্যায় বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বীৰ শ্বহীদ মেজৰ দুৰ্গা মল্লৰ দেশপ্ৰেম আৰু ত্যাগৰ ইতিহাসক সশ্ৰদ্ধ স্মৰণ কৰে৷ অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক তথা বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত

বিশিষ্ট সাংবাদিকগৰাকীয়ে গোৰ্খাসকলৰ বীৰত্বৰ লগতে অসমীয়া স্বাধীনতা সংগ্ৰামীসকলকো স্মৰণ কৰে। চৰকাৰ আৰু সমাজৰ অমনোযোগিতাৰ বাবে আমাৰ স্বাধীনতা সংগ্ৰামী সকলে উচিত মৰ্যদা নোপোৱাতো ক্ষোভ প্ৰকাশ কৰে মহন্তই। ভাষণ প্ৰসংগত কয় যে,অসমত বসবাস কৰি আটাইতকৈ ভাল অসমীয়া ভাষা ক’ব পৰা এটা সম্প্ৰদায় হ’ল গোৰ্খা সম্প্ৰদায় ৷

আমাৰ দেশক সততাৰে আৰু সাহসেৰে ৰক্ষা কৰাৰ ক্ষেত্ৰত শ্বহীদ দুৰ্গা মল্লৰ লগতে গোৰ্খা সকলৰ অৱদান অনস্বীকাৰ্য। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শক অনুসৰণ কৰি দেশৰ প্ৰতি, জাতিৰ প্ৰতি যি দায়বদ্ধতাৰ পৰিচয় দি ফাঁচীকাঠত উলমিবলৈ কুণ্ঠবোধ নকৰিলে তাৰবাবে শ্বহীদ দুৰ্গা মল্লৰ নাম ইতিহাসৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব।

বিশিষ্ট সাংবাদিকগৰাকীয়ে ভাষণৰ প্ৰসংগত শেহতীয়াকৈ ৰাজ্যত সৃষ্টি হোৱা পৰিৱেশক লৈ কোনো অশান্তিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয়, তাৰ বাবে সজাগ সচেতন হৈ থাকিবলৈও আহ্বান জনায়।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত অসম আৰক্ষীৰ অৱসৰী আইজিপি দেৱৰাজ উপাধ্যায় ,অৱসৰী প্ৰশাসনিক বিষয়া নৰেশ্বৰ উপাধ্যায়,অসম পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন বিভাগৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ,উত্তৰ পূৰ্বাঞ্চল বিশ্ব হিন্দু পৰিষদৰ ক্ষেত্ৰ মন্ত্ৰী কুমুদ বৰঠাকুৰ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে৷