মুখ্য-পৃষ্ঠা

বিশ্বৰ কেইবিধমান অমৰ প্ৰাণীৰ বিষয়ে জানো আহক...

Asomiya Pratidin

আমি সকলোৱে শুনিছো বা সকলোৰে মুখে মুখে প্ৰচলিত কথা যে মেকুৰীৰ নটা জীৱন থাকে।কিন্তু পৃথিৱীত এনেকুৱা কিছুমান প্ৰজাতিৰ প্ৰাণী আছে,যি অমৰ।অমৰত্ব অৰ্থ হৈছে অনন্ত জীৱন।,যিটো হৈছে চিৰকাল জীয়াই থকাৰ ক্ষমতা।আজি তেনেকুৱা কিছুমান প্ৰাণীৰ বিষয়ে জানো আহক–

টুৰিটপচিছ ডহ্ৰনি (Turritopsis dohrnii) হৈছে ভূমধ্য সাগৰৰ আৰু জাপানৰ আশে পাশে পোৱা জেলিফিছৰএটা প্ৰজাতি আৰু ইয়াক অমৰ জেলিফিছ বুলিও জনা যায়। জেলিফিছ আকাৰত ঘন্টা আকৃতিৰ আৰু মাত্ৰ প্ৰায় পাঁচ চেণ্টিমিটাৰ ডাঙৰ আৰু ৮ ৰ পৰা ৯০ টা টেন্টেকেল থাকে।

জিলিফিছ কেৱল জৈৱিকভাৱে হে অমৰ। ইহঁত শিকাৰু,সাগৰীয় কাঁচ, টুনা আৰূ হাংগৰ (স্বাৰ্ক)ৰ অতি প্ৰিয় খাদ্য। ইহঁত ট্ৰেন্সডিফাৰেন্সিয়েচন প্ৰক্ৰিয়াৰ বাবে জীয়াই থাকে যাৰ দ্বাৰা এটা কোষ এটা প্ৰকাৰৰ পৰা আন এটা প্ৰকাৰলৈ ৰূপান্তৰিত হয়।যদি জেলিফিছ আঘাত প্ৰাপ্ত বা অসুস্থ হয়,তেন্তে ই তিনিদিনৰ ভিতৰত নিজৰ প্লিজ পৰ্য্যায়লৈ ঘূৰি আহে,ইয়াৰ কোষবোৰক কম বয়সীয়াল অৱস্থালৈ ৰূপান্তৰিত কৰে আৰু শেষত পুনৰ ইয়াৰ বয়স বৃদ্ধি পায়।

আন এবিধ প্ৰাণী হ'ল আলাস্কাৰ কাঠ বেং (Alaskan Wood Forg)। প্ৰতি ছেপ্টেম্বৰ মাহত এই প্ৰাণীবিধ আচৰিত ধৰণে নিথৰ হৈ পৰে। ইহঁতৰ শৰীৰৰ দুই তৃতীয়াংশ পানী বৰফলৈ পৰিণত হৈ যায়। ফলত ইহঁতি মৃত নে জীৱিত ধৰিবই নোৱাৰি।

এসময়ত ইহঁতৰ হৃদস্পন্দন বন্ধ হৈ যায়,তেজ চলাচল বন্ধ হয় আৰু গ্লুকজৰ মাত্ৰা অতিমাত্ৰা বৃদ্ধি পায়।সকলোতকৈ আচৰিত কথাটো হ'ল এই নিথৰ অৱস্থাত ইহঁতে শূন্য ডিগ্ৰী নিম্ন উষ্ণতা সাত মাহ পৰ্যন্ত সহ্য কৰিব পাৰে। আৰু তাৰ পিছত বসন্ত অহাৰ লগে লগে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে।

বিশ্বৰ অন্য এবিধ অমৰ প্ৰাণীৰ হ'ল প্লেনেৰিয়ান ফ্লেটৱৰ্ম (Planarian Flatworm) । এইবিধ প্ৰাণীয়ে নিজকে দুভাগ কৰি পুনৰ সম্পূৰ্ণ শৰীৰ গঢ়ি তুলিব পাৰে। এইবিধ প্ৰাণীৰ মূৰটো কাটিলেও স্মৃতি ধৰি ৰাখিব পাৰে। আৰু যদি ইহঁতক সৰু সৰু টুকুৰাত কাটি পেলোৱা হয় তেতিয়া প্ৰতিটো টুকুৰাই নিখুঁতভাৱে অক্ষত কৃমিৰ দৰে কাম কৰিবলৈ আৰম্ভ কৰে।

প্লেনেৰিয়ান ফ্লেটৱৰ্ম প্ৰজাতিৰ কিছুমানে জৈৱিক প্ৰক্ৰিয়াৰে বংশবৃদ্ধি কৰে আৰু আন কিছুমানে নিজকে দুভাগ কৰি পেলাই। ইহঁতক পৰ্যাপ্ত খাদ্য দিলে নিজকে আধা কৰি বাৰে বাৰে দুগুণ কৰি লব পাৰে।

অন্য এবিধ অমৰ সৰু অকৃষি প্ৰাণী হৈছে হাইড্ৰা (Hydra)।গ্ৰীক পৌৰাণিক কাহিনীত এইবিধ প্ৰাণীক সাপ হিচাপেও জনা যায়।হাইড্ৰা হৈছে চিনিডাৰিয়া বংশ আৰু হাইড্ৰ'জ'য়া শ্ৰেণীৰ জীৱৰ এটা প্ৰজাতি।ইহঁত নাতিশীতোষ্ণ আৰু গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বাস কৰে।এই বিধ প্ৰাণীয়ে মূৰৰ পুনৰ উৎপাদন ঘটাব পাৰে।এইবিধ প্ৰাণীৰ বাধক্যত মৃত্যু নহয়।এইবিধ জীৱন দেখাত অক্টোপাছ সদৃশ।

বিশ্বৰ অমৰ শ্ৰেণী জীৱৰ আন এবিধ হৈছে টাৰ্ডিগ্ৰেড (Tardigrade)।এইবিধ প্ৰাণীক কোনো কোনো ঠাইত পানী ভালুক বানৰ শৈবাল গাহৰিৰ পোৱালি বুলিও কোৱা হয়।টাৰ্ডিগ্ৰেড সাধাৰণতে সম্পূৰ্ণৰূপে বৃদ্ধি হ'লে প্ৰায় ০.৫ মিলিমিটাৰ দীঘল হয়। ইহঁত আকাৰত চুটি আৰু ডাঠ, চাৰিযোৰ ভৰি থাকে।

এইবিধ প্ৰাণীয়ে অতি উষ্ণতা,চৰম তাপ,বায়ুৰ অভাৱ,বিকিৰণ আদি পৰিস্থিতিতো জীয়াই থাকিবলৈ সক্ষম হয়। টাডিগ্ৰেডৰ বংশত প্ৰায় ১৩০০ প্ৰজাতি আছে। পৃথিৱীৰ সকলো জীৱৰ বাবে পানী মূল উপাদান যদিও টাডিগ্ৰেডে পানী অবিহনেও জীৱিত থাকিব পাৰে।

এই পাঁচবিধ জীৱ হৈছে বিশ্বৰ অমৰ জীৱৰ শৰীৰ। এনেকুৱা আৰু কেইবাবিধো জীৱ আছে, যাৰ জৈৱিক মৃত্যু অসম্ভব।