ধেমাজিত বিদ্যালয় একত্ৰীকৰণকলৈ ৰাইজৰ প্ৰতিবাদ 
মুখ্য-পৃষ্ঠা

ধেমাজিত বিদ্যালয় একত্ৰীকৰণকলৈ ৰাইজৰ প্ৰতিবাদ...

Asomiya Pratidin

ডিজিটেল সংবাদ,ধেমাজিঃ শিক্ষামন্ত্ৰীৰ গৃহ জিলাত বিদ্যালয় একত্ৰীকৰণকলৈ একাংশ ৰাইজৰ ব্যাপক প্ৰতিক্ৰিয়া। শিক্ষা বিভাগৰ এনে একাংশ অবিবেচক বিষয়া - কৰ্মচাৰীৰ টোঘলকী সিদ্ধান্তই ধেমাজিৰ প্ৰাথমিক স্তৰৰ কণ কণ ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতলৈ অন্ধকাৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে।

স্থানীয় একাংশ ৰাইজে উল্লেখ কৰে যে, আশ্চৰ্যজনকভাৱে বিদ্যালয় একত্ৰীকৰণৰ নামত পকীগৃহ - পকী বাউণ্ডাৰী ৱাল আৰু খোৱাপানী - প্ৰসাৱগাৰ থকা 'ধেমাজি চমৰাজানৰ কপাহতলী নিম্ন প্ৰাথমিক বিদ্যালয়খন' বাঁহৰ বেৰৰ মাত্ৰ ১৬ জন ছাত্ৰ- ছাত্ৰী থকা এটা কোঠাযুক্ত 'জীয়াধলচুক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ' লগত একত্ৰীকৰণ কৰাত অঞ্চলটোৰ একাংশ ৰাইজৰ ক্ষোভৰ সৃষ্টি হৈছে ৷

উল্লখযোগ্য যে, বিদ্যালয়ৰ একত্ৰীকৰণৰ নিৰ্দেশৰ পিছত কপাহতলী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক- শিক্ষয়ত্ৰী সকলে ইতিমধ্যে আন বিদ্যালয়লৈ বদলি সূত্ৰে গুছি গ''লেও কিন্তু ছাত্ৰ- ছাত্ৰী সকলে জীয়াধল চুক প্ৰাথমিক বিদ্যালয়লৈ যাবলৈ অনিচ্ছুক হোৱাত কপাহতলী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়খনৰ পৰিৱৰ্তে স্থানীয় ৰাইজে নিজাববীয়াকৈ পাঠদান অব্যাহত ৰাখি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কাৰ্য্যসূচী অব্যাহত ৰাখে ৷ ৰাজ্যৰ শিক্ষা মন্ত্ৰীৰ গৃহ জিলাৰ শিক্ষা বিভাগৰ বিষয়া - কৰ্মচাৰীৰ একত্ৰীকৰণৰ নামত এনে আচৰিত কাণ্ডই একাংশ ৰাইজক হতবাক কৰি তুলিছে ৷

আৰু পঢ়কঃ মেঘালয়ৰ ৭ খন জিলাত কৰ্তন কৰা হৈছে মোবাইল ইণ্টাৰনেট সেৱা...