মুখ্য-পৃষ্ঠা

সোণাল মানসিঙলৈ ২০২৩বৰ্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে ঘোষণা কৰিলে ২০২৩বৰ্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা। এই বঁটা প্রসিদ্ধ নৃত্যশিল্পী ড০ সোণাল মানসিঙলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। বুধবাৰে ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণৰ কথা মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ঘোষণা কৰে।

ভাৰতীয় শাস্ত্রীয় নৃত্যশিল্পী ড০ মানসিং ভাৰত নাট্যম আৰু ওডিচি নৃত্য শিল্পীৰ গুৰু। মুম্বাইত ১৯৪৪ চনত জন্মগ্রহণ কৰা মানসিঙে ১৯৬২ চনৰ পৰা নৃত্যৰ অনুশীলন আৰম্ভ কৰে। মুম্বাইত আৰংগাত্ৰমৰ পাছত তেওঁ ১৯৭৭ চনত নতুন দিল্লীত চেণ্টাৰ ফৰ ইণ্ডিয়ান ক্লাচিকেল ডান্স নামৰ অনুষ্ঠানটো প্রতিষ্ঠা কৰে।

১৯৮৭ চনত সংগীত নাট একাডেমী বঁটা লাভ কৰা ড০ মানসিঙক কেন্দ্রীয় চৰকাৰে ১৯৯২ চনত পদ্মভূষণেৰে সন্মানিত কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰদান কৰি অহা শ্রীমন্ত শংকৰদেৱ বঁটাত আছে ৫০ লাখ টকা, এটা সোণৰ পদক আৰু এখন প্রশস্তি পত্র। নৱেম্বৰ মাহত ৰাজ্যত আয়োজিত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।