মুখ্য-পৃষ্ঠা

সোণাপুৰত টেক্টৰসহ ৪জন সন্দেহজনক লোকক আটকঃ এজাহাৰ দাখিল

Asomiya Pratidin

ডিজিটেল সংবাদ,সোণাপুৰঃ নৱগঠিত ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ বিভিন্ন অঞ্চলত কিছুদিন ধৰি একাংশ সন্দেহজনক লোক প্ৰৱেশ কৰাক কেন্দ্ৰ কৰি  অঞ্চলটোৰ সচেতন লোক সকল চিন্তিত হৈ পৰিছে ৷ এই পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪বজাত সোণাপুৰৰ কচুতলিত সন্দেহজনক লোকৰ বাসগৃহ জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ লগতে আন কেইবাটাও ঘৰত বিদ্যুৎ সংযোগ কৰ্তন কৰে।

দীৰ্ঘদিন ধৰি এই অঞ্চলটোত সন্দেহজনক লোকে বসবাস কৰি অঞ্চলটোৰ জনবিন্যাস সলনি কৰাটো বহু স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল ৷ ইপিনে যোৱা নিশা ১১মান বজাত  সোণাপুৰ থানাৰ অন্তৰ্গত কলংপাৰৰ বৰবিলাৰ পৰা দুখন টেক্টৰ সহ ৪জন সন্দেহজনক লোকক স্থানীয় ৰাইজে আটক কৰে ৷ আন চাৰিখন টেক্টৰ সামগ্ৰী সহ আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়। ইয়াৰে এখন টেক্টৰ সামগ্ৰীসহ হহঁৰাত দুৰ্ঘটনাগ্ৰস্ত হয় ।

উল্লেখ্য যে দুয়োখন টেক্টৰতে ঘৰ নিৰ্মাণৰ বিভিন্ন সামগ্ৰীৰ লগতে ঘৰুৱা বিভিন্ন সামগ্ৰী আছিল ৷ জানিব পৰা মতে, মৰিগাওঁ জিলাৰ মায়ঙৰ নাঙেলী চৰ অঞ্চলৰ পৰা কলং নদীৰে উজাই আহি বৰবিলাত দুয়োখন টেক্টৰতে ঘৰ নিৰ্মাণৰ বিভিন্ন সামগ্ৰী লৈ কলংপাৰ বৰবিলা হৈ সোণাপুৰৰ কচুতলি অভিমুখে গৈ আছিল ৷ তেনে সময়তে সন্দেহজনক দুখন টেক্টৰ নিশাই স্থানীয় লোকে জব্দ কৰি সোণাপুৰ আৰক্ষীক গতাই দিয়ে ৷

ইফালে এখন টেক্টৰ দুৰ্ঘটনাৰ পিছতে বদৰুল ইছলাম নামৰ টেক্টৰ চালকজন আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে ৷ নিশা আমিনুল  আলিৰ (20) ,লগতে উহাব আলি (55) ,নুৰ ইছলাম (30) আৰু আজুদ্দিন আলিক (30) সোধাপোচাৰ বাবে আৰক্ষীয়ে আটক কৰিছে। ইপিনে আৰু ৪খন টেক্টৰ আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰা বুলি স্থানীয়  লোকৰ লগতে দল সংগঠনে উল্লেখ কৰে।

এনে সন্দেহজনক লোকে নিশা অঞ্চলটোলৈ প্ৰৱেশ কৰিব বিচৰা ঘটনাই অঞ্চলটোক চিন্তিত কৰি তুলিছে। এনে ঘটনাৰ পিছতে আজি ডিমৰীয়াৰ বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ঘটনাটোৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ  সোণাপুৰ থানাত এজাহাৰ দাখিল কৰে ৷ আজি দিনৰ ১২ বজাত যুব নেতা দিব্যজ্যোতি মেধিয়ে সোণাপুৰ আৰক্ষী থানাত উপস্থিত হৈ সন্দেহ জনক লোকক ডিমৰীয়ালৈ অনা দালাল নজৰুল ইছলামক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল কৰে।

এজাহাৰত ২৬ মে'ত সোণাপুৰৰ কপালকাতাত হোৱা অগ্নিকাণ্ডত উদ্ধাৰ হোৱা কেইবাহাজাৰ বাংলাদেশী আধাজ্বলা নোট সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ইপিনে কিছু সময় পিছতে আন্তঃ ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাই এজাহাৰত উল্লেখ কৰা মতে ইছলাম উপাধিৰ লোকজনে ধনৰ বিনিময়ত বহু সন্দেহযুক্ত লোকক সোণাপুৰ পঞ্চায়তৰ অন্তৰ্গত কচুতলি, সোণাপুৰ পথাৰ, কপালকাটা, পাৰগোমা, বেলটিলা আদি ঠাইত মাটি দি সংস্থাপন কৰে ৷

এনেদৰে বিগত ১০বছৰত দালালৰ সহযোগত ১৫ হাজাৰতকৈ অধিক সন্দেহ যুক্ত ব্যক্তিক স্থায়ীভাৱে সংস্থাপিত কৰিছে ৷ এনেদৰে ডিমৰীয়াৰ বহু ট্ৰাইবেল বেল্টৰ ভূমিত সন্দেহ যুক্ত লোকৰ প্ৰৱেশে চিন্তিত কৰিছে সচেতন লোকক ৷ টেক্টৰ আৰু আটক কৰা লোককেইজনৰ ঘটনাটোৰ লগতে অঞ্চলটোত সন্দেহযুক্ত লোকৰ প্ৰৱেশৰ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্ত কৰিবলৈ বিশ্ব হিন্দু পৰিষদৰ ডিমৰীয়া শাখাই এজাহাৰ দাখিল কৰে ৷

ইপিনে,ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, তিৱা ছাত্ৰ সন্থা, বডো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ইউ বি পি এফ সংগঠন কেইটাই সন্দেহজনক নাগৰিকৰ দ্বাৰা বেদখল কৰা ভূমিসমূহ মুক্ত কৰাৰ বাবে জিলা উপায়ুক্ত,সোণাপুৰ চক্ৰ বিষয়া আৰু সোণাপুৰ থানাত লিখিত অভিযোগ দাখিল কৰিছে ৷ আনহাতে বৰবিলা অঞ্চলটো আজি প্ৰশাসনে ৫টা অবৈধ ভাৱে চৰকাৰী ভূমিত নিৰ্মিত ঘৰ উচ্ছেদ কৰে।