মুখ্য-পৃষ্ঠা

২০আগষ্টত চতিয়া দিৱসঃ বিধানসভাৰ সিদ্ধান্তৰ পাছতে চতিয়াত আনন্দৰ জোৱাঁৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ২০২৫বৰ্ষৰ পৰা ২০আগষ্টৰ দিনটো চৰকাৰী ভাৱে 'চতিয়া দিৱস' হিচাপে পালন কৰা হ'ব বুলি অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাই ঘোষণা কৰাৰ পাছতে উৎফুল্লিত হৈ পৰিছে চতিয়াবাসী ৰাইজ। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে চতিয়া নগৰত ফটকা আতজবাজী ফুটাই চতিয়াৰ ৰাইজে আনন্দ ফুৰ্টি কৰা দেখা পোৱা গল।

ঐতিহাসিক ২০ আগষ্টৰ দিনটো চতিয়া দিৱস চৰকাৰীভাৱে পালন কৰাৰ ঘোষণা কৰাত চতিয়া অঞ্চলটোত আনন্দৰ জোৱাৰ ৷ চতিয়াৰ ঐতিহাসিক চতিয়া থানাৰ চৌহদত চতিয়াৰ ৰাইজে সন্ধিয়াৰ ভাগত বন্তি প্ৰজ্জলন কৰে । চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কালি বিধাণ সভাৰ মজিয়াত চতিয়াবাসী ৰাইজৰ আবেগৰ লগত সংপৃক্ত হৈ থকা 'চতিয়া দিৱস' ক চৰকাৰীভাৱে স্বীকৃতি প্ৰদানৰ বাবে আহ্বান জনাইছিল আৰু ইয়াৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই অহা বছৰৰ পৰা ২০ আগষ্ট দিনটো চৰকাৰী ভাৱে চতিয়া দিৱস:হিচাপে পালন কৰাৰ কথা বিধান সভাত ঘোষণা কৰে।

উল্লেখ্য যে ১৯৪২ চনৰ ২০আগষ্টত স্বাধীনতা সংগ্ৰামী সকলে দেশৰ ভিতৰতে পোন প্ৰথমবাৰৰ বাবে চতিয়া থানাত বৃটিছৰ পতাকা নমাই ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল। এই স্বৰ্ণিল ইতিহাস সুঁৱৰি চতিয়াবাসী ৰাইজে '২০আগষ্ট'ৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰি আহিছিল যদিও চৰকাৰীভাৱে স্বীকৃতি লাভ কৰা নাছিল। অৱশেষত স্বীকৃতি পাই চতিয়াৰ ঐতিহাসিক থানা চৌহদত চতিয়াৰ ৰাইজে মুখ্যমন্ত্ৰীক আৰু বিধায়ক পদ্ম হাজৰিকাক ৰাজহুৱা ভাৱে কৃতজ্ঞতা জনোৱাৰ লগতে ঢোলে দগৰে এক উৎসৱ মুখৰ পৰিবেশ আৰু আতচবাজী ফুটুৱাই আবতৰীয়া দিপাৱলীৰ সৃষ্টি হয়।