মুখ্য-পৃষ্ঠা

অচিৰেই সলনি হ'ব অসম বিজেপিৰ ৩ সাধাৰণ সম্পাদক...

Asomiya Pratidin
অসম বিজেপিত ভিতৰি ভিতৰি চলি থকা কন্দলৰ ওৰ পেলাব আৰ এছ এছে! লোকসভা নিৰ্বাচনৰ পাছতে বিজেপিক আৰু অধিক সবল কৰিবলৈ সংঘৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিছে নেতৃত্বই। আৰু এই সংঘৰ নিৰ্দেশ অনুসৰিয়েই অচিৰেই অসম বিজেপিৰ ৩সম্পাদকক অপসাৰণ কৰা হব। অসমীয়া প্ৰতিদিন ডিজিটেল এক ৰাজনৈতিক প্ৰতিবেদন...

অসমত শাসকীয় বিজেপিৰ দশা ভাল চলি থকা নাই। ভিতৰি ভিতৰি বিজেপি আৰু সংঘৰ পৰিয়ালৰ মাজত চলা অন্তদ্বন্দই অস্বস্তিত পেলাইছে চৰকাৰকো। দলটোৰ ৰাজ্যিক নেতৃত্বত থকা বহু বিষয়-ববীয়াক অচিৰেই বিদায় দি সেই স্থানত সংঘৰ প্ৰতি অনুগত্য থকা নেতাক অধিষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে।

বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ তিনিগৰাকী সাধাৰণ সম্পাদকক অব্যাহতি দিবলৈ সিদ্ধান্ত চূড়ান্ত কৰা হৈছে। সেই স্থানত আৰ এছ এছৰ সমৰ্থনযুক্ত ৩গৰাকী নেতাক অহা আগষ্টৰ ভিতৰত নিযুক্তি দিব ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক হিচাপে।

জে পি নড্ডাকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই নাগপুৰৰ সৈতে দুৰত্ব বজাই ৰখাৰ ইংগিত লোকসভা নিৰ্বাচনৰ সময়ত দিছিল। নিৰ্বাচনৰ ফলাফলে তেনে সম্ভাৱনাক পুনৰ বিবেচনা কৰাৰ অৱকাশ দিয়াৰ পাছতে আৰ এছ এছে বিষয়টো সাংগাঠনিক দিশত গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

এইখিনিতে মন কৰিব লগা যে, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ নতুন সভাপতি হিচাপে ৰাকেশ দাসক নিযুক্তি দিয়াতো এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কিয়নো ৰাকেশ দাস আৰ এছ এছৰ সৈতে প্ৰত্যক্ষ সম্পৰ্কত থকা এজন যুৱ নেতা।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই এই পদটোত কাক নিযুক্তি দিব তাক লৈ গুণাগথাঁ চলিছিল। বিজেপিৰ ৰাজ্যিক নেতৃত্বই সিদ্ধাংকু অংকুৰ বৰুৱাক অপসাৰণ কৰি ৰাকেশ দাসক এই পদত নিযুক্তি দিবলৈ বাধ্য হয় কেৱল আৰ এছ এছ হেঁচাৰ বাবে।

উল্লেখযোগ্য যে, ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ ফলাফলৰ সন্দৰ্ভত ১৮জুলাইত বাজপেয়ী ভৱনত এক পৰ্যালোচনা বৈঠক হৈছিল। সেই বৈঠকতে আন ১৩টা সমষ্টিৰ লগতে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীয়ে পোৱা ভোটৰ হিচাপৰ বিশ্লেষণ কৰিছিল।

মন কৰিব লগা যে, লোকসভা নিৰ্বাচনত গৃহ বুথ আৰু ৱাৰ্ডত যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকুৱে কম ভোট লাভ কৰিছিল। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত সিদ্ধাংকু অংকুৰ বৰাই তেওঁৰ গৃহ ৱাৰ্ড নং-১০ত ৩৪১টা ভোট লাভ কৰিছিল। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ৬৩৭টা ভোট।

ইফালে অপসাৰিত যুৱ মৰ্চাৰ সভাপতিজনৰ গৃহ বুথত কংগ্ৰেছে ৪৮৭টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ২৬২টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল। এইখিনিতে উল্লেখযোগ্য যে, গৃহ জিলা যোৰহাটত বিজেপিৰ ভালেকেইজন নেতাই কংগ্ৰেছতকৈ কম ভোট লাভ কৰিছিল নিজৰ গৃহ বুথ আৰু ৱাৰ্ডত।

সেইসকল নেতা আৰু প্ৰত্যক্ষভাৱে বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত নমা সকলৰ বিৰুদ্ধে কম ভোট পোৱাৰ অভিযোগত অৱশ্যে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই দলৰ নেতৃত্বই। আনহাতে ১৫আগষ্টৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাও সম্প্ৰসাৰণ কৰা হব।

ইফালে খবৰ ওলাইছিল যে, শেহতীয়াকৈ যুৱ মৰ্চাৰ সভাপতি পদটোৰ বাবে ৰাজ্যিক বিজেপিৰ ভিতৰ চৰাতে তিনিটা ফৈদঁৰ সৃষ্টি হৈছিল। এটা শক্তিয়ে সিদ্ধাংকু অংকুৰ বৰুৱাকে পুনৰ এই পদটোত ৰাখিব বিচাৰিছিল। ইফালে এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ ফৈঁদে ঋষিৰাজ হাজৰিকা নামৰ এগৰাকী যুৱ নেতাক এই দায়িত্ব দিবলৈ উঠিপৰি লাগিছিল। কিন্ত সৰ্বশেষত সংঘৰ পচন্দ ৰাকেশ দাসকে প্ৰদান কৰা হল দায়িত্ব।