মুখ্য-পৃষ্ঠা

অলিভ অইলঃ হাৰ্ট এটেক, ডায়েবেটিছৰ মহৌষধ...

Asomiya Pratidin
আমি বহুতেই নাজানো অলিভ অইলৰ উপকাৰিতাৰ বিষয়ে। বহু ঔষধি গুণেৰে ভৰপূৰ অলিভ অইলক লৈ আমাৰ মাজত বহুতৰে নাই সম্যক ধাৰণা। অলিভ অইলৰ ইতিহাস, উপকাৰিতাৰ বিষয়ে চয়নিকা শইকীয়াৰ এক বিশেষ প্ৰতিবেদন...

আমি বহুতেই হয়তো নাজানো অলিভ অইলৰ উপকাৰিতাৰ বিষয়ে। অইল বা তেল বুলি কলেই সাধৰণতে ধৰি লোৱা হয় যে, ই স্বাস্থ্যৰ বাবে বৰ বিশেষ উপকাৰী নহয়। কিন্তু আমি সচৰাচৰ খাদ্য প্ৰস্তুতকৰণৰ বাবে ব্যৱহাৰ কৰা তেলতকৈ অলিভ তেল বা অইল উপকাৰিতা অধিক।

বহুতেই ভাৱে যে, অলিভ অইল মানে অসমীয়াত জলফাইৰ তেল। আচঁলতে অলিভ অইল মানে জলফাইৰ পৰা প্ৰস্তুত কৰা তেল নহয়। জলফাইৰ ইংৰাজী ৰূপান্তৰ সাধাৰণতে বহুতে Olive plant বুলি জনা বা ধৰি লোৱাৰ কাৰণে বহুতে আমাৰ স্থানীয় জলফাইৰপৰা বজাৰত কিনিবলৈ পোৱা ‘অলিভ অইল’ আদি সামগ্ৰীবোৰ উৎপাদন কৰে বুলি পতিয়ন গৈ আছে।

জলফাই গছজোপাৰ ইংৰাজী নাম Olive plant বুলি গণ্য কৰি লোৱাৰ কাৰণেই বহুতৰে এনে খেলিমেলি হোৱাটো ধুৰুপ। প্ৰকৃততে জলফাইৰ ইংৰাজী ৰূপান্তৰ Indian olive plant হে। Olive plant (অলিভ) আৰু Indian olive plant (জলফাই) সম্পূৰ্ন দুবিধ পৃথক উদ্ভিদ প্ৰজাতি।

প্ৰায় ৭০০০ বছৰৰ পূৰ্বৰপৰা অলিভ গছৰ খেতি কৰাৰ তথ্য আছে। বহু পুৰণিকালৰ পৰা অলিভ তেলক এবিধ পৱিত্ৰ তেলৰূপে গ্ৰীকসকলে ব্যৱহাৰ কৰি আহিছে। গ্ৰীচত অনুষ্ঠিত প্ৰথম অলিম্পিকত শিখা জ্বলাবলৈ অলিভ তেল ব্যৱহাৰ কৰা হৈছিল।

সেই অলিম্পিকৰ খেলত জয়ীসকলক অলিভ পাতেৰে সজা মুকুট অৰ্পণ কৰি সন্মানিত কৰিছিল। অলিভ গছ খুব টান, বেমাৰ প্ৰতিৰোধক, জুই প্ৰতিৰোধক আৰু খৰাং বতৰতো তিষ্ঠি থাকিব পৰা গুণৰ কাৰণে বহু বছৰ জীয়াই থাকিব পাৰে।ভুমধ্যসাগৰীয় অঞ্চলত ২০০০ বছৰতকৈ অধিক কাল জীয়াই থকা বহুতো অলিভ গছ আছে।

এটা কথা জানি আচৰিত হব যে, নাৰিকল তেলৰ তুলনাত, অলিভ অইল অধিক স্বাস্থ্যকৰ  ।বহুতো কাৰকে এই সত্যটোত অৰিহণা যোগাইছে। অলিভ অইলক মেডিটেৰিনিয়ান আহাৰৰ এটা অংশ বুলি গণ্য কৰা হয়। ইয়াক আটাইতকৈ স্বাস্থ্যকৰ আহাৰ বুলি বিশ্বাস কৰা হয়, যাক সমগ্ৰ বিশ্বতে গ্ৰহণ কৰা হয় ।

মেডিটেৰিনিয়ান আহাৰ হৃদৰোগ, কৰ্কট ৰোগৰ প্ৰকাৰ, ডায়েবেটিচৰ আশংকা হ্ৰাস কৰাত কাৰ্যকৰী আৰু ই ওজন হ্ৰাস কৰাত সহায় কৰে । অলিভ অইল অধিক স্বাস্থ্যকৰ হোৱাৰ আন এটা কাৰণ হৈছে ইয়াত ভাল সংপৃক্ত চৰ্বি থাকে, যাৰ ভিতৰত আছে মনোআনচেচুৰেটেড চৰ্বি আৰু পলিআনচেচুৰেটেড চৰ্বি । 

মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, যকৃতৰ সমস্যা, হাৰ্ট এটেক, হৃদৰোগ, ক’ৰ’নাৰী ধমনী ৰোগ আৰু ট্ৰিপল ভেছেল ডিজিজ আদি ৰোগৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত ৰন্ধন তেল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় ৷ এনেক্ষেত্ৰত অলিভ অইল আপোনাৰ আটাইতকৈ লাভদায়ক প্ৰমাণিত হ’ব পাৰে ৷ অধিকাংশ স্বাস্থ্য বিশেষজ্ঞই এক্সট্ৰা ভাৰ্জিন অলিভ অইলক স্বাস্থ্যৰ বাবে ভাল বুলি মতপোষণ কৰিছে।

 থোৰতে জানি লওক আহক, অলিভ অইলৰ চাৰিটা বিশেষ উপকাৰিতা-

হাৰ্ট এটেকৰ পৰা সুৰক্ষা প্ৰদান

এক্সট্ৰা ভাৰ্জিন অলিভ অইলক মনোঅনচেচুৰেটেড ফেটৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, ই তেজত বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি নকৰে, যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ৷ গতিকে অলিভ অইলৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায় ৷

ডায়েবেটিছৰ সম্ভাৱনা কম কৰে

বহু গৱেষণাত প্ৰমাণিত হৈছে যে যদি আপুনি নিয়মিতভাৱে এক্সট্ৰা ভাৰ্জিন অলিভ অইল যদি সেৱন কৰে তেন্তে টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনাৰ পৰাও মুক্ত হ’ব পাৰিব কাৰণ ইয়াত ফেনলিক যৌগ থাকে যিয়ে ইনচুলিনৰ মাত্ৰা উন্নত কৰাত সহায় কৰে ৷

হাড়বোৰ মজবুত হৈ উঠিব

যদি আপোনাৰ হাড় দুৰ্বল হয় তেন্তে আপুনি দৈনন্দিন জীৱনৰ স্বাভাৱিক কাম-কাজ কৰাত বহুত অসুবিধাৰ সন্মুখীন হ’ব পাৰে, সেয়েহে শক্তিশালী হাড়ৰ বাবে আপুনি নিয়মিতভাৱে এক্সট্ৰা ভাৰ্জিন অলিভ অইল খোৱাটো উচিত ৷

ওজন বজাই ৰখাত সহায়ক  হ’ব

ৰন্ধন তেল ওজন বৃদ্ধিৰ বাবে দায়ী কাৰণ ইয়াত চেচুৰেটেড ফেট থাকে, যাৰ ফলত পেট আৰু কঁকালৰ চৰ্বি বৃদ্ধি পায় ৷ ইয়াৰ পৰিৱৰ্তে এক্সট্ৰা ভাৰ্জিন অলিভ অইল ব্যৱহাৰ কৰিলে ক্ৰমান্বয়ে আপোনাৰ ওজন কমিবলৈ আৰম্ভ কৰিব ৷

অলিভ অইলক যে খাদ্য প্ৰকৰণৰ বাবে ব্যৱহাৰ কৰে এনে নহয়, আপুনি ক'লা আৰু ঘন চেলাউৰিৰ বাবে অলিভ অইল ব্যৱহাৰ কৰিব পাৰে। ২-৩ টোপাল অলিভ অইল লৈ চেলাউৰিত ১০ মিনিটৰ বাবে মালিচ কৰিব।এনে কৰিলে চেলাউৰিৰ বিকাশ দ্ৰুততৰ হয়।

শীতকালত যদিহে ছালত কেৱল অলিভ অইল লগাই তেতিয়া আৰ্দ্ৰতাৰ ফলত আপোনাৰ ছালখন শুকান হ’ব পাৰে। যদিহে আপুনি সৰিয়হৰ তেল মিহলি কৰে তেতিয়া হ’লে আপোনাৰ ছালখন ৰুক্ষ তথা খহটা হোৱাৰ পৰা হাত সাৰিব পাৰিব। প্ৰতিদিনে অলিভ অইল লগোৱাৰ ফলত ছালত মৃত কোষ জমা নহয়। লগতে, ছালখনৰ উজ্জ্বলতা বৃদ্ধি পায়।

এনেদৰেই আছে অলিভ অইলৰ বহু উপকাৰিতা। অৱশ্যে সাধাৰণ তেলতকৈ এই তেলৰ দামো বেছি। কিন্তু বহুলোকে এতিয়াও অলিভ অইলৰ এনে বহু উপকাৰিতাৰ বিষয়ে সম্যক জ্ঞানৰ অভাৱ।