মুখ্য-পৃষ্ঠা

দীপাৱলীৰ পাৰ্টী, এটা দুৰ্ঘটনা আৰু চূৰমাৰ দুখন ঘৰৰ সপোন...

Asomiya Pratidin

দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে গুৱাহাটীৰ খানাপাৰাত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গল দুগৰাকী শিক্ষাৰ্থীৰ। ৩১অক্টোবৰ, ২০২৪ৰ নিশা হোটেল ভিভান্টাৰ সমীপৰ ফুটব্ৰীজৰ কাষতে সংঘটিত গৈছিল এই দুৰ্ঘটনাতো।

তিনিদিনৰ পূৰ্বে ক্ৰয় কৰিছিল কলা ৰঙৰ স্কৰপিঅ বাহনখন

বাৰৰ পৰা ওলাই আহিছিল দুৰ্ঘটনাগ্ৰস্ত যুৱক-যুৱতী-

দীপাৱলীৰ নিশা বাৰৰ পৰা ওলাই আহিছিল ক’লা স্ক’ৰপিঅ’খনত থকা তিনি যুৱক যুৱতী । তিনি যুৱক-যুৱতীৰ হাতত আছিল বাৰৰ এণ্ট্ৰী টেগ । ইউ-টাৰ্ণ লোৱাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই আনখন বাহনত প্ৰচণ্ড খুন্দা মাৰে স্কৰপিঅ’খনে । দ্ৰুতবেগী স্কৰপিঅ’ৰ খুন্দাত ভাঙি চূৰমাৰ হৈ পৰে খানাপাৰাৰ ফুটব্ৰীজখন ।

খানাপাৰা দিশৰ পৰা তীব্ৰ বেগত আহিছিল ক’লা ৰঙৰ স্ক’ৰপিঅ’খন । ছয় মাইল ফালৰ পৰা পৰা আহি আছিল বগা ৰঙৰ স্ক’ৰপিঅ’খন । বগা ৰঙৰ স্ক’ৰপিঅ’খনে খানাপাৰৰ ফুটব্ৰীজৰ তলতে চাইন্স মিউজিয়ামৰ ফালে সোমাব লওঁতেই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে ক’লা ৰঙৰ স্কৰপিঅ’খনে । ফলত ৰেলিং ভাঙি ফুটব্ৰীজৰ ওপৰলৈ উঠি যায় ক’লা স্ক’ৰপিঅ’খন । ফুটব্ৰীজৰ ওপৰত খুন্দা মাৰি পুনৰ তলত পৰে বাহনখন ।

দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী

বাহনত কোন কোন আছিল-

বাহনখনত আছিল দুগৰাকী যুৱতীসহ এজন যুৱক । ইয়াৰে দুই যুৱক-যুৱতীৰ থিতাতে মৃত্যু হয় । বাহনখনত থকা আন এগৰাকী যুৱতী গুৰুতৰভাৱে আহত হয় । আহত যুৱতীগৰাকীক GMCH ত ভৰ্তি কৰা হৈছিল যদিও শেহতীয়াকৈ ঘৰলৈ যাবলৈ দিয়া হৈছে। ইফালে বগা ৰঙৰ স্কৰপিঅ’খনৰ চালকজনো গুৰুতৰভাৱে আহত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

দুৰ্ঘটনাত নিহত যুৱতীগৰাকীৰ নাম কনামিকা নাৰ্জাৰী । গুৱাহাটীত কোচিং কৰি থকা কনামিকাৰ ঘৰ কোকৰাঝাৰৰ ঝাড়াগুৰিত । নিহত যুৱকজনৰ নাম দীপিত দে’ । তেওঁৰ ঘৰ খ্ৰীষ্টানবস্তিৰ শ্ৰীনগৰত । ইফালে দুৰ্ঘটনাটোত আহত যুৱতীগৰাকীৰ নাম নেহা বসুমতাৰী ।

অভিশপ্ত সেই কলা ৰঙৰ বাহনখন

মনে মনে গাড়ী লৈ পুৱতি নিশা ঘৰৰ পৰা ওলাই গৈছিল দীপিত দে'-

শোকাৱহ তথা ভয়ংকৰ এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুৰ্ঘটনা সংঘটিত হোৱা নিশাটোত কি হৈছিল সেই কথা সবিস্তাৰে সদৰি কৰিছে নিহত দীপিত দেৰ আইতাকে। আইতাকে সদৰি কৰা অনুসৰি, বৃহস্পতিবাৰে আবেলি ৩বজাত পিতৃৰ সৈতে ওলাই গৈছিল দীপিত। সন্ধিয়া প্ৰায় ৬.৩০বজাত পুনৰ পিতৃৰ সৈতে ঘৰলৈ উভতি আহিছিল যদিও দীপিতে কৈছিল যে বন্ধুৰ সৈতে তেওঁ কিছু সময় ওলাই যাব বিচাৰে।

পুত্ৰৰ এই কথাত সন্মতি প্ৰদান কৰি পিতৃয়ে নতুন গাড়ীখনৰ পৰিৱৰ্তে পুৰণা গাড়ীখন লৈ যাবলৈ কয়। পুৰণা গাড়ীখন লৈয়েই ঘৰৰ পৰা প্ৰায় সন্ধিয়া ৬.৪৫বজাত ওলাই গৈছিল দীপিত। বন্ধুৰ সৈতে ফুৰি পুৱতি নিশা প্ৰায় ৩বজাত ফ্লেটলৈ আহিছিল দীপিত।

পুৱতি ঘৰলৈ আহি দীপিতে ঘৰৰ পৰা মনে মনে তিনিদিনৰ আগতে দেউতাকে ক্ৰয় কৰা কলা ৰঙৰ স্কৰপিঅ বাহনখনৰ চাবি লৈ ওলাই যায়। ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে বাৰে বাৰে বাধা দিছিল যদিও দীপিতে জোৰ কৰি নতুন গাড়ীখন লৈ ওলাই গৈছিল।

পুুৱতি নিশা আহিল সেই খবৰটো-

পুৱতি নিশা দীপিতৰ দুই বন্ধুয়ে ঘৰলৈ আহি পৰিয়ালক খবৰ দিছিল যে, দীপিতৰ এটা ডাঙৰ দুৰ্ঘটনা হৈছে। তেতিয়ালৈকে দীপিতৰ মৃত্যুৰ খবৰ পোৱা নাছিল পৰিয়ালে। দীপিত আহিব বুলি ঘৰৰ দৰ্জা খুলিয়ে থৈছিল আইতাকে। দীপিতৰ দুৰ্ঘটনাৰ খবৰ পাই পিতৃ আৰু মাতৃ জি এম চি এইচলৈ ততাতৈয়াকৈ ওলাই যায় আৰু সেই অবাঞ্চিত খবৰটো লাভ কৰে।

মৃত দীপিত আৰু কনামিকাৰ মাজত কি সম্পৰ্ক আছিল-

পুৱতি নিশা বন্ধুৰ সৈতে বাৰলৈ গৈছিল দীপিত আৰু কনামিকা। দীপিত হৈছে ডাউন টাউন বিশ্ববিদ্যালয়ৰ বি বি এ পাঠ্যক্ৰমৰ শিক্ষাৰ্থী। ঘৰৰ একমাত্ৰ সন্তান দীপিত। ইফালে কোকৰাঝাৰৰ কনামিকা থাকে গুৱাহাটীৰ ছয়মাইলত। কোচিং কৰি থকা কনামিকা আৰু দীপিতৰ মাজত আছিল বন্ধুত্বমূলক সম্পৰ্ক। এই সম্পৰ্কৰ কথা জানিছিল দীপিতৰ মাতৃয়েও। মাজে সময়ে দীপিতৰ মাতৃৰ সৈতে ফোনত কথাও পাতিছিল কনামিকাই। কনামিকাৰ বয়স আছিল ১৮ আৰু দীপিতৰ বয়স আছিল ২২। প্ৰত্যেক শনিবাৰে বন্ধুৰ সৈতে পাৰ্টি কৰাৰ কথাও সদৰি কৰিছে দীপিতৰ আইতাকে।