মুখ্য-পৃষ্ঠা

১০বছৰ যদি বেছিকৈ জীয়াব খোজে, আজিয়েই এৰক মাছ-মাংস...

Asomiya Pratidin
নিৰামিষভোজী নে আমিষভোজী হোৱাটো বেছি ভাল? এই প্ৰশ্ন ছাগে আপুনিও নিজক কৰা নাই! জিভাৰ জুতিৰ আগত এই প্ৰশ্নবোৰ অৱতাৰণা আমাৰ মনত নহয়ে। নিৰামিষভোজী হোৱাটো কিমান লাভ, তাক লৈ আজিৰ এই বিশেষ প্ৰতিবেদন...

মানুহ নাখাই নমৰে, খাইহে মৰে। এই কথাষাৰ শুনিয়ে হয়তো আপুনি আচৰিত হৈছে নাইবা আচহুৱা যেন পাইছে। যিখন বিশ্বত খাবলৈ নাপাই প্ৰতি দিনে লাখ লাখ মানুহৰ মৃত্যু হয়, তেনেস্থলত নাখাই নমৰে বুলি আমি কিয় কৈছো। এইদৰে কোৱাৰ আঁৰত আছে এটা বিশেষ কাৰণ।

বিশ্ববিখ্যাত শিক্ষানুষ্ঠান লমা লিনডা বিশ্ববিদ্যালয়ৰ এদল বিশেষজ্ঞই পৰীক্ষা চলাই পোহৰলৈ আনিছিল এক বিশেষ তথ্য। এই তথ্যতে প্ৰমাণ হৈছিল যে- মানুহ নাখাই নমৰে,খাইহে মৰে! এই বিশেষজ্ঞ দলটোৱে পৰীক্ষা চলাইছিল সমগ্ৰ বিশ্বত। এই পৰীক্ষাত পোহৰলৈ আহিছিল যিসকল মানুহে মাছ-মাংস বেছিকৈ খায়, তেঁওলোকতকৈ এইবোৰ নোখোৱা মানুহ বেছিদিন জীয়াই থাকে।

বিশেষজ্ঞ দলটোৱে কৰা পৰীক্ষাৰ প্ৰতিবেদনত উল্লেখ আছিল যে, নিৰামিষভোজী এগৰাকী ব্যক্তিৰ জীৱনকাল যদি ৮৩বছৰ, তেন্তে আমিষভোজী এগৰাকী ব্যক্তিৰ জীৱনকাল ৭৩বছৰ। অৰ্থাত আমিষভোজীতকৈ এগৰাকী নিৰামিষভোজীৰ জীৱনকাল ১০বছৰ অধিক। বিশেষজ্ঞ দলটোৱে লগতে কৈছিল যে, মহিলাৰ ক্ষেত্ৰত এই সময়কাল ১০বছৰৰ পৰিৱৰ্তে ১৬বছৰৰো হব পাৰে। সমগ্ৰ বিশ্বত নিৰামিষভোজী মহিলাৰ গড় বয়স ৮৫বছৰ বুলি তেওঁলোকৰ পৰীক্ষাত পোহৰলৈ আহিছিল।

শেহতীয়াকৈ দুটা দশকত বিশ্বত আমিষভোজী লোকৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে। উদাহৰণস্বৰূপে আমাৰ ভাৰতবৰ্ষতে আমিষভোজী লোকৰ সংখ্যা অতিপাত বৃদ্ধি পাইছে। ২০০৬চনত ভাৰতত নিৰামিষভোজী লোক আছিল প্ৰায় ৩১শতাংশ। সেই সংখ্যা ২০২১চনত আহি হলহি ২০শতাংশ।

ঠিক তেনেদৰে, আৰ্জেটিনাত নিৰামিষভোজী লোক আছে ১২শতাংশ, অষ্ট্ৰেলিয়াত আছে ১২.১শতাংশ, বেলজিয়ামত আছে ৭শতাংশ, ব্ৰাজিলত আছে ১৪শতাংশ, কানাডাত আছে ৭.৬শতাংশ, চিলিত আছে ৬শতাংশ, চীনত আছে ৪শতাংশ, কলম্বিয়াত আছে ৪শতাংশ, ডেনমাৰ্কত আছে ১০শতাংশ, ফিনলেণ্ডত ১২শতাংশ, ফান্সত ৫.২শতাংশ, জাৰ্মানীত ১০শতাংশ, গ্ৰীচত ৪শতাংশ, ইজৰাইলত ১৩শতাংশ, ইটালীত ৮.৯শতাংশ,জাপানত ৯শতাংশ, মেক্সিকত ১৯শতাংশ, নেডাৰলেণ্ডত ৫শতাংশ, নৰৱেত ৯শতাংশ আৰু ফিলিপিনছত আছে ৫শতাংশ নিৰামিষভোজী লোক।

এক তথ্য অনুসৰি এচিয়া মহাদেশত নিৰামিষভোজী লোকৰ সংখ্যা প্ৰায় ১৯শতাংশ। সংখ্যাগত দিশৰ পৰা চাবলৈ গলে আমিষভোজীতকৈ নিৰামিষভোজী লোকৰ সংখ্যা খুবেই কম। কিন্তু এতিয়ালৈকে যিমানে অধ্যয়ন আৰু গৱেষণা চলিছে, সকলোতে এটা কথাই পোহৰলৈ আহিছে যে, নিৰামিষভোজী লোকৰ আয়ুস আমিষভোজীতকৈ অধিক। পুৰণি কালৰ ঋষি-মুনি সকলৰ ক্ষেত্ৰতো এই সংজ্ঞাই প্ৰযোজ্য। ঋষি-মুনিসকল সুস্বাস্থ্য আৰু নিৰোগী হৈ থকাৰ মূলতে আছিল তেওঁলোকৰ খাদ্যাভ্যাস।

যদিও মাছ-মাংসৰ পৰা আমি আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় প্ৰটিনৰ লগতে অন্য ভিন্ন উপাদান লাভ কৰো, অন্য কিছু উতসৰ পৰাও আমি পাব পাৰো এনে মাছ-মাংসৰ সমানেই ভিটামিন, প্ৰটিন। যেনে মাংসৰ সলনি আমি ছয়াবিন, মগু আদিৰ দৰে সামগ্ৰীৰ পৰা পাব পাৰো ভৰপূৰ প্ৰটিন।

আমাৰ ভাৰতৰে এদল চিকিতসকে কৰা সমীক্ষাত পোহৰলৈ আহিছিল যে, নিৰামিষভোজী মানুহতকৈ আমিষভোজী মানুহে অত্যাধিক পৰিমাণে মদ্যপান আৰু ধুমপান কৰে। তেওঁলোকে দাখিল কৰা প্ৰতিবেদনত উল্লেখ আছিল যে, নিৰামিষভোজী মানুহৰ মনলৈ মদ্যপান নাইবা ধুমপান কৰাৰ ধাৰণা কমকৈ আহে। ইয়াৰ লগতে নিৰামিষভোজী মানুহৰ কলেষ্টৰেল- ব্লাড চুগাৰ এটা নিৰ্দিষ্ট সীমাত থাকে। আমিষভোজীতকৈ নিৰামিষভোজী মানুহ হৃদৰোগত আৰু ডায়েবেটিছ ৰোগতো কমকৈ আক্ৰান্ত হয়।

সাধাৰণতে নিৰামিষভোজীক আকৌ কেইবাটাও ভাগত বিভক্ত কৰিব পাৰি। ভেগানছ (Vegans), লেক্ট’ ভেজিটেৰিয়ানছ (Lacto Vegetarians) অভ’ ভেজিটেৰিয়ানছ ( Ovo Vegetarians) আৰু লেক্ট’-অভ’ ভেজিটেৰিয়ানছ (Lacto- Ovo Vegetarians)। ভেগানসকল সম্পুৰ্ণ নিৰামিষভোজী। তেওঁলোকে কোনো প্ৰাণীৰ মাংস অথবা মাংসেৰে উৎপাদিত খাদ্য গ্ৰহণ নকৰে।

 লেক্ট’ ভেজিটেৰিয়ানসকলে কেৱল গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যহে খায়। অভ’ ভেজিটেৰিয়ানে কণী খায়। আনহাতে লেক্ট’-অভ’ ভেজিটেৰিয়ানে কণী খায়। আনহাতে লেক্ট’-অভ’ ভেজিটেৰিয়ানে অকল মাছহে খায়। বহুতে ভবাৰ দৰে নিৰামিষভোজীয়ে মাংস গ্ৰহণ নকৰে বাবেই প্ৰ’টিনৰ অভাৱত ভোগে। কথাসাৰ সঁচা নহয়। মাংসত উপলব্ধ প্ৰ’টিনৰ দৰে সেউজীয়া শাক-পাচলিৰ পৰাও একে পৰিমাণৰ প্ৰ’টিন পোৱা যায়। গৱেষকে গৱেষণাত পাইছে যে গাখীৰত উপলব্ধ সেউজীয়া শাক-পাচলিত কোনোগুণে কম নহয়। সেইদৰে ছয়াবিন, বাদাম আদিতো যথেষ্ট প্ৰ’টিন পোৱা যায়।

মাংস সৰহকৈ খালে দেহত বিষাক্ত পদাৰ্থৰ সৃষ্টি হয় আৰু এই বিসাক্ত পদাৰ্থ নিয়মিতভাৱে দেহৰ পৰা নিৰ্গত নহ’লে গা- মন ভাল নালাগে। গৱেষকৰ মতে শাক-পাচলি, ফল-মুল , বাদাম, চোকোৰা নুগুচোৱা শস্য, মটৰ, বীন আদিৰ প্ৰ’টিন তুলনামুলকভাৱে মাংসতকৈ কম। সেইদৰে চৰ্বিৰ পৰিমাণো কম বাবে ৰক্তৰ কলেষ্টেৰলৰ পৰিমাণ নিম্নভাগত থাকে আৰু এনে খাদ্যই হৃদযন্ত্ৰৰ বিভিন্ন ৰোগ, আনকি হাওঁফাওঁৰ কেন্সাৰ আৰু স্তন কেন্সাৰৰ আশংকা হ্ৰাস কৰে।

তৃতীয়বিধ উপকাৰী পুষ্টিদ্ৰব্য হ’ল- নিৰামিষ ভোজনত উপলব্ধ উচ্চমান বিশিষ্ট আঁহযুক্ত পদাৰ্থ, যিয়ে পৰিপাক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি কোষ্ঠকাঠিন্যত ভোগা ৰোগীক আৰোপ্য কৰে। ফলত বহু ৰোগৰ পৰা নিৰাপদে থাকে। নিৰামিষভোজীৰ ভোজন প্ৰকৃততে বিজ্ঞানসন্মত প্ৰক্ৰিয়াৰে চলে। দৈহিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে নিৰামিষ ভোজন অতি প্ৰয়োজন। দেখা গৈছে যে বহু ভাৰতীয় সাঁতোৰবিদ, খেলুৱৈ, মল্লযোদ্ধা নিৰামিষভোজী।

১৯৯৪ চনত British Medical Journal ত প্ৰকাশিত তথ্য অনুসৰি নিৰামিষভোজীৰ ৪০ শতাংশতকৈ কমসংখ্যক লোকেহে কেন্সাৰ ৰোগত আক্ৰান্ত হয়। সেইদৰে হাৰ্টৰ ৰোগতো ভোগা ৰোগীৰ সংখ্যা কম। দেহৰ ৰক্তৰ কলেষ্টেৰলৰ পৰিমাণো নিম্নস্তৰত ৰয়। আন এদল গৱেষকৰ মতে নিৰামিষভোজীৰ কমসংখ্যকেহে কেতিয়াবা গলব্লাডাৰ ষ্ট’ন আৰু ভাৰ্টিকুলাৰ (Verticular) ৰোগত আক্ৰান্ত হয়। অৱশ্যে সফল নিৰামিষভোজীয়ে হৃদবাহিকা ৰোগৰ পৰা যে বাচি থাকে সেয়াও নহয়। আন এটা তথ্য মতে ব্ৰিটেইনত থকা এছিয়া মহাদেশৰ নিৰামিষভোজী লোক হাৰ্টৰ ৰোগত কম পৰিমাণেহে ভোগে।

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে, নিৰামিষভোজী হলেই যে নিৰোগী হব তেনে নহয়।   নিৰামিষভোজী বুলি কলে আপুনি শাক-পাচলি, ফল-মূলৰ পৰা সেই সকলো উপাদান আপোনাৰ দেহত প্ৰদান কৰিব লাগিব। তেতিয়াহে আপুনি স্বাস্থ্যৱান হৈ থাকিব পাৰিব। আঁচল নিৰামিষভোজী সেইজনহে,  যিয়ে মাছ-মাংসৰ পৰা লাভ কৰা প্ৰয়োজনীয় উপাদান অন্য শাক-পাচলি, ফল-মূলৰ পৰা আহৰণ কৰি জীৱন নিৰ্বাহ কৰে।