মুখ্য-পৃষ্ঠা

'হাঁহি'ৰ দৰেই স্বাভাৱিক 'কান্দোন'...

Asomiya Pratidin
চকুৰ পানীক দুৰ্বলতা বুলি ভবা হয় যদিও অন্য আবেগ যেনে খং,অভিমানৰ দৰে দৰেই কান্দোনো এক প্ৰতিক্ৰিয়া। কান্দোনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে, যিয়ে মানসিক বিকাৰৰ আশংকা হ্ৰাস কৰে ৷ চকুলো যে হাঁহিৰ দৰেই স্বাভাৱিক আৰু চকুৰ পৰা চকুপানী ওলোৱা কাৰণটো সম্পূৰ্ণ বৈজ্ঞানিক এই সন্দৰ্ভত চয়নিকা শইকীয়াৰ এক প্ৰতিবেদন...

কেতিয়াবা ভাবিছেনে কান্দি থাকোঁতে চকুৰ পৰা চকুপানী কিয় ওলায়! কোনেও কান্দিবলৈ ভাল নাপায়, কিন্তু বহু কাৰণত মানুহৰ চকুৰ পৰা চকুপানী ওলায়। কান্দোন, যাক আমি সকলোৱে দুখ-শোকৰ প্ৰতীক বুলিয়েই গণ্য কৰো ৷ প্ৰকৃততে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সৈতে কান্দোনৰ বিশেষ সম্পৰ্ক আছে ৷

মানুহৰ কেৱল দুখ, সমস্যা বা অত্যাধিক সুখৰ কাৰণে চকুপানী ওলাই তেনে নহয়। বৰঞ্চ কেতিয়াবা নির্দিষ্ট গোন্ধ বা তীব্র বতাহৰ বাবেও চকুপানী ওলায়। চকুৰ পৰা চকুপানী ওলোৱা কাৰণটো সম্পূৰ্ণ বৈজ্ঞানিক।

আমাৰ দুচকুৰ ওপৰত আৰু চেলাউৰিৰ তলত দেখিবলৈ বাদামৰ দৰে একধৰণৰ গ্ৰন্থি আছে । ইয়াৰ নাম অশ্রুগ্রন্থি। লেটিন শব্দ লাক্রিমা মানে অশ্রু বা চকু পানী । এই গ্রন্থিত যি তৰল জুলীয় পদার্থ তৈয়াৰ হয় তাকেই অশ্রু বোলা হয় । এই গ্রন্থিৰ পৰা কেইবাডালো নলী চকুৰ কোণলৈ আহিছে। চকুপানীত পানী, লোণ আৰু লাইছছাজাইম নামৰ এবিধ জীবাণুনাশক প্রটিন জাতীয় পদার্থ থাকে।

সাধাৰণ অৱস্থাত চকুপানীয়ে চকুৰ ওপৰৰ পতা বন্ধ হ'বৰ সময়ত চকুৰ বাহিৰৰ অংশ ধুই দিয়ে। ইয়াৰ ফলত চকুৰ ওপৰৰ অংশ আর্দ্র বা তিতি থাকে। লগতে ক্ষতিকাৰক পদার্থৰ পৰাও চকু ৰক্ষা পৰে। চকুৰ এই পানী ইয়াৰ পাছত লাক্রিমাল কেনালিকুলি নামৰ নলী পথেদি নাকলৈ যায়। খং,দুখ,ভয়, আনকি বহু সময়ত আনন্দৰ মুহূর্তত অশ্ৰুগ্রন্থিত অশ্রুৰ পৰিমাণ বাঢ়ি যায়।

বিজ্ঞানীসকলে চকুপানীক ৩টা শ্রেণীত বিভক্ত কৰিছে। চকুপানীৰ প্ৰথম শ্ৰেণীটো হৈছে বেচল। এইবোৰ হৈছে আৱেগ নথকা চকুপানী, যি চকুবোৰ স্বাস্থ্যৱান কৰি ৰাখে আৰু চকুৰ মণি শুকাই যোৱাত বাধা দিয়ে। দ্বিতীয় শ্ৰেণীটোতো আৱেগ নথকা চকুপানীয়ে অন্তর্ভুক্ত।

এই চকুপানীবোৰ এক নির্দিষ্ট গোন্ধৰ প্ৰতিক্ৰিয়াৰ পৰা আহে, যেনে ফেনাইলৰ দৰে তীব্ৰ গোন্ধৰ পৰা,পিঁয়াজ কাটোতে ওলোৱা চকুপানী। ইয়াৰ পিছত চকুপানীৰ তৃতীয় শ্ৰেণী, যি কান্দি থকা সময়ত ওলোৱা চকুপানী বুলি কোৱা হয়। প্ৰকৃততে মানুহৰ মগজুত এক লিম্বিক প্রণালী আছে,য'ত মগজুৰ হাইপোথেলামাছ আছে। এই অংশটোৰ স্নায়ুতন্ত্ৰৰ সৈতে পোনপটীয়া সম্পৰ্ক থাকে। এই প্ৰণালীৰ নিউৰোট্ৰেন্সমিটাৰটোৱে সংকেত দিয়ে আৰু মানুহে আৱেগৰ এক অন্তিম পৰ্যায়ত কান্দিবলৈ ধৰে।

যেতিয়াই কোনো কথাত দুখ লাগে,মনত আঘাত পায় বা অন্য কাৰণত মানুহে কান্দি শান্তি লাভ কৰে। আপোনালোকে জানি আচৰিত হ'ব যে কন্দাৰ বহুতো লাভালাভ আছে। যেতিয়া মানুহে কান্দে, ইয়াৰ জৰিয়তে শৰীৰৰ পৰা বিষাক্ত পদার্থ ওলাই আহে। অলপ সময়ৰ কান্দোন স্বাস্থ্যৰ বাবে লাভজনক। কান্দিলে মানুহ চাপৰ পৰা মুক্ত হৈ পাৰে আৰু সতেজ অনুভৱ কৰে।

শেহতীয়া এক অধ্যয়নত কান্দোনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিব পৰা গৈছে। কান্দোনে মানসিক চাপ দূৰ কৰে, চকুপানী ওলোৱাৰ ফলত আমাৰ শৰীৰত থকা কৰ্টিচোলৰ স্তৰ হ্ৰাস হয় ৷ কৰ্টিচোল হৈছে এনে হৰমন, যিয়ে চাপ হ্ৰাস কৰে ৷ আৱেগিক স্বাস্থ্য উন্নত কৰে। কান্দিলে গভীৰ দুখ, শোকৰ দৰে অনুভূতিবোৰ স্বাভাৱিক হয় ৷

যাৰ ফলত আৱেগিক ভাৰসাম্য আৰু সহনশীলতা উন্নত হ'ব পাৰে ৷ শাৰীৰিক স্বাস্থ্য উন্নত কৰে। কান্দিলে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হয় ৷ যাৰ ফলত ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্য উন্নত হয় ৷ সম্পৰ্ক শক্তিশালী হয়।

চকুপানী ওলোৱা মানে আমি আমাৰ অনুভূতিৰ প্ৰকৃততাক স্বীকাৰ কৰা বুজায়। কান্দোনে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰিব পাৰে, যিয়ে মানসিক বিকাৰৰ আশংকা হ্ৰাস কৰে ৷ সামাজিক সন্মানৰ বিপৰীতে, কান্দোন হৈছে মানৱ আৱেগৰ এক প্ৰাকৃতিক আৰু গুৰুত্বপূৰ্ণ অংশ, যিয়ে আমাক আমাৰ আৱেগ গ্ৰহণ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷

যাৰ ফলত আমাৰ সামগ্ৰিক বিকাশ হয় ৷ যিসকলে অলপতে কান্দে, তেওঁলোকৰ জীৱনৰ পৰা মানসিক চাপ বহু পৰিমাণে কমি যায়। বৰঞ্চ নকন্দাকৈ কষ্ট হেঁচা মাৰি ধৰি ৰাখিলে আন অসুখে বাহ লোৱাত সুবিধা পায়।