মুখ্য-পৃষ্ঠা

বেয়া পাইছো বিজেপিক!

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

বিজেপিয়ে ভাৱিছে, অসমত চৰকাৰে বৰ ভাল কৰিছে। বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিয়ে কৈ গৈছে – এই চৰকাৰ আৰু বিজেপি সৰ্বনাশৰ দিন আহি আছে। আমি কাৰো কথাকে ধৰা হওঁক বিশ্বাস নকৰো। কিন্তু আপোনাৰ দলৰ একাংশ নেতা কৰ্মীয়ে এই সময়ত কৰা বাস্তৱৰ মূল্যয়নক নো কোন হ’তে আওকাণ কৰো।

বিজেপি এৰিছে ইজনৰ পাছত সিজন নেতাই। দলৰ ভিতৰতে অসন্তুষ্টিয়ে ছানি ধৰিছে। অসন্তুষ্টি ভৰা পত্ৰই আপোনাৰ কাৰ্যালয়ৰ ফাইল ভৰি পৰিছে। আপুনি হয়তো তেনে পত্ৰবোৰ ৰখাবৰ বাবেই কেইবাটাও ফাইলৰ ব্যৱস্থা কৰিব লগা হৈছে। যিবোৰ ফাইলৰ ওপৰত লিখিব লগা হৈছে – অসন্তুষ্টি পত্ৰ ফাইল নং ১, ২,৩... ইত্যাদি।

সেইবোৰ চিঠিতো আপুনি নপঢ়ে! পঢ়িলেও ওপৰে ওপৰে চকু ফুৰাঁই ফাইলত চিঠিবোৰ জমা কৰি গৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও কথাবোৰ চিঠিবোৰক লৈ কোনো গুৰুত্ব নিদিয়া যেনেই বোধ হয়। কোন কত যায় যাওক, কেৱল হিন্দু হৈ থাকক বুলি তেওঁ গা এৰা দিছে।আপুনিও কোনে কত কি কৰি থাকে থাকক বুলি আত্মসন্তুষ্টি আৰু অহংকাৰত ডুবি ক্ষমতা সাৱটি বহি আছে।

সাংবাদিকে কেতিয়াবা এই সন্দৰ্ভত কিবা সুধিলে কোন তেওঁ চিনি নাপাও বুলি বিষয়টো আপুনি সামৰণি মাৰিছে। এতিয়া তললৈ চাবলৈ আপোনাৰনো প্ৰয়োজন বা আহৰি ক’ত? আপুনি বহি থকা চকীখনৰ পৰা তলৰ নেতা-কৰ্মীবোৰক ভালদৰে ছাগৈ নেদেখে! সেয়েহে নিজেই স্বাক্ষৰ কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকত স্থান দিয়া চিনাকি নেতাকো আপুনি অচিনাকি যেনেই দেখা পাইছে।

অশোক শৰ্মাই দল এৰিলে। এৰিলে এৰক বুলি আপোনালোকে ভালেই পালে! গা নলৰিল আপোনালোকৰ। ভৱেন মহন, যুধিষ্ঠিৰ গগৈ, গোপাল কলিতাই গেৰুৱা পোছাক খুলিলে। তথাপিও আপুনি সভাপতি হিচাপে এই অসন্তুষ্টিৰ কাৰন কি, বিচাৰ নকৰিলে।

আৰ এছ এছৰ নেতাই লিখা মুকলি চিঠিখনৰো সাৰমৰ্ম বুজি নাপালে। আজি সেই চিঠিয়ে কঢ়িয়াই অনা বাস্তৱক উপলদ্ধি কৰিব পৰাকৈ আপোনাৰ মন-মগজুৰ দুৱাৰ খোল নাখালে। মৃণাল শইকীয়া কথা বাৰু বাদেই দিলো। এইবাৰ মনোজ কুমাৰ মহন্ত নামৰ ৩০বছৰ বিজেপিত নীৰৱে কাম কৰা যোৰহাটৰ আপোনাৰ দলৰ নেতাগৰাকীয়ে আক্ষেপ ভৰা মুকলি চিঠি লিখিব লগা হ’ল।

একেই প্ৰতিক্ৰিয়াহীন প্ৰতিক্ৰিয়া আপোনাৰ। ৩আগষ্ট, ২০২৪ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰো ৩বাৰৰ সদস্য মহন্তই সন্ধিয়া ৭.০০বজাত গুৱাহাটী কাৰ্যালয়ৰ পৰা এটা ফোন পালে। কোনো এজনে ফোনতে তেওঁক সাৱধান কৰি দিলে ৪আগষ্ট ২০২৪ত গুৱাহাটীত আয়োজন কৰা ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকলৈ নাহিবৰ বাবে।

জনাই দিলে এই বৈঠকত মহন্তক সোমাব দিয়া নহয়। ৰাতি ১০.০০বজাত গুৱাহাটীলৈ আহিবৰ বাবে তেওঁ সাজু হৈছিল। ৰৈ গ’ল ঘৰতে মহন্ত। ফোন কৰিলে অসম ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পুলক গোহাঁইলৈ। তেওঁ ক’লে – দলৰ পৰা তেওঁক নিলম্বন কৰা হৈছে। সেই নিলম্বনৰ চিঠি তেওঁ পাই যাব।

দলৰ বাবে ত্যাগ কৰা এই নেতাগৰাকীয়ে আপোনালৈও ফোন কৰিছে। এবাৰ নহয়, কেইবাবাৰো। ফোন ৰিং হৈ হৈ বন্ধ হৈ গৈছিল। আপুনি হয়তো ইচ্ছাকৃতভাৱেই তেওঁৰ ফোন নধৰিলে। ধৰিনো ক’ব কি? কিয়নো আপোনাৰ হাতত এইবোৰ প্ৰসংগত কোনো উত্তৰেই নাই যে আজি!

নিশা তেওঁ হোৱাটছ এপত এখন চিঠি পালে। আপোনাৰ নিৰ্দেশত পুলক গোহাঁয়ে স্বাক্ষৰ কৰা চিঠি। BJPAP/DAL/2022-25/L-361 নম্বৰৰ বহিস্কাৰ কৰা চিঠিখন। এতিয়াতো আপুনি এনেকৈয়ে দায়িত্ব পালন কৰে। সেই ক্ষোভ আপোনাৰ দলৰে নেতা-কৰ্মীৰ।

ইচ্ছা গলেই অনুশাসন বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ আনি দলৰ পৰা খেদি দিব পাৰি নেতা কৰ্মীক। সেই ক্ষমতাই যি আপোনাৰ আছে। সমান্তৰালভাৱে ৰাজেন গোহাঁয়ে উজনিত ক্ষোভিত নেতাক লৈ ইখনৰ পাছত সিখন বৈঠক পাতি গৈছে। অসন্তুষ্টি নেতাৰ তালিকা বনাইছে।

উজনিৰ প্ৰায় ৪৫গৰাকী নেতাৰ তালিকা সাজু হৈছে। যিকোনো মূৰ্হুততে চূড়ান্ত সিদ্ধান্ত তেওঁলোকে লব। তাৰ পাছত জানো,  দলটোৰ কিবা অস্তিত্ব বা প্ৰভাৱ সেইবোৰ স্থানত থাকিব বুলি আপুনি বিশ্বাস কৰিব পাৰেনে? ক্ষোভ-অসন্তুষ্টিৰ কাৰনসমূহো আপুনিও জানে। কিন্তু অসন্তুষ্টিৰ কাৰন হোৱা সেই মানুহজনৰ আপুনি একো কৰিব নোৱাৰে।

তেনে দলীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ আপুনি সবল নহয়। তাতে চকী আৰু মন্ত্ৰীত্বৰ লোভে আপোনাক কেতিয়াবাই মেৰুদণ্ডহীন কৰি পেলাইছে। মনোজ কুমাৰ মহন্তই দলৰ ৭জন প্ৰাক্তন ৰাজ্যিক সভাপতিলৈ পত্ৰ লিখিছিল। সেই পত্ৰত কি লিখিছিল, আপুনি জানেনে?

তেওঁ লিখা পত্ৰখনৰ কেইটামান উল্লেখযোগ্য শাৰী এয়া।

(প্ৰতি/ প্ৰাক্তন সভাপতি ( ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশ ) ক্ৰমে,সৰ্বশ্ৰী নাৰায়ণ বৰকটকী, ৰমেন ডেকা ,ৰাজেন গোঁহাই , ৰঞ্জীত দত্ত, সৰ্বানন্দ সোণোৱাল,সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰঞ্জীত দাস ডাঙৰীয়াৰ সমীপেষু –

 শ্ৰদ্ধাভাজনেষু ,আপোনালোক  আটাইকেইজনলৈ মোৰ সশ্ৰদ্ধ নমস্কাৰ ও দলীয় সম্ভাষণ জ্ঞাপন কৰি্লো।  ভগৱানৰ কৃপাত আপোনালোক আটাইৰে মংগল নিশ্চয় !অসম প্ৰদেশ বি জে পিৰ প্ৰয়াত সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ইন্দ্ৰমণি বৰা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি আজি পৰ্য্যন্ত আপোনালোক প্ৰতি গৰাকী সভাপতিক দলীয় কৰ্ম জীৱনত ওচৰৰ পৰাই পাইছিলো । বিগত তিনিটা দশকত আপোনালোক প্ৰতি গৰাকী নেতাই বহুতো ঘাট প্ৰতিঘাত আৰু দুৰ্যোগৰ মাজেৰেই দিন অতিবাহিত কৰি আজি দলৰ এই গৌৰৱোজ্জ্বল ইতিহাসৰ সূচনা কৰিলে ।

মই আগতেও কৈছো, আপোনালোকৰ দৰে নেতাৰ নেতৃত্ব সফল কৰি তোলাত আমাৰ দৰে হাজাৰ হাজাৰ কাৰ্যকতাই কিমান ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল, সেইটো আপোনালোক প্ৰতিজন প্ৰাক্তন সভাপতিৰে জ্ঞাত । বিশ্ব বৰেণ্য নেতা অটল  বিহাৰী বাজপেয়ী জী আৰু শ্ৰীযুত লালকৃষ্ণ আদৱানি জীৰ মাৰ্গ দৰ্শনত আপোনালোকৰ দৰে নেতাৰ নেতৃত্বই দলক জিলিকাই ৰাখিছিল। কিন্ত আজি ! জেষ্ঠ, শ্ৰেষ্ঠ কাৰ্য কৰ্তাৰ অস্তিত্ব নিঃশেষ কৰি আপোনালোকৰ হাতেৰেই তুলি দিয়া, অৰ্পিত ক্ষমতাৰ অপ-প্ৰয়োগেৰে দলীয় সাংবিধান আৰু পৰম্পৰা খৰ্ব কৰিছে !

দশক দশক ধৰি মূৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি তিল তিল কৈ দলৰ ভেটি নিৰ্মাণ কাৰী সকলক ককৰ্থনা কৰাৰ পৰা আৰম্ভ কৰি দল এৰি যাবলৈ বাধ্য কৰা সময়ত  আজি আপোনালোকৰ দৰে প্ৰাক্তন সভাপতি সকল কত ? কাৰ ভয়ত আপোনালোক আজি মৌন ? কিহৰ আশাত  আপোনালোকে চকুমুদা কুলিৰ ভাও ধৰিছে ? সকলো দেখি ও আজি আপোনালোক নিমাত কিয় ?

যিবোৰ কাৰ্যকতাই আপোনালোক প্ৰতি গৰাকী সভাপতিক ৰজাৰ দৰে মৰম আন্তৰিকতা আৰু সন্মান প্ৰদৰ্শন কৰিলে , সেইবোৰ কাৰ্যকতাক দলৰ আজিৰ এই জয় জয়, ময় ময় অৱস্থাত আপোনালোকে নিজে সুৰক্ষিত আৰু সুবিধাজনক অৱস্থাত থাকি বাকী সকলৰ প্ৰতি উদাসীন কিয় ? যিদৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই  নিজৰ লগত কালিলৈকে আহি থকা সতীৰ্থ সকলক  সু সংগঠিত আৰু পৰিকল্পিত ভাৱে প্ৰতিষ্ঠা কৰিছে, ঠিক তেনেকৈ আপোনালোকে দলৰ জেষ্ঠ, শ্ৰেষ্ঠ কাৰ্যকৰ্তা আৰু নেতা সকলক প্ৰতিষ্ঠা কৰাত এষাৰো মাত নামাতে কিয় ?

আপোনালোকৰ দৰে আত্মস্বাৰ্থ লোভী নেতাৰ নেতৃত্বত অসম বি জে পিৰ কাৰ্যকৰ্তা আৰু দ্বিতীয় শ্ৰেণীৰ নেতা কৰ্মীৰ ভৱিষ্যত কিমান সুৰক্ষিত আছিল ? আজি দলৰ মজিয়াত গাঠিৰ ধন ভাঙি, দিন ৰাতি একাকাৰ কৰি দল কৰা সকল উপেক্ষিত ! আৰু এই সকলৰ দুখ দেখি আপোনালোক আনন্দিত ! আপোনালোক দলৰ স্বাৰ্থত আদৰ্শগত ভাৱে কাম কৰি শেষ হৈ যোৱা কাৰ্যকতা তথা দ্বিতীয় শ্ৰেণীৰ নেতা কৰ্মী সকলৰ প্ৰতি ইমান দায়বদ্ধ হীন নে ? নে আপোনালোকে নিজৰ সুখ, ভোগ আৰু বিলাসিতাৰ বাবে দশক দশক ধৰি তেজ দিয়া কাৰ্যকতা সকলক ব্যৱহাৰ কৰিছিল ,দলৰ স্বাৰ্থত নহয় ,নিজৰ স্বাৰ্থতহে ? আপোনালোক ধিক্কাৰ যোগ্য ! কালিলৈ দলৰ পৰা এগৰাকী নিষ্ঠাবান কাৰ্যকতা অশোক শৰ্মা ডাঙৰীয়া ওলাই যাব ,তাৰ পিছত ৰাজেন দা আৰু বহুজন !

এইবোৰ আপোনালোকৰ দৰে ক্ষমতা পিপাসু সকলৰ বাবে একো ডাঙৰ কথা নহয় । কিন্ত আমাৰ দৰে কাৰ্যকতাই এই সকল জেষ্ঠ, শ্ৰেষ্ঠ কাৰ্যকৰ্তাৰ অভাৱ ভৱিষ্যত দিনত নিশ্চিত ভাৱেই অনুভৱ কৰিম ! বিশেষকৈ,বাকী কেইগৰাকী সভাপতিক বাদ দিলেও প্ৰাক্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দোষাৰোপ কৰিবই লাগিব।)

হয়তো তেওঁ আপোনাৰ ওপৰত আস্থা আৰু বিশ্বাস নথকাৰ বাবেই দলটোৰ প্ৰাক্তন ৭জন ৰাজ্যিক সভাপতিলৈ এই চিঠি লিখিছিল। তাৰ পুৰস্কাৰ তেওঁক আপুনি ইতিমধ্যেই দিলে। লগতে বুজাই দিলে কোনোবাই নেতৃত্বৰ প্ৰতি কিবা প্ৰশ্ন কৰিলে এইদৰে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

শ্ৰদ্ধাৰ ভৱেশ কলিতা, এয়া আপোনাৰ দলৰে নিষ্ঠাবান নেতা-কৰ্মীৰ চিঠিৰ ভাষা। যিবোৰ আপুনি কৰে উপেক্ষা। একেই অসন্তুষ্টি কিন্তু সৰ্বসাধাৰণ লোকৰ মাজতো। সকলো ঠিকেই চলি আছে বুলি ভৱাতো আপোনাৰ আৰু মুখ্যমন্ত্ৰীৰ আত্মসন্তুষ্টি। এজনৰ পাছত আনজনে এই ভালদিনত ব্যক্ত কৰা অসন্তুষ্টিবোৰ দল আৰু চৰকাৰৰ বাবে হব লাগিছিল এক শিক্ষা।

শেহতীয়া লোকসভা নিৰ্বাচনত যোৰহাটত বিজেপি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি সকিয়াই দিয়া নেতাক শক্তিশালী মন্ত্ৰীয়ে সেইদিন ককৰ্থান কৰিছিল। কিমান ভোটত জিকিব , তাৰ আগতীয়া অংকত তেওঁ ব্যস্ত আছিল। সেই অহংকাৰে জানো, যোৰহাটত বিজেপি প্ৰাৰ্থীক জয়ী কৰাব পাৰিলে?

যিসকল গৈছে যাৱক বুলি একেই অহংকাৰতে যেন আপুনি আজি বন্দী! অনুৰূপ আত্মবিশ্বাসেৰেই গপত গংগাটোপ হৈ আছে মুখ্যমন্ত্ৰী। কিন্তু দলৰ একাংশ নেতা কৰ্মীৰ আপোনাৰ প্ৰতি এতিয়া প্ৰশ্ন- শ্ৰদ্ধাৰ কলিতা, এনেকৈ আৰু কিমানদিনলৈ অসমত জ্বলাই ৰাখিব পাৰিব বিজেপিৰ শলিতা...