মুখ্য-পৃষ্ঠা

আমাক এটা শ্ৰেণী কোঠা লাগে...

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

পুৱা আছিল ক্লাছ! কিন্তু ক্লাছ কৰিবলৈ নাই শ্ৰেণীকোঠা। যিটো কোঠাত ছাত্ৰ-ছাত্ৰীসকলে পাঠদান গ্ৰহণ কৰিব লগা আছিল সেই কোঠাটোত আন এটা শ্ৰেণীৰ ইংৰাজীৰ ক্লাছ আছিল। এটা কোঠাত দুটা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী পাঠদান কেনেকৈ সম্ভৱ?

ৰাজনীতি বিজ্ঞানৰ পাঠদান থকা ছাত্ৰ-ছাত্ৰীসকলে কোঠাটো এৰি দিব লগা হ’ল। তাৰ পাছত তেওঁলোক ক্ষোভত ফাঁটি পৰি আহিল ৰাজনীতি বিজ্ঞান বিভাগৰ সন্মুখলৈ। বিভাগৰ সন্মুখত তেওঁলোক বহি পৰিল। এনেকৈ তেওঁলোকে আৰু সহ্য কৰিব নোৱাৰে।

একপ্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে। কেইবামাহ ধৰি তেওঁলোকে এই সমস্যাৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ বাবে পাঠদান গ্ৰহণ সময়ত শ্ৰেণীকোঠাৰ অভাৱ হয়। সেই সমস্যা সমাধানৰ বাবে কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া নাই ইমান দিনে।

আমাক এটা শ্ৰেণীকোঠা এলট’ কৰক পাঠদানৰ বাবে - এয়াই আছিল প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ একমাত্ৰ দাবী। আন সমস্যা তেওঁলোকৰ থাকিলেও এইটোৱে অন্যতম প্ৰধান সমস্যা। ছাত্ৰ-ছাত্ৰীসকলৰ এই অভিনৱ প্ৰতিবাদ দেখি সন্মুখলৈ আহিল বিভাগটোৰ মুৰব্বী অধ্যাপক তথা আন একাংশ অধ্যাপক।

সেই খবৰ পালে পঞ্জীয়কেও। দৌৰি আহিল তেওঁ। ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিলে শ্ৰেণীকোঠাৰ ব্যৱস্থা কৰি দিব তেওঁ। নতুনকৈ নিৰ্মাণ কৰি থকা বিল্ডিঙতে এটা শ্ৰেণীকোঠা ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে আৱন্টন দিব। এই প্ৰতিশ্ৰুতি পোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকল ক্ষান্ত হ’ল।

৪ নে ৫টা কোঠা ৰাজনীতি বিজ্ঞান বিভাগৰ বাবে আৱন্টন কৰা আছে যদিও সেই কোঠা কেইটায়ে যথেষ্ট নহয়।  উচ্চতৰ মাধ্যমিকৰ ৰাজনীতি বিজ্ঞান, স্নাতক শ্ৰেণীৰ বাবে এই বিষয়ৰ পাঠদানৰ উপৰিও স্নাতকোত্তৰ শ্ৰেণীৰ বাবেও দৈনিক ৫/৬টা ক্লাছ হয়।

সকলোবোৰ ক্লাছ মিলাবলৈ শ্ৰেণীকোঠাৰ অভাৱ হয় এই বিভাগত। মানিক চন্দ্ৰ বৰুৱাৰ বিল্ডিঙত ২১১নং কোঠাটোত আগতে ৰাজনীতি বিজ্ঞানৰ পাঠদান চলিছিল। স্নানাগাৰৰ কাষৰ সেই কোঠাটোত এতিয়া পানী পৰে। কোনো কাৰণতেই তাত পাঠদান সম্ভৱ নহয়।

একাডেমীক বিল্ডিঙৰ কেইবাটাও কোঠা এতিয়াও পাঠদানৰ উপযোগী হৈ উঠা নাই। নাক (NAAC)অহাৰ সময়ত দুটামান কোঠা সাজু কৰা হৈছিল। বাকীবোৰ কোঠাত বেঞ্চ-ডেস্ক বা আন আন্তঃগাথনি উপলদ্ধ নহয়।  সেয়েহে এই সমস্যাৰ সৃষ্টি হৈছে।

এয়া কোনো গাওঁ বা মছফলীয় চহৰৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা সমস্যা নহয়। উত্তৰ-পূবৰ অন্যতম প্ৰতিষ্ঠিত আৰু সন্মানীয় একালৰ কটন কলেজ আৰু এতিয়া কটন বিশ্ববিদ্যালয়ৰ সমস্যা।

বিশ্ববিদ্যালয় হ’ল! হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে কিন্তু পাঠদানৰ বাবে শ্ৰেণী নথকাত ছাত্ৰ-ছাত্ৰীয়ে বিভাগৰ সন্মুখত প্ৰতিবাদত বহিব লগা হয়। দীৰ্ঘদিন ধৰি সেই কথা ছাত্ৰ-ছাত্ৰীসকলে কৈ অহাৰ পাছতো কৰ্তৃপক্ষৰ গা নল’ৰে। বাধ্যত পৰি ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ প্ৰথম চেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলে ২১অক্টোবৰ ২০২৪ত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছিল।

কটন বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ, বিশ্ববিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকগৰাকীৰ মতে, এই সমস্যা সমাধান হৈ গৈছে। কিন্তু এনে সমস্যা সৃষ্টি হ’বলৈ কটনত পালে কেনেকৈ? সেইটোৱেই সাম্প্ৰতিক সময়ৰ উচ্চ শিক্ষা ব্যৱস্থাৰ বাস্তৱ স্বৰূপ নহয়নে?

নতুন শিক্ষানীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে যিবোৰ অত্যাধুনিক সা-সুবিধা আৰু আন্তঃগাথঁনিৰ ব্যৱস্থা কৰাৰ কথা কোৱা হৈছে, তাৰ কিমান শতাংশ কটনত আছে তাৰ এক মূল্যায়ন কৰিলেই শিক্ষামন্ত্ৰীয়ে সঠিক উত্তৰ পাব।

আত্মসন্তুষ্টিত বুৰ গৈ থকা কটনৰ প্ৰাক্তন ছাত্ৰ তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে এই খবৰ পোৱাৰ পাছত ভাৱিবলৈ অৱকাশ পাবনে কেনেকৈ চলি আছে কটন! সফলতাৰ ঢাক-ঢোল বজাব পাৰি, শিক্ষা-স্বাস্থ্য- আন্তগাঁথনি-ৰাজ্যৰ উন্নয়ন সকলো দিশতেইচোন কেৱল প্ৰগতি বুলিয়েই দাবী কৰে এইখন চৰকাৰে। তাৰ পাছতো কটনত পাঠগ্ৰহণৰ বাবে এটা শ্ৰেণীকোঠা বিচাৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰা এই খবৰ তেওঁলোকৰ বাবেও এটা সৰু খবৰ নহ’ব কিজানি...