মুখ্য-পৃষ্ঠা

মাজুলীতো কিনি থলো মাটি এডোখৰ...

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান মানুহে নিজৰ ভালৰ বাবে কেতিয়াবা দেহ বিচাৰ গীত শুনাতো প্ৰয়োজন। দেহতত্ত্বমূলক এই ভক্তি গীতবোৰে আধ্যাত্মিক ভাৱবোধৰ লগতে লোভ প্ৰশমন কৰাত সহায় কৰে। জীৱনৰ এনে অনুধাৱনে সন্তুষ্টিৰ পৰিসীমা নিৰূপণ কৰাৰ লগতে মানসিক স্থিৰতাও বৃদ্ধি কৰিব।

তেনে এটা দেহ বিচাৰ গীত- জীৱন সন্ধিয়া বেলা/নাম ল'বা ৰৈ ৰৈ ৰৈ/প্ৰাণবায়ু উৰি যাব দূৰ দেশলৈ/পুত্ৰই কান্দিব পৰি/ভাৰ্যাই কান্দিব ধৰি/লগৰ বান্ধৱে আহি নিব চাঙীতে তুলি/চিতা পাতি জুঁই দিবলৈ/ছাঁই হৈ উৰি যাব দূৰ দেশলৈ/প্ৰাণবায়ু উৰি যাব দূৰ দেশলৈ...

অৱশ্যে যান্ত্ৰিক ব্যস্ততা, ক্ষমতাৰ অহমিকাই এই গীতবোৰৰ সাৰাংশ উপলদ্ধি কৰিব পৰা পৰিৱেশ বহুতৰ বাবে নাথাকে। এনে এচাম মানুহৰ বাবে প্ৰাপ্তি লুকাই থাকে কেৱল ‘মোৰ’ নামৰ ধাৰণাত। তেওঁলোকৰ মতে, যি বিচাৰে সেয়াই তেওঁলোকৰ হ’ব লাগিব, তেওঁলোকে পাব লাগিব।

ঘনিষ্ঠজনৰ হাতত থকা ক্ষমতাই এই সকলৰ বাবে আলাউদ্দিনৰ চাকি। চিচিমফাঁক বুলি এতিয়া তেওঁলোকে চিঞৰিব নালাগে। এইটো মোক লাগে বুলি এষাৰ বাক্য ওলালেই সেইটো তেওঁৰ হাতত তুলি দিবলৈ প্ৰশাসন হাতযোৰ কৰি ৰৈ থাকে।

প্ৰয়োজনত তেওঁলোকৰ বাবে সলনি হয় আইন। তেওঁলোকৰ সুবিধামতেই প্ৰণয়ন কৰা হয় ৰাজ্যৰ আইন আৰু নিয়মবোৰ। কৌশলী সেই প্ৰদক্ষেপ ধৰা পৰি যোৱাৰ উপক্ৰম হ’লেও এনে এখন নাটক মঞ্চস্থ কৰা হয়, যিখন নাটকত তেওঁলোকে নায়কৰ ভূমিকা দিবলৈ গৈ মানুহৰ দৃষ্টিত খলনায়কৰূপে চিহ্নিত হৈ ৰয়।

বহুকথাই তেওঁলোকক লৈ চৰ্চা হয়। বিৰোধীয়ে তেওঁলোকৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ, অনিয়মবোৰক লৈ সাম্প্ৰতিক পৰিৱেশত বিশেষ একো কৰিব পৰা নহ’লেও ভৱিষ্যতৰ বাবে সেই দাগ তেওঁলোকৰ গাত লাগি ৰয়। হয়তো এনে দিন আহিব, তেওঁলোকৰ এই অনিয়ম, অভিযোগৰ ৰহস্য ফাদিল হৈ পোহৰৰ দৰে সত্য পৰিস্ফূৰ্ট হৈ পৰিব।

বিৰোধীৰ মুখত তেওঁলোকৰ সম্পত্তিৰ কথা। বিৰোধীৰ মুখত তেওঁলোকে খেতিয়কৰ পৰা কিনা শ শ বিঘা মাটিৰ কথা। এনে অভিযোগো বিৰোধীয়ে কৰে সেই ক্ষমতাত থকা সকলক ঘনিষ্ঠ লোকসকলে এদিন অসমখনেই কিনি পেলাব।

দুহাতেৰে ঘটা এই সম্পত্তি তেওঁলোকে ৰাইজকে দি যাব বুলি মুকলি ঘোষণা কৰে। ৰাইজক দিবলৈ ৰাইজৰ পৰা কাঢ়ি এনেবোৰ সম্পত্তিৰ গৰাকী হোৱাই বা প্ৰয়োজন ক’ত, সেই উত্তৰহে তেওঁলোকে নিদিয়ে বা দিবলৈ ইচ্ছা নকৰে।

অসমত এতিয়া তেওঁলোকৰ দিন। অসমৰ মাটি-পানী-চাহ বাগান-বস্ত্ৰশিল্প-ৰিৰ্জট আদিৰ গৰাকী মানেই তেওঁলোক। বিধানসভাত গৃহীত হোৱা ভূমি আৰু ৰাজহ অধিনিয়ম(দ্বিতীয় সংশোধনী) বিধেয়ক-২০২৪ দেখাত ভাল লগা। প্ৰত্ত্বতাত্বিক আৰু ঐতিহাসিক স্থান সমূহৰ সমীপত বাহিৰৰ লোকে মাটি ক্ৰয় কৰিব নোৱাৰে। ভূমি ক্ৰয়-বিক্ৰয়ত বাধা দিবলৈ যি বিধেয়ক উত্থাপন কৰা হৈছিল সেই বিধেয়ক এজন মাত্ৰ কংগ্ৰেছৰ বিধায়কৰ আপত্তি দোহাই দি মাজুলীক ইয়াৰ পৰা আঁতৰাই ৰখা হ’ল।

তাৰ কাৰন হ’ল, মাজুলীত এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। মাটি কিনিছে কোম্পানীৰ নামত। কোম্পানীৰ নাম- একা ষ্টেটছ এল এল পি। সেই মাটিৰ কিছু অংশ পঞ্জীয়নো হৈছে। এইবোৰ চৰকাৰী তথ্যতো লুকুৱাই ৰাখিব নোৱাৰি। পুত্ৰ আৰু এগৰাকী এগৰাকী উদ্যোগী মহিলাৰ নামত আছে এই কোম্পানী।

সেই উদ্যোগী মহিলাগৰাকী হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ পত্নী। কিমান শক্তিশালী তেওঁ। অসম চৰকাৰৰ ভূমি অভিলেখাগাৰৰ তথ্য অনুসৰি, ২০২২-২৩চনত দুটা পৰ্যায়ত কিনা মাটিৰ মুঠ পৰিমাণ ১৮বিঘা, ৪কঠা, ১৪লেচা।

এতিয়াই মাজুলী পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু। দলং হ’ব, যাতায়ত সুচল হৈ পৰিব, তাৰ পাছত মাজুলীত মানুহে মাটি জানো বিচাৰিলে পাব? সেয়েহে ২০২২ৰ ১৮মে’তে মাজুলীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কমলাবাৰী মৌজা ততয়া গাঁৱত কিনিলে ১৭বিঘা, ৩কঠা, ১৮লেচা মাটি। যিখিনি মাটিৰ দাগ নম্বৰ- ১৪৯৭ আৰু পট্টা নম্বৰ- ১৪২২।

ততয়া গাঁৱৰ এই মাটি আছিল সুনীল নেওঁগ, ভৱানন্দ নেওঁগ, ৰবীন নেওঁগ, মহেন্দ্ৰ নেওঁগ, সুৰুষ নেওঁগ, মিনাক্ষী নেওঁগ, প্ৰফুল্লী নেওঁগ, দিলীপ নেওঁগ আৰু কবিতা নেওঁগৰ নামত। ৯ফেব্ৰুৱাৰী ২০২২ত মাজুলী ৰাজহ চক্ৰ বিষয়াৰ আপোচ বাটোৱাৰা নং- MAJ/MAJ/2021-22/11393/FPART হুকুমযোগে এই মাটি ম্যাদী পট্টা কৰা হয়।

তাৰ পাছত দ্বিতীয় পৰ্যায়ত নাৰায়ণ পাচনী, অজিত পাচনী, ললিত পাচনী, প্ৰবীণ পাচনীৰ পৰা কিনিলে ১বিঘা, ১৬লেচা মাটি একা ষ্টেচছ এল এল পিৰ নামত ক্ৰয় কৰা হৈছিল। চক্ৰবিষয়াই ৯জুন, ২০২৩ত নামজাৰি নং MAJ/MAJ/2022-23/18396/FMUTৰ হুকুমযোগে এই মাটি নামজাৰি কৰিছিল।

এনেকৈয়ে ক্ষমতাশালী লোকসকলে মাটি কিনি গৈছে। সুযোগ বুজি কম দৰতেই কিনিছে এই মাটি।  তেওঁলোকে ট্ৰাইবেল বেল্টৰ বাহিৰত বগা টকাৰে হেনো কিনিছে মাটি। এই ভূমি বিৰ্তকৰ উত্তৰ দি স্বয়ং মুখ্যমন্ত্ৰীয়েও কৈছে- অখিল গগৈৰ নিজৰাপাৰৰ মাটিতকৈ মাজুলীত তেওঁ পত্নীয়ে কিনা মাটিৰ দাম কম।

বিৰোধীয়ে সেই সুযোগ লৈ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীক আক্ৰমণ কৰিছে। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ মতে, ২৬হেনো নিৰ্বাচনী ইচ্ছ্যু হ’ব মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি। সময়ে সেইবোৰ ক’ব। আন এচামে এইবোৰ কথাক তল পেলাবলৈ সক্ষমতা থকা জনে মাটি কিনিছে, এয়া কেনেকৈ বেয়া কথা হ’ব বুলি উভতি ধৰিছে। অভিযোগ অনাসকলৰ বিৰুদ্ধে ৰাজপথত নামিছে।

বহু ক্ষমতাশালী, সফল লোকৰ আঁৰত থাকে এগৰাকী নাৰী। তেনেকৈয়ে বহু ধ্বংস হোৱা লোকৰ আঁৰতো এগৰাকী নাৰী থকাৰো উদাহৰণ আছে। কৃষক আৰু মাটিৰ সম্বন্ধত এতিয়া এনে এচাম ধনৱন্ত অন্তৰায় হৈ থিয় দিছে। মাটি অবিহনে কৃষক অসহায়। মাটি আৰু কৃষকৰ সেই যুগ যুগৰ সম্বন্ধত বহিৰাগত বণিক-ব্যৱসায়ীয়ে অতি কৌশলেৰে হস্তগতকৰণ জাল কেতিয়াবাই মেলিছে। একেখন জালেই যেন আমাৰ চিনাকি এগৰাকীয়েও য’তে-ত’তে ইতিমধ্যে পাতি পেলাইছে...