মুখ্য-পৃষ্ঠা

শশী ফুকনৰ এখন চিঠি...

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

বিস্ময় কেৱল এটা নাম নহয়, এটা যুগ। ৫৪টা বছৰ গৰকা 'বিস্ময়'ৰ জন্মৰ অন্তৰালত আছিল এক কাহিনী, এজন মানুহ। অসমত এনে লোক নোলোবা যি এবাৰলৈ হ'লেও বিস্ময়খন হাতত তুলি লোৱা নাই। ৫৪ বছৰীয়া বিস্ময়ৰ আঁৰৰ মানুহজনেই আছিল শশী ফুকন। বিশ্বনাথ চাৰিআলিৰ এখন সৰু ঠাইৰ পৰা গুৱাহাটীলৈ আহিছিল তেওঁ পঢ়িবলৈ।

বিশ্বনাথৰ টেঙাবড়ি গাঁৱত জন্ম হৈছিল শশী ফুকনৰ। ১৯৬৪চনত উচ্চতম মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ প্ৰাগজ্যোতিষ কলেজত নামভৰ্তি কৰিছিল। দুজন বন্ধুৰ সৈতে গুৱাহাটীত ভাড়াঘৰত আছিল। সেই ভাড়াঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই মন কৰিছিল শশী ফুকন আৰু তেওঁৰ লগৰীয়া কেইজনে যথেষ্ট বাহিৰা কিতাপ পঢ়া শুনা কৰে।

এদিন শশী ফুকন আৰু তেওঁৰ দুই বন্ধুক ভাড়াঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই এটা প্ৰস্তাৱ দিলে - তেওঁলোকে এখন আলোচনী উলিয়াব। আলোচনী প্ৰকাশ বা সম্পাদনা কৰাৰ কোনো জ্ঞান নাছিল তেওঁলোকৰ। শশী ফুকনৰ সৈতে চিনাকি আছিল শান্তনু তামুলীৰ। মৌচাকৰ সম্পাদক শান্তনু তামুলীৰ জ্যেষ্ঠ ভাতৃ নিত্যানন্দ তামুলী এই ক্ষেত্ৰত অভিজ্ঞ আছিল।

তেওঁৰ কাষলৈ গৈছিল তেওঁলোক পৰামৰ্শ বিচাৰি। অভিজ্ঞতা আৰু প্ৰস্তুতিৰ অবিহনেই তেওঁলোকে এখন আলোচনী উলিওৱাৰ কথা চিন্তা কৰি আলোচনীখনৰ নাম দিছিল 'সময়'। কিন্তু ধনৰ অভাৱত প্ৰথম সংখ্যা ছপা কৰা হ'ল যদিও মাত্ৰ ১০০ মান আলোচনীহে ছপাশালৰ পৰা তেওঁলোকে আনিলে।

সেই সময়তে শৰৎ গোস্বামী নামৰ এজন লোকে সৰু সৰু কিতাপ লিখি কটন কলেজৰ সন্মুখত, কেতিয়াবা পাণবজাৰত বিক্ৰী কৰিছিল। ৰেল ষ্টেচনত জীৱন নিৰ্বাহ কৰা এই লোকজনে ‘সময়’ নামৰ আলোচনীখনৰ কেইটামান কপি ছপাশালৰ পৰা আনি কিছু ঠাইলৈ পঠিয়াইছিল।

তাৰে এখন আলোচনীত চকু পৰিছিল শৰৎ গোস্বামীৰ। তেওঁ আহি ওলাইছিলি এদিন শশী ফুকনহঁতৰ ভাড়াঘৰত। সেইখন আকৌ উলিয়াবলৈ জোৰ কৰিলে শৰৎ গোস্বামীয়ে। কিন্তু ক'ত পাই প্ৰকাশক? প্ৰকাশক বিচাৰি তেওঁলোক গৈছিল যোগেশ শৰ্মা নামৰ এজন ব্যক্তিৰ কাষলৈ।

নতুনকৈ প্ৰেছ এটা খুলিছিল তেওঁ। কিন্তু প্ৰকাশকগৰাকীৰ সৈতে হোৱা আলোচনা সফল নহ’ল। ‘সময়’ আকৌ প্ৰকাশৰ পৰিকল্পনা ইয়াতেই অন্ত পৰিল। শশী ফুকনে ঠিক কৰিলে আনে উলিওৱা আলোচনী এখন প্ৰকাশ কৰাতকৈ নিজেই প্ৰকাশ কৰিব এখন নতুন আলোচনী। কিন্তু কি নাম দিব আলোচনীখনৰ?

শশী ফুকনৰ বন্ধু বীৰেন্দ্ৰ কুমাৰ লহকৰ, শান্তনু তামুলী, নিত্যানন্দ তামুলীয়ে লগ হৈ আলোচনা কৰিলে কথাটো। চাৰিটা নামো ভাবিলে তেওঁলোকে। আৰু নামটো ঠিক কৰি দিবলৈ তেওঁলোক কাষ চাপিল ড০ ভৱেন্দ্ৰ নাথ শইকীয়াৰ। কাগজ এখনত লিখি নিয়া নাম কেইটা চাই 'বিস্ময়' নামটোতে কলমেৰে টিক এটা মাৰি দিলে ড০ শইকীয়াই। তাৰপাছতে আৰম্ভ হ'ল ‘বিস্ময়’ৰ যাত্ৰা।

বিস্ময় নামটোৰ ল'গ' বেণু মিশ্ৰই কৰি দিছিল। কিন্তু সেই সময়ত বেণু মিশ্ৰ ব্যস্ত থকাত প্ৰথম সংখ্যাৰ কাভাৰ ডিজাইন কৰাত প্ৰত্যাহ্বান আহিল। তেতিয়া এখন সাপ্তাহিক কাকত আছিল নীলাচল। তাতেই প্ৰকাশ কৰা জুৱেলাৰীৰ এটা বিজ্ঞাপন কাটি আনি বেণু মিশ্ৰই ডিজাইন কৰি দিয়া ল'গ' বিস্ময়ৰ সৈতে লগাই দিলে। হৈ গ'ল এনেদৰেই বিস্ময়ৰ প্ৰথমটো ক'ভাৰ।

১৯৬৯চনৰ জানুৱাৰীত প্ৰকাশ পালে বিস্ময়ৰ প্ৰথমটো সংখ্যা। প্ৰথমটো সংখ্যা আছিল ৯০ পৃষ্ঠাৰ। আলোচনীখনৰ প্ৰথম সংখ্যাত লিখিছিল সুৰেন্দ্ৰ কুমাৰ শৰ্মাই এখন ৰহস্যধৰ্মী উপন্যাস। নাম আছিল 'বাসনাৰ ফুল'। ধাৰাবাহিক আছিল এই উপন্যাসখন। শৰৎ গোস্বামীৰ 'চিমলি' নামৰ উপন্যাস, যতীন্দ্ৰ মোহন দস্তিদাৰৰ পুলিচৰ ডায়েৰী পাঠকলৈ আগবঢ়াইছিল বিস্ময়ৰ পাতত।  বিজয় কৃষ্ণ দেৱ শৰ্মাই অনুবাদ কৰিছিল 'অন্য তৰংগ' বুলি এক লেখা। ভিন্ন ৰুচিৰ লেখাৰে ভৰি আছিল এই আলোচনীখন।

বিশ্বত চাঞ্চল্য সৃ্ষ্টি কৰা এটি শিশুৰ কাহিনী, চিনেমাৰ শিতান আদি অনেক ধৰণৰ লেখা প্ৰকাশ কৰা হৈছিল আলোচনীখনৰ প্ৰথম সংখ্যাত। সেই ধাৰা পৰৱৰ্তী সময়তো আলোচনীখনত অব্যাহত ৰাখিছিল।  বিস্ময়ক লৈ বহুতে বহু অভিযোগ তুলিলেও যুৱচামৰ বাবে বিস্ময়খন আছিল বিস্ময় আৰু আগ্ৰহৰ আলোচনী।

বিস্ময়ে সেই যাত্ৰা আৰম্ভ কৰাৰ পাছত এবছৰ নৌহওঁতেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কেইটামান সংখ্যা প্ৰকাশ কৰাৰ পাছত অৰ্থৰ অভাৱত আলোচনীখনত প্ৰকাশ কৰিব নোৱাৰাত বিস্ময়লৈ নামি আহিছিল জটিল সময়। পিছলৈ সেই অনিশ্চিয়তা পাৰ কৰি বিস্ময় সগৌৰৱে থিয় হৈছিল নিজৰ ভৰিত। পবিত্ৰ কুমাৰ ডেকা, প্ৰফুল্ল কুমাৰ দত্ত, হেমচন্দ্ৰ দলে, বিদূষক, বৈদ্যুৰ্য বৰুৱা, জিমনি চৌধুৰী, দেৱব্ৰত দাস, ড০ চৈদুল ইছলাম, উৎপল দত্ত, ৰঞ্জু হাজৰিকা আদি অনেক লেখক বিস্ময়ৰ জৰিয়তে পৰিচিত হৈ পৰিছিল। বিস্ময়ৰ আন এক আকৰ্ষণ আছিল ডিটেক্টিভ ধাৰাবাহিক 'অপাৰেশ্যন এছ কে জি'।

ৰহস্যধৰ্মী লিখা, অনুসন্ধানমূলক খবৰ আদিৰ বাবে বিস্ময় আছিল এটা সময়ত পাঠকৰ বাবে আদৰৰ । সকলো বাধা অতিক্ৰম কৰি ১৯৭০চনৰ জানুৱাৰীত বিস্ময় প্ৰচলনৰ সংখ্যা হৈছিলগৈ ৫ হাজাৰ। আনকি বন্ধুৰ পিতৃৰ পৰাও বিস্ময় প্ৰকাশ কৰিবলৈ ধন ল'ব লগা হৈছিল শশী ফুকনে। ১৯৭৩চনত শশী ফুকনে ভৰুলুমুখত এটা প্ৰেছ খুলি স্থানান্তৰ কৰিছিল বিস্ময়ৰ কাৰ্যালয়। তাৰ পূৰ্বে চিটি বাছত গৈ ফাঁচী বজাৰত কাগজ কিনি সেই কাগজৰ গাড়ীৰে মালিগাঁৱলৈ লৈ গৈছিল।

ইচ্ছা কৰা হ'লে তেওঁ বি.এছচি পাছ কৰি শিক্ষক ৰূপে জীৱন কটাব পাৰিলে হয়। কিন্তু সেই বৃত্তি গ্ৰহণ নকৰি বিস্ময়ৰ সৈতে ব্যস্ত হৈ পৰিছিল শশী ফুকন। জীৱনত তেওঁ বহু ঘাত-প্ৰতিঘাটৰ সন্মুখীন হৈছিল। এনে দিনো গৈছে যে ভাতৃক চিকিৎসালয়ত থৈ বিস্ময়ৰ কাম কৰিছিল।  সেই সময়ত যোগাযোগ ব্যৱস্থা আজিৰ দৰে নাছিল। বিস্ময়খন গৈ পাঠকৰ হাতত পৰোতে সময় লাগিছিল।

লাহে লাহে বিস্ময় মানুহৰ মাজত সোমাই পৰিল। বিস্ময়লৈ আহিছিল ভাল দিন। বিস্ময়ৰ প্ৰচলনৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰিছিল। বিস্ময়ৰ বহুবোৰ শিতানে মানুহৰ মনত যি ৰেখাপাত কৰিছিল, সেই শিতানবোৰো যেন তথ্য-প্ৰযুক্তিৰ যুগত ক্ৰমশঃ অৱহেলিত হৈ পৰিল। তাৰ উদাহৰণ পত্ৰবন্ধু শিতান।

বিস্ময় আছিল এক বিশেষ চৰিত্ৰ বহন কৰা আলোচনী। কবিতাক বাদ দি সকলো প্ৰকাশ কৰিছিল বিস্ময়ত। এফালে বিস্ময়ৰ জৰিয়তে পাঠকে পাইছিল গল্প, উপন্যাসৰ স্বাদ। আনফালে, বিস্ময়ে বিজ্ঞান, ৰহস্যধৰ্মী, অনুসন্ধান, অনুবাদমূলক লেখাও প্ৰকাশ কৰি অসমীয়া সাহিত্যক সমৃদ্ধ আৰু পাঠকক নতুন সোৱাদ দিছিল।

সময়ৰ লগত সলনি হৈছিল বিস্ময়ৰ চৰিত্ৰ। বিস্মিতি শিতানৰ উত্তৰবোৰ আছিল পাঠকৰ বাবে অন্য এক আকৰ্ষণ। বিদূষকে দিছিল সেই প্ৰশ্নসমূহৰ উত্তৰ। কিন্তু পাঠকৰ মনত প্ৰশ্ন হৈছিল কোন এই বিদূষক, যি ইমান ধুনীয়াকৈ দিয়ে প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিব জানে।

আনকি বিদূষকক লগ ধৰিবলৈ বিস্ময়ৰ কাৰ্যালয় পাইছিলহি অনুসন্ধিৎসু পাঠক। বহু লেখকে বিস্ময়ত ছদ্ম নামেৰেই লিখিছিল। 'ৰমন মহলীয়া'ৰ নামত লিখিছিল শশী ফুকনে নিজেই । নিত্যানন্দ তামুলীয়ে লৈছিল 'ত্ৰিভুজ নন্দন হাতী বৰুৱা'ৰ নাম। মানিক বৰাই 'নিকুঞ্জ তনয়' নামত বিস্ময়ত লিখিছিল।

নতুন প্ৰজন্মই সাহিত্য চৰ্চা কৰা এক মঞ্চ পাইছিল এই বিস্ময়ৰ জৰিয়তে। লাহে লাহে বিস্ময় মানুহৰ মন-মগজুত সোমাই পৰিছিল।কিন্তু সেই বিস্ময়ক লৈ আগ্ৰহ কমিল।  ইন্টাৰনেট, ফেচবুক, হোৱাটছএপ আদি ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ পৰিল বিস্ময়ৰ ওপৰত।

কোৰোনা ভাইৰাছৰ চাইড এফেক্ট বিস্ময়তো প্ৰভাৱ পৰিল। বিস্ময়ৰ সম্পাদক তথা স্বত্তাধিকাৰী শশী ফুকনে তেতিয়াই বিস্ময়ৰ সংখ্যাৰ প্ৰথম পৃষ্ঠাত এক লেখা লিখিছিল। য'ত তেখেতে 'পাঠকলৈ আহ্বান' বুলি লিখিছিল- 'প্ৰিয় পঢ়ুৱৈসকল, আপোনালোকলৈ লিখা এইখন মোৰ প্ৰথম চিঠি। হয়তো অন্তিম চিঠি। পঢ়ুৱৈ সকল, যোৱা ৫১টা বছৰে প্ৰথম পৃষ্ঠা তথা 'সখীৰ পদূলিত' কেৱল সমাজৰ কথা, আপোনালোকৰ কথা আদিহে লিখিছিলো। আজি প্রথমবাৰ নিজৰ বিষয়ে আৰু বিস্ময় তথা প্ৰিয়সখীৰ বিষয়ে দুআষাৰ মনৰ কথা ব্যক্ত কৰিব খুজিছো। পঢ়ুৱৈ সকল আজি বিশ্ব সন্ত্ৰাস মহামাৰী কোৰোনাৰ প্ৰভাৱত স্ববন্দিত্ব গ্ৰহণ কৰি গৃহ বন্দী হৈ আছো…।'

পাঠকলৈ লিখা এই চিঠিত শশী ফুকনে ২১ শতিকাৰ দ্বিতীয় দশকটোত বাতৰি কাকত, আলোচনী আদিৰ বাবে প্ৰতিকূল সময় নহয় বুলি উল্লেখ কৰিছিল। সেই কথাকে ভিত্তি কৰি কোনোৱে সেই সময়ত লিখিছিল-  বন্ধ হ'ব বিস্ময়।

২০২০ৰ মে’ৰ কথা। সম্ভৱ সেই দিনটোত ২০মে’ আছিল। বিস্ময়ৰ পাতত লেখা তেওঁৰ এই চিঠি আৰু মানুহৰ মাজত বিস্ময়ক লৈ চলা গুণা-গথাঁবোৰ কিমান সচাঁ?  সেই কথা জানিবলৈ ফোন কৰিছিল শশী ফুকনলৈ। জানিব বিচাৰিছিলো সত্য কি? সঁচাকৈ বন্ধ হৈ যাব নেকি বিস্ময়।

তেখেতে কৈছিল- বিস্ময় বন্ধ হ'ল বা হ'ব তেনে কথা কোৱা নাছিল। কিন্তু মই এই কথা কৈছিলো যে আজিৰ পৰিৱেশ-পৰিস্থিতিত বিস্ময় বন্ধ কৰাৰ দৰে পৰিৱেশ এটা সৃষ্টি হৈছে। যোৱা ৫২ বছৰত বিস্ময় ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছিল। কোৰোনা ভাইৰাছৰ বাবে দুটা সংখ্যা প্ৰকাশ নোহোৱাটোৱে মনত যথেষ্ট দুখ দিছে।

তেখেতে আৰু কৈছিল- 'বিস্ময়ৰ প্ৰচলনৰ সংখ্যা কমিছে। লকডাউনৰ পাছত দোকানীবোৰেও এই নিশ্চয়তা দিব পৰা নাই যে কিমান কপী বিস্ময় তেখেতসকললৈ পঠাব লাগিব। আগতে ৫০০ কপী বিক্ৰী কৰা এজেন্ট জনলৈ এতিয়া ১০০ কপী পঠাব লগা হৈছে। কাৰো ওচৰতে সেই নিশ্চয়তা নাই। বিজ্ঞাপন, কাগজৰ দাম, আলোচনীৰ বজাৰ এইবোৰে মিলি এক অনিশ্চিয়তাৰ সৃষ্টি কৰিছে।'

তেতিয়া বিস্ময় আৰু প্ৰিয়সখীত আছিল ১২জন কৰ্মচাৰী। কাৰ্যালয়ত তেতিয়াও চলি আছিল আলোচনী দুখনৰ পৰৱৰ্তী সংখ্যাৰ কাম। কিছু লোকে কোৱাৰ দৰে বিস্ময় বন্ধ হৈ যোৱা নাছিল। বন্ধ কৰাৰ সিদ্ধান্তও লোৱা নাছিল শশী ফুকনে। কিন্তু কোৰোনা ভাইৰাছৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিয়ে কি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল সেয়াহে ব্যক্ত কৰিছিল তেওঁ।

বিস্ময়ৰ সৈতে অসমৰ বহু লোকৰ আৱেগ-অনুভূতি জড়িত হৈ আছে। বিস্ময়ৰ বাবেই তেওঁ জীৱনৰ সৰ্বস্ব সময় ত্যাগ কৰিছিল । কিন্তু পৰিস্থিতিয়ে তাত বাধা হৈ থিয় দিছিল। সেই সম্ভাৱনাৰ কথাহে লিখিছিল তেওঁ প্রথম পৃষ্ঠাত। তাৰ পাছত বিস্ময়ৰ খবৰ ৰখা হোৱা নাছিল।

কেইমাহ মানৰ পূৰ্বে এটা খবৰ আহিছিল। শশী ফুকন অসুস্থ। মহানগৰীৰ এখন ব্যক্তিগত খণ্ডৰ হস্পাতালত তেখেতক ভৰ্তি কৰা হৈছে। মাজৰ এই ৪টা বছৰ বিস্ময়ৰ বাবে আৰু প্ৰত্যাহ্বান আহিছিল। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ তেৱোঁ সুস্থ হৈ নাছিল।

আৰ্থিক আৰু আন সমস্যাই তেওঁকো জোকাঁৰি গৈছিল। ৰংঘৰ, প্ৰিয় সখী, বিস্ময় আদি আলোচনীৰ আঁৰৰ মানুহজন ভাবুক হৈ পৰিছিল। ব্যক্তিগত নাৰ্চিং হোমৰ পৰা তেওঁক জি এম চি এইচলৈ অনা হৈছিল। চৰকাৰী পক্ষইও তেওঁৰ চিকিৎসাৰ বাবে সহযোগ কৰিছিল।

২৫অক্টোবৰ, ২০২৪ৰ নিশা ১০.৩০বজাত আহিল দুঃখবৰ। শশী ফুকন আৰু নাই। অতীত হৈ গ’ল বিস্ময় যুগৰ স্ৰষ্টাগৰাকী। বিস্ময় ওলাল, বিষাদ পলাল- এয়া আছিল বিস্ময়’ৰ কোনো এটা সংখ্যা প্ৰকাশৰ সময়ত দিয়া বিজ্ঞাপন। মানুহৰ মনত ৰৈ গৈছিল সেই বাক্যশাৰী।

শশী ফুকনৰ বিয়োগে হয়তো অন্ধকাৰ নমাই আনিব বিস্ময়ৰ ভৱিষ্যতলৈ। তেওঁৰ পৰিয়ালে আগ্ৰহ আৰু সংকল্প লৈছে বিস্ময়ৰ এই যাত্ৰাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ। বিচাৰিছে ৰাইজ তথা চৰকাৰৰ সহযোগ। বিস্ময় এক আলোচনীৰ নামেই নহয়, বিস্ময় বহুতৰ বাবে এক আৱেগ। সেই বিস্ময়কো মন আৰু প্ৰাণত লৈ ফুৰিছিল শশী ফুকনে। তেওঁৰ বাবে বিস্ময়ে আছিল জীৱন আৰু সপোন...