মুখ্য-পৃষ্ঠা

সকলোতে আছে নাম! দেশত ছিক্কিমৰ জয়গান...

Asomiya Pratidin
ছিক্কিমৰ সৌন্দৰ্যক লৈ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। দেশৰ ভিতৰতে কম জনসংখ্যাৰ ৰাজ্য ছিক্কিম শৈক্ষিক, অৰ্থনৈতিক সকলো দিশতে আগবঢ়া। ছিক্কিমক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন...

ভাৰতৰ মুঠ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশ। কিন্তু আপুনি জানেনে ভাৰতৰ সবাতোকৈ কম জনসংখ্যা থকা ৰাজ্য কোনখন। ভাৰতৰ সবাতোকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ জনসংখ্যা গুৱাহাটী মহানগৰীৰ জনসংখ্যাৰ ৩ভাগৰ এভাগ। সেই ৰাজ্যখন হৈছে ছিক্কিম।  

ছিক্কিমত বৰ্তমান মুঠ জনসংখ্যা ৬.৮০লাখ। পাহাৰীয়া ৰাজ্যখনত পুৰুষৰ সংখ্যা হৈছে ৩২৩,০৭০গৰাকী আৰু মহিলাৰ সংখ্যা ২,৮৭,৫০৭গৰাকী। উল্লেখ কৰা প্ৰয়োজন যেস ২০০১চনত ছিক্কিমত মুঠ জনসংখ্যা আছিল ৫.৪০লাখ। ইয়াৰ ভিতৰত ২,৮৮,৪৮৪গৰাকী পুৰুষ আৰু ২,৫২,৩৬৭গৰাকী মহিলা। ২০১১ৰ লোকপিয়ল মতে, ছিক্কিমৰ জনসংখ্যা দেশৰ মুঠ জনসংখ্যাৰ ০.০৫শতাংশ।

কম জনসংখ্যাৰ ৰাজ্য হলেও ছিক্কিম অৰ্থনৈতিক, শৈক্ষিক আদি সৰ্বতো দিশতে আগবঢ়া।  ২০২৩ৰ এক সমীক্ষা মতে ছিক্কিমৰ সাক্ষৰতাৰ হাৰ ৮১.৪২শতাংশ। ৰাজ্যখনত পুৰুষ সাক্ষৰতাৰ হাৰ ৮৬.৫৫শতাংশ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ৭৫.৬১শতাংশ।

ছিক্কিমৰ ঘৰুৱা জনমূৰি আয় দেশৰ ভিতৰতে লেখত লবলগীয়া। জনমূৰি আয়ৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৰাজ্যৰ তালিকাত তৃতীয় স্থানত আছে ছিক্কিম। এই তালিকাত প্ৰথম স্থানত আছে গোৱা, আৰু দ্বিতীয় স্থানত আছে দিল্লী।  দেশৰ ভিতৰতে তৃতীয় স্থানত থকা ছিক্কিমৰ জনমূৰি আয় ১৯হাজাৰ ৯৬৪টকা। আনহাতে এই তালিকাত অসমৰ স্থান আছে ২২সংখ্যক স্থানত।

ছিক্কিমৰ উপাৰ্জনৰ ক্ষেত্ৰত প্ৰধান আধাৰ হৈছে পৰ্যটন আৰু কৃষি। ৰাজ্যখনলৈ বছৰি দেশী-বিদেশী লাখ লাখ পৰ্যটকৰ সমাগম ঘটে।  ছিক্কিমৰ উত্তৰ, পূব আৰু পশ্চিম সীমান্তত হিমালয় পৰ্বতমালাই বেৰি ধৰি আছে। ৰাজ্যখনত মুঠ ২৮টা শৃংগ, ৮০ টাৰো অধিক হিমবাহ, ২২৭টা হ্ৰদ (ছাঙগো', গুৰুডঙমাৰ আৰু খেচিয়'পাল্ৰীৰ দৰে উল্লেখযোগ্য হ্ৰদ), পাঁচোটাকৈ গৰম পানীৰ উঁহ আৰু ১০০ খনৰো অধিক নদী আৰু নিজৰা আছে। ইয়াৰ উপৰিও আঠটা গিৰিপথ আছে, যিয়ে ৰাজ্যখনক তিব্বত, ভূটান আৰু নেপালৰ লগত সংযোগ কৰিছে। এনেবোৰ কাৰনতে ছিক্কিমৰ প্ৰতি পৰ্যটকৰ আকৰ্ষণ অধিক।

কৃষি ক্ষেত্ৰতো ছিক্কিমৰ বিশেষ দখল আছে। ৰাজ্যখনত সকলো কৃষিজাত সামগ্ৰী কোনো কীটনাশক ব্যৱহাৰ নকৰাকৈ উতপাদন কৰা হয়। ৰাজ্যখনত উতপাদিত কৃষিজাত সামগ্ৰী দেশ-বিদেশলৈও ৰপ্তানি হয়।

পৰ্যটনৰ পৰাই অধিক ৰাজহ সংগ্ৰহ কৰা ছিক্কিমত কোনো বিমান বন্দৰ নাই, নাই ৰেলপথো।  ইয়াৰ কাৰণ হৈছে ৰাজ্যখনৰ অসমান ভূমিভাগ। তথাপি, ৰাজ্যখনৰ প্ৰথমটো বিমান বন্দৰটো গেংটকৰ পৰা ৩০ কিঃমিঃ (১৯মাইল) নিলগৰ পাকয়ংত নিৰ্মাণ কৰাৰ যো-জা চলি আছে। বৰ্তমান ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে পশ্চিমবংগৰ শিলিগুড়িৰ ওচৰৰ বাগডোগ্ৰা বিমান বন্দৰ

ই গেংটকৰ পৰা প্ৰায় ১২৪ কিঃমিঃ দূৰত অৱস্থিত। ছিক্কিম হেলিকপ্টাৰ ছাৰ্ভিছয়ে গেংটকৰপৰা বাগডোগ্ৰালৈ দৈনিক বিমান সেৱা আগবঢ়ায়। ৩০ মিনিটৰ এই বিমান যাত্ৰাটো দৈনিক এবাৰহে চলে আৰু প্ৰতিবাৰত ৪জন যাত্ৰী কঢ়িয়াব পাৰে।ইফালে বৰ্তমানলৈকে ছিক্কিমত কোনো ৰেলসেৱা নাই। ইয়াৰ নিকটতম ৰেলৱে ষ্টেচন হৈছে পশ্চিমবংগৰ শিলিগুড়ি আৰু নিউ জলপাইগুড়ি।

যোগাযোগৰ ক্ষেত্ৰত কিছু পিছ পৰি থাকিলেও ছিক্কিমত বহু আন্তৰ্জাতিক কোম্পানীয়ে কাম কৰি আছে। মেডিকেল চেক্টৰৰ বহুকেইটা আগশাৰীৰ কোম্পানীয়ে কাম কৰি আছে ৰাজ্যখনত। সমগ্ৰ ৰাজ্যখনত সৰ্বমুঠ ১১৫৭খন বিদ্যালয় আছে। ইয়াৰে ৭৬৫খন ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত বিদ্যালয়, ৭খন কেন্দ্ৰীয় চৰকাৰী বিদ্যালয় আৰু ৩৮৫খন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে।

উচ্চতৰ শিক্ষাৰ বাবে ইয়াত ১২খন মহাবিদ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠান আছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান হৈছে ছিক্কিম মণিপাল ইউনিভাৰ্চিটি[। ই অভিযান্ত্ৰিক, ঔষধ আৰু মেনেজমেণ্ট, এই তিনিটা বিভাগত শিক্ষা প্ৰদান কৰে। ইয়াত বিভিন্ন বিভাগত দূৰ-সংযোগী শিক্ষা গ্ৰহণৰ (Distance Education Program, ) সুবিধাও আছে।

ছিক্কিমত ৰাজ্য চৰকাৰ দ্বাৰা পৰিচালিত দুখনকৈ পলিটেকনিক বিদ্যালয়: এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ (Advanced Technical Training Centre, ATTC) আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী (Computers and Communication Technology, CCCT) আছে। ইয়াত অভিযান্ত্ৰিক ক্ষেত্ৰৰ বিভিন্ন বিভাগত ডিপ্লমা প্ৰদান কৰা হয়। এডভাঞ্চড টেকনিকেল ট্ৰেনিং চেণ্টাৰ ছিংটামৰ বৰডাঙত আৰু চেণ্টাৰ ফৰ কম্পিউটাৰছ এণ্ড কমিউনিকেশ্বন টেকন'লজী নামছিৰ ছিছ'পানীত অৱস্থিত।২০০৮ চনত ছিংটামৰ পৰা প্ৰায় ২৮ কিঃ মিঃ নিলগৰ য়ানগেঙত (Yangang) এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ছিক্কিম বিশ্ববিদ্যালয় স্থাপন কৰা হয়।

 এনেকৈয়ে অনেক প্ৰত্যাহ্বান নেওঁচি ছিক্কিমে দেশৰ ভিতৰতে অন্যতম আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰকৃতি, পৰিৱেশৰ লগতে খাপ খোৱাই ৰাজ্যখনত যি বহনশীল উন্নয়নৰ পদ্ধতি সেয়া সচাঁকৈয়ে লেখত লবলগীয়া।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, দেশৰ ভিতৰতে কম জনসংখ্যা ৰাজ্যৰ তালিকাত শীৰ্ষত ছিক্কিমৰ বিপৰীতে দ্বিতীয় স্থানত আছে মিজোৰাম আৰু তৃতীয় স্থানত আছে অৰুণাচল প্ৰদেশ।