মুখ্য-পৃষ্ঠা

বৰা দোষী! এতিয়াহে সংঘৰ আই-বাপ সকল সুখী...

মৃদুল কুমাৰ সন্দিকৈ

মৃদুল কুমাৰ সন্দিকৈ

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ত্ৰাৰ্ণকতাৰ ৰূপত নিজকে প্ৰক্ষেপ কৰা বাবুল বৰাৰ স্বৰূপ অৱশেষত সংঘৰ মজিয়াতে উন্মোচিত হ’ল। দেশৰে অতি উচ্চ আসনত থকা এই ধৰ্মীয় অনুষ্ঠানটোৰ মজিয়াত পীৰা পাৰি বহি লোৱা বাবুল বৰাৰ কৰ্মকাণ্ড পোহৰলৈ অহাৰ পাছত ইয়াৰ সৈতে জড়িত প্ৰতিজন লোকৰ হৃদয়ত এটা প্ৰশ্নই কেৱল জোকাঁৰি গৈছে।

ইয়াকে কৰিবলৈ বাবুল বৰা নামৰ সংঘৰ এসময়ৰ প্ৰধান সম্পাদক জনে বিষয়বাব এৰা নাছিল নেকি বুলি সকলোৱে কথাবোৰ বুজি উঠিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে বাবুল বৰা নিৰ্বাচিত হৈছিল ২০১৩চনত।

হৰিপ্ৰসাদ হাজৰিকাৰ পাছত সংঘৰ এই বিষয়বাবত অধিষ্ঠিত হোৱা বাবুল বৰাই ২০১৭চনৰ লৈকে দুটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰ দায়িত্বত আছিল। তাৰ পাছত এটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদক হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰা। ২০১৭চনৰ পৰা ২০১৯চনলৈকে তেওঁ আছিল এই পদবীত।

পুনৰ ২০১৯চনত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল বিৰ্তকিত বাবুল বৰা। সেইবাৰো চাৰিটা বছৰ অৰ্থাত ২০২৩চনৰ লৈকে এই দায়িত্বত আছিল বাবুল বৰা।  সেই সময়তে সংঘৰ ভিতৰচঁৰাত বাবুল বৰাৰ কথাই নিয়ম হৈ পৰিছিল।

সংঘৰ সৈতে একাত্মতাৰে জড়িত বহু বিষয়ববীয়া তথা ভকত বৈষ্ণৱক বাবুল বৰাই ক্ষমতাৰ অপব্যৱহাৰ আৰু ষড়যন্ত্ৰৰে তেওঁৰ বিৰুদ্ধাচৰণ কৰিলেই ব্যৱস্থাগ্ৰহণৰ অভিযোগ উঠিছিল।  ক্ষমতাত থকা বাবুল বৰাক বিৰুদ্ধাচৰণ কৰা মানেই সংঘত তেওঁৰ স্থান নাছিল।

আনকি এটা সৰু ভুলৰ বাবেই হৰিপ্ৰসাদ হাজৰিকাৰ দৰে প্ৰাক্তন প্ৰধান সম্পাদকক তেওঁ সংঘৰ মজিয়াৰ পৰা বাহিৰ কৰি দিছিল। সেইজন বাবুল বৰাই আজি নিজে পতা জালত নিজে বন্দী হৈ পৰিছে। আনুষ্ঠানিকভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বাহিৰ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিবলৈহে বাকী।

 প্ৰাক্তন প্ৰধান সম্পাদকজনৰ বিৰুদ্ধে বহুকেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগসমূহ ইতিমধ্যে তদন্ত সমিতিয়ে তদন্ত কৰি সেই সন্দৰ্ভত এক পৰামৰ্শ প্ৰদান কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই সংঘৰ জিলা শাখা সমূহলৈ এই সন্দৰ্ভত এক পত্ৰও ১জুলাই, ২০২৪ত প্ৰেৰণ কৰিছে।

প্ৰধান সম্পাদকগৰাকীয়ে প্ৰেৰণ কৰা পত্ৰ নং- ০৬/৯৪/২৪/৬৩৯৮ত ২৩জুন ২০২৪ত মূল কাৰ্য নিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ সবিশেষ উল্লেখ কৰিছে। পত্ৰখনত লিখিছে যে, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ আটোৱাটিকা (নগাঁও, ধুবুৰী আৰু যোৰহাট) গোটৰ নিৰ্মাণ কাৰ্যত বিভিন্ন অনিয়ম, ধন অপচয় আৰু বিশ্ববিদ্যালয়ত হোৱা নিযুক্তিকে আদি কৰি বিভিন্ন বিসংগতি ধৰা পৰিছে।

উত্থাপিত অভিযোগক কেন্দ্ৰ কৰি গঠন কৰি দিয়া তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ অধিকাংশতে প্ৰাক্তন সম্পাদক বাপ বাবুল বৰা জড়িত থকাৰ তথ্য দাখিল কৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাকো কিছু পৰিমাণে জগৰীয়া কৰিছে।

কাৰ্যনিৰ্বাহকত হোৱা সেই তদন্তৰ প্ৰতিবেদনৰ আলোচনাৰ অন্তত পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৰা আৰু মহেলা বাপক সংঘৰ সকলোধৰণৰ দায়িত্বৰ পৰা বিৰত ৰাখি নিষ্ক্ৰিয় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য যে, এই সময়চোৱাত তেখেতসকলে প্ৰাথমিক পৰা মূলৰ কোনো সভা-সমিতিত দায়িত্ব সহকাৰে অংশ ল’ব নোৱাৰিব।

১২০ পৃষ্ঠাৰ এই প্ৰতিবেদনৰ সন্দৰ্ভত ২৩/০৬/২০২৪ত অনুষ্ঠিত হোৱা মূল কাৰ্যনিৰ্বাহকে দুয়োজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ অৰ্থে এখন ৫জনীয়া কমিটি গঠন কৰি দিছিল। সেই কমিটিৰ বৈঠকত প্ৰাৰম্ভিকভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এনে অনিয়ম আৰু দুৰ্নীতিৰে জড়িত থকাৰ প্ৰমাণ পোৱাৰ পাছত সংঘৰ এসময়ৰ অতি ক্ষমতাশালী প্ৰধান সম্পাদকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে গঠন কৰি দিয়া ৫জনীয়া কমিটি খনত আছিল- পদাধিকাৰ, উপ পদাধিকাৰ, বৰ্তমানৰ প্ৰধান সম্পাদক আৰু সংঘৰ দুগৰাকী যুটীয়া সম্পাদক।

অৰ্থ অশুচী আৰু অন্যান্য অভিযোগত অভিযুক্ত প্ৰধান সম্পাদক বাবুল বৰা বিৰুদ্ধে শেহতীয়াকৈ ৰঙিয়া অনুষ্ঠিত সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত সৰৱ হৈছিল একাংশ প্ৰতিনিধি। ধুবুৰীৰ এক প্ৰকল্পস্থলী নিৰ্মাণ কৰা দুখন ফুলৰ বাগান মইমতালিৰে সেই প্ৰকল্পৰ সম্পাদকৰ দায়িত্বত থকা জয়ন্ত গোস্বামীৰ অজ্ঞাতে ভাঙি পেলাইছিল বাবুল বৰাই।

এই প্ৰসংগত বাবুল বৰাৰ বিৰুদ্ধে গৰিহণাৰ প্ৰস্তাৱো গ্ৰহণ কৰিছিল। ৰঙিয়াৰ প্ৰতিনিধি সভাত জয়ন্ত গোস্বামীয়ে এই প্ৰসংগ উত্থাপন কৰাৰ সময়ত বাবুল বৰাই তেনে কাম তেওঁ কৰা নাছিল বুলি কৈ ফুলনিৰ খুঁটি সমূহ ইফাল-সিফাল কৰা বুলি নিজক ৰক্ষাৰ চেষ্টা কৰিছিল।

ৰঙিয়াৰ এই প্ৰতিনিধি সভাতেই বাবুল বৰাই আত্মীয়ৰ নামত সংঘৰ গাড়ী পানীৰ দৰত ক্ৰয় কৰা জালিয়াতিৰ প্ৰসংগও স্থান পাইছিল। যোৰহাটৰ এগৰাকী প্ৰতিনিধিয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল আৰু ইয়াৰ উচিত তদন্তৰ দাবী জনাইছিল। এই অনিয়ম পোহৰলৈ অনা মানুহগৰাকীক সংঘৰ পৰা খেদাই বাবুল বৰাক ৮বছৰ ধৰি প্ৰধান সম্পাদক পতা বুলি উষ্মা ব্যক্ত কৰিছিল ব্যক্তিগৰাকীয়ে।

ময়ূৰী ফুকন নামৰ সেই প্ৰতিনিধি গৰাকীৰ এনে অভিযোগ আৰু জয়ন্ত গোস্বামীৰ অভিযোগৰ তদন্ত বিচাৰিছিল সংঘৰ বহু সংখ্যক প্ৰতিনিধিয়ে। পৰৱৰ্তীসময়ত বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সংখ্যা দিনকদিনে বৃদ্ধি পাইছিল।

ধুবুৰীত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ কেম্পাছৰ দুটা ঘৰ মেৰামতিৰ বাবে ঠিকা আৱন্টন দিয়া হৈছিল। নিবিদা অবিহনে আৱন্টন দিয়া হৈছিল এই ঠিকা। আচাম টাইপৰ ঘৰ দুটা পুনৰ মেৰামতিৰ নামত প্ৰায় ৬৯লাখ টকা ব্যয় কৰা হৈছিল। সেই সময়ত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপ পঞ্জীয়ক শেখৰ কান্তি সৰকাৰক তদন্তৰ নামত বলিপথা সজাই সাৰি গৈছিল বাবুল বৰা।

তদন্তৰ প্ৰতিবেদনত বাবুল বৰাৰ কাৰ্যকালত সংঘটিত এনে অলেখ অনিয়মৰ আভাস আছে। আনকি ধুবুৰীত পুনঃমেৰামতি কৰা গৃহত ৪৫এম এম ডাইনাৰোফৰ টিনপাত লগোৱা বুলি কাগজে পত্ৰই উল্লেখ কৰিছিল যদিও কাৰ্যত ২৫এম এম ডাইনৰোফৰ টিনপাতহে লগাইছিল। ইয়াৰ পৰা ৰাহি কৰা ধন কোনে ভগাই খাইছিল সেই তথ্য প্ৰমাণো তদন্ত কমিটিয়ে সংগ্ৰহ কৰিছে।

সংঘৰ ধন বিশ্ববিদ্যালয় বা আন নিৰ্মাণৰ নামত ব্যয় কৰাত জোৰ দিছিল বাবুল বৰা আৰু একাংশ সংগীয়ে। ধুবুৰীত এতিয়াও পৰি আছে ১৫০পেকেট টাইলছ। অতি নিম্নমানৰ এই টাইলছ এতিয়া কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰা অৱস্থাত আছে। এইবোৰ ধন কিয় প্ৰধান সম্পাদক হিচাপে বাবুল বৰাই পানীত পেলাইছিল তাৰো তদন্ত চলিছিল।

ইয়াতকৈ ডাঙৰ আন এক অভিযোগ বাবুল বৰাৰ উত্থাপন হৈছে। প্ৰধান সম্পাদক হোৱা সূত্ৰে বাবুল বৰা শংকৰদেৱ বিশ্ববিদ্যালয় পৰিচালনা কৰা শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থসামাজিক ন্যাসৰ অন্যতম মূল মানুহ আছিল। অভিযোগমতে, বাবুল বৰাই বিশ্ববিদ্যালয়খনৰ বাবে ইউ জি চিক উৎকোচ দিবৰ বাবে ধন দিব লাগে বুলি ২লাখ টকা লৈছিল। সেই ধন সচাঁকৈয়ে ইউ জি চিক দিয়া হৈছিলনে? যদি দিয়া হৈছিল কিয় এই ধন দিব লগা হৈছিল, সেয়াও এক অতি গুৰুত্বপূৰ্ণ তদন্তৰ বিষয় হৈ পৰিছে।

যদি বাবুল বৰাই ২লাখ টকা ইউ জি চিক উৎকোচ দিছিল, তেনে সেই সমগ্ৰ বিষয় কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ দৰে অনুসন্ধানৰ দাবী উঠিছে সংঘৰ মজিয়াত। বাবুল বৰাই এই দুই লাখ টকা নিজৰ একাউন্টত লোৱা বুলিও উত্থাপিত হৈছে অভিযোগ।

সমগ্ৰ ঘটনাৰ তদন্ত কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘই নহয়, ৰাজ্য চৰকাৰেও নিজাববীয়াকৈ কৰাৰ প্ৰয়োজন আহি পৰিছে। বাবুল বৰাই কেতিয়াও ভৱা নাছিল তেওঁৰ অৱস্থা এই পৰ্যায়লৈ যাব। শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভিতৰচঁৰাত সংঘটিত এনে অনিয়মৰ কথা উন্মোচন কৰিছিল সেই সময়ৰ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য হীতেশ ডেকাই।

বিশ্ববিদ্যালয়খনৰ আচাৰ্যলৈ কেইবা পৃষ্ঠাৰ চিঠি লিখি এনে অনিয়ম হৈ থাকিলে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভৱিষ্যত অন্ধকাৰ হ’ব বুলি উল্লেখ কৰিছিল ডেকাই। পৰৱৰ্তী সময়ত ডেকাই উপাচাৰ্যৰ পদবীটোৱেই এৰি দিব লগা হৈছিল।

বিশ্ববিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ পদবীধাৰী লোকক স্বাৰ্থসিদ্ধি নোহোৱাৰ বাবে অপসাৰণ কৰা আঁৰৰ মানুহজন আছিল বাবুল বৰা। চতুৰ বাবুল বৰাৰ চকু আছিল বিশ্ববিদ্যালয়ৰ ধনৰ ওপৰত। কাৰ্যনিৰ্বাহকত তেৱেই প্ৰস্তাৱ দি বিশ্ববিদ্যালয়ৰ বাবে ফাইনেন্স ডাৰেক্টৰৰ এটা পদবী সৃষ্টি কৰিছিল।

লক্ষ্যণীয়ভাৱে সেই পদবীত বাবুল বৰা নিজে অধিষ্ঠিত হৈছিল। সৰু-বৰ এনে বহু আৰ্থিক কেলেংকাৰীৰ তথ্য এতিয়া পোহৰলৈ আহিয়েই আছে। সংঘত বিভাজনকামী ৰাজনীতিৰে নিজৰ চকী সুৰক্ষিত কৰিব খোজা বাবুল বৰাক বহুতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লৰা ৰজা আখ্যা দিব খোজে।

কিয়নো তেওঁ সংঘৰ মজিয়াত তেওঁৰ সমকক্ষ কাৰোবাৰ সন্ধান পালেই যিকোনো প্ৰকাৰে অংগক্ষত কৰাত পাকৈত আছিল। আনকি বৰ্তমানৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াৰ কন্যাকো বাবুল বৰাই এদিন অনীতিগতভাৱে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত নিযুক্তি আৰু বদলি কৰাৰ অভিযোগো উত্থাপন হৈছিল।

বাবুল বৰাৰ এনে কুকীৰ্তি পোহৰলৈ অহাৰ পাছত সংঘৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকতাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে অধীৰ অপেক্ষাৰে বাট চাইছে সংঘৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকলৈ। সংঘত বাবুল বৰাৰ সকলো পথ বন্ধ- পৰৱৰ্তী কাৰ্যনিৰ্বাহকতে বাবুল বৰাৰ সন্দৰ্ভত এই সিদ্ধান্তৰ আনুষ্ঠানিক ছীল-মোহৰ পৰিব...