মুখ্য-পৃষ্ঠা

মহাদেৱক আৰাধনা চৌদিশে…

asomiyapratidin

♦ মৃদুল কুমাৰ সন্দিকৈ

শিৱ। তেওঁ এনে এজন দেৱতা যি কাৰোৰে বেয়া হোৱাটো নিবিচাৰে। সংস্কৃত শব্দৰ পৰা অহা শিৱৰ অৰ্থ হৈছে মংগল অৰ্থাৎ শুভ। হিন্দু সকলৰ তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্বাৰ অন্যতম হ'ল মহাদেৱ অৰ্থাৎ শিৱ। ত্ৰিমূৰ্তিৰ ভিতৰত বহুতে শিৱকে সৰ্বোচ্চ ইশ্বৰ বুলি জ্ঞান কৰে।

শিৱৰ অৰ্থ মংগলময়। কিন্তু কেতিয়াবা সংহাৰ সৃষ্টিকাৰী ৰূপত ৰুদ্ৰমূৰ্তি ধৰি এই শিৱই ধ্বংসৰ প্ৰতীক ৰূপেও নিজকে প্ৰতিষ্ঠা কৰিছে। কেতিয়াৰ পৰা মানুহে শিৱক পূজা কৰিবলৈ ল'লে তাৰ কোনো নিৰ্দিষ্ট সময় নাই। কিন্তু শিৱৰ আধুনিক ৰূপ এক মূৰ্তিৰ মাজত কেন্দ্ৰিভূত হৈ শিৱৰ চৰিত্ৰ-বৈশিষ্ট্য সমূহ মানুহৰ মাজত লাহে লাহে প্ৰবহণ হোৱাৰ প্ৰধান কাৰণ আছিল তেওঁৰ প্ৰতি থকা বিশ্বাস।

বিষ্ণুৰ দৰে শিৱও এজন উচ্চ শ্ৰেণীৰ দেৱতা। ইয়াত দাৰ্শনিক বা আধ্যাত্মিক মতবাদক স্পষ্টৰূপে এক ধাৰণাৰ মাজত বন্দী কৰিব নোৱাৰি। ই বিশ্বাস আৰু জনবিশ্বাসৰ সন্মিলিত ধাৰণাৰ ফল। মহাৰাষ্ট্ৰত খাণ্ডোবা নামৰ এজন স্থানীয় দেৱতা আছিল। এই দেৱতাৰ ৰূপকল্প ঠিক শিৱৰ দৰে। তেওঁকো পূজা কৰা হয় লিংগৰ আকাৰত।

মহেঞ্জোদাৰো খনন কাৰ্যৰ সময়ত এক প্ৰাচীন ভাস্কৰ্য আৱিষ্কাৰ হৈছিল। যি ভাস্কৰ্যৰ খোদিত চিত্ৰই শিৱক প্ৰতিনিধিত্ব কৰে। আধুনিক শিৱ আৰু বৈদিক দেৱতা ৰুদ্ৰৰ মাজত বহু মিল পৰিলক্ষিত হয়। হিন্দু সমাজত দুয়োকে একেজনেই বুলি বহুজনে জ্ঞান কৰে।  শিৱৰ সন্দৰ্ভত ঋগবেদত মৰুৎগণৰ পিতা বুলি উল্লেখ আছে। একেদৰে যজুৰ্বেদত ৰুদ্ৰম স্তোত্ৰটোত ৰুদ্ৰক শিৱ নামেৰে বন্দনা কৰা হৈছে। যিটো হিন্দু সকলৰ বাবে অতি পবিত্ৰ।

মহোঞ্জোদাৰোত আৱস্কৃত আদি শিৱৰ ভাস্কৰ্য।

শিৱৰ এটা বৈশিষ্ট্য হ'ল- তেওঁৰ ত্ৰিনয়ন। কঠিত আছে, এই তৃতীয় নয়নেৰে তেওঁ কামদেৱক পুৰি ভস্ম কৰিছিল। সেইদৰে শিৱৰ জঁটাধাৰী শিৰত বিৰাজ কৰে চন্দ্ৰই। যাৰ কাৰণে শিৱৰ অন্য এটা নাম চন্দ্ৰশেখৰ। সৰ্বাংগত ভস্ম অৰ্থাৎ বিভূতিৰ প্ৰলেপ থকাৰ বাবেই তেওঁৰ আন এক নাম হ'ল বিভূতিভূষণ।

শিৱৰ চুলি জঁটাবন্ধা। তেওঁ সমুদ্ৰ মন্থনত ওলোৱা বিহ পান কৰাৰ বাবে নীলকন্ঠ নামেৰেও পৰিচিত। এনে বিশ্বাসো আছে- পবিত্ৰ গংগা নদী শিৱৰ জঁটাৰ পৰা ওলাইছে। গংগা মৈত্ৰলৈ নামি অহা কালত তেওঁক শিৱই জঁটাত ধাৰণ কৰি লৈছিল। শিৱ আৰাধনাত ঔমঃকাৰ ধ্বনিয়ে তেওঁৰ পৰম ব্ৰহ্ম ৰূপক উপস্থাপিত কৰে।

শিৱ আৰু পাবৰ্তী।

শিৱৰ ডিঙিত সদাই শোভা পাই এডাল সাপে। তেওঁ পৰিধান কৰে বাঘৰ চাল। সেই বাঘৰ চাল প্ৰাচীণ ভাৰতৰ ব্ৰহ্মৰ্ষিসকলৰ বাবে সংৰক্ষিত এক বিশেষ সন্মানৰ আসন আছিল। শিৱৰ অস্ত্ৰ ত্ৰিশূল। শিৱৰ হাতত থাকে এটা বিশেষ বাদ্য। ডম্বৰু বজাই এটা বিশেষ ভংগীমাৰে শিৱৰ অস্তিত্বক নটৰাজ ৰূপত উপাসকসকলে কল্পনা কৰি পূজা কৰে।

একেদৰে শিৱৰ আন এটা ৰূপ হ'ল তাণ্ডৱ। তেওঁ যেনেদৰে দুৰ্বলজনৰ ত্ৰাণকৰ্তা, তেনে দৰে অপশক্তিৰ  বিনাশৰ বাবে মুহূৰ্ততে তাণ্ডৱ ৰূপো ধাৰণ কৰিব পাৰে। শিৱক যোগী বা গৃহস্থী ৰূপত কল্পনা কৰা হয়। পাবৰ্তীৰ স্বামী আৰু গণেশ-কাৰ্তিকৰ পিতৃ হিচাবে তেওঁক এজন আদৰ্শবান গৃহস্থ হ'লেও প্ৰয়োজনত তেওঁ সকলো পাহৰি ধ্যানস্থও হ'ব পাৰে আৰু এই ধ্যানৰ পৰা তেওঁক বাস্তৱলৈ ঘূৰাই অনাটোও অতিকৈ কঠিন। যাৰ বাবে তেওঁক মহাযোগী বোলা হয়।

শিৱই মৃত্যুক জয় কৰিব পাৰে। বিশ্বৰ ভিতৰতে আটাইতকৈ ভক্ত থকা দেৱতা শিৱ। ব্ৰহ্মা-বিষ্ণু-মহেশ্বৰ, এই তিনিমূৰ্তিৰ ভিতৰত শিৱক সৰ্বশ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। শিৱক লিংগ ৰূপত পূজা কৰা হয়। ইয়াৰ অৰ্থ অনেক আছে। ই এক প্ৰতীকি অৰ্থ। মূলতঃ হিন্দু ধৰ্মত শিৱ লিংগ আৰু নাৰায়ণশিলাক ভক্তসকলে এই প্ৰতীকি ৰূপ দি অতীতৰ পৰাই পূজা কৰি আহিছে।

শিৱ অতি দয়ালু আৰু সহজ-সৰল। ইয়াৰ সুযোগ বহু সময়ত দুষ্ট শক্তিয়েও গ্ৰহণ কৰিছিল। শিৱক আৰাধনা কৰি সন্তুষ্ট কৰাৰ পাছত নিজকে শক্তিশালী কৰাৰ বাবে বৰ আদায় কৰিছিল। যাৰ উদ্দেশ্য বহুসময়ত অশুভ আছিল। কিন্তু সহজেই সন্তুষ্ট হোৱা শিৱই এনে অসৎ উদ্দেশ্য উপলব্ধি কৰিব নোৱাৰি অপাত্ৰজনকে অধিক শক্তিশালী হোৱাৰ বৰদান দিছিল। হিন্দু ধৰ্মাৱলম্বী গৰিষ্ঠসংখ্যক লোকে সেয়ে শিৱক প্ৰধান দেৱতা ৰূপে সেৱা কৰে। শিৱৰ শান্ত-সৌম্য ৰূপত দয়ালু, মহৎ, কোমল আৰু শুভ্ৰ চিন্তা প্ৰবাহমান। শিৱৰ বাহন এটা ষাঁড় গৰু। নাম নন্দী। শিৱৰ অধিষ্ঠান আছিল হিমালয়ৰ কৈলাস পৰ্বত।

আটাইতকৈ বেছি ভক্তি কৰা শিৱক পূজা কৰিলে সৌন্দৰ্য্য বৃদ্ধি পায়। শিৱৰ শৰীৰ অত্যন্ত শক্তিশালী আৰু পেশীবহুল বুলি ধৰা হয়। শিৱ বুলি ক'লেই আমাৰ মনলৈ ভাং-গাঞ্জা খোৱা এখন ছবি আহে। ইয়াকে 'বাবাৰ প্ৰসাদ' বুলি বহুতে সেৱন কৰে। কিন্তু আচল যুক্তি হ'ল- শিৱই কৈলাসৰ যি স্থানত বাস কৰিছিল, সেই স্থান আছিল অতি ঠাণ্ডা। সেয়েহে কঠোৰ তপস্যাত মনৰ সংযোগৰ বাবে ভাং খোৱা বুলি যুক্তি দিয়ে বহুতে।

এনে বিশ্বাস আছে যে, শিৱ বিষয়-বাসনাৰ বন্ধনৰ পৰা মুক্ত হ'লেও, ত্ৰিলোকৰ প্ৰতি মহাদেৱৰ সমদৃষ্টিয়ে পত্নী পাবৰ্তীক গৌৰাৱান্বিত আৰু সুখী কৰি ৰাখিছিল। এক কথাত নাৰীৰ প্ৰতি মহাদেৱৰ আছিল অপৰিসীম শ্ৰদ্ধা। যাৰ বাবেই পত্নী পাবৰ্তীৰ আবদাৰ মানি এসময়ত দুয়ো বহুকাল আত্মগোপন কৰি থকাক লৈ দেৱলোকত হাহাকাৰ লাগিছিল। অৱশেষত দেৱ-দেৱতাসকলৰ সন্মিলিত প্ৰাৰ্থনাতহে তেওঁ দৰ্শন দিছিল।

শিৱ অৰ্থাৎ মহাদেৱৰ মতে- জন্ম নহয়, কৰ্মহে মূল। তেওঁ যিকোনো প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰাকৈ মানসিকভাৱে নিজকে সাজু কৰি ৰাখিছিল। শিৱৰ আছিল অন্তদৰ্শন। খং উঠিলে শিৱৰ চকুৰে জুই ওলাইছিল। শিৱক এশতকৈ অধিক নামেৰে জনা যায়। সেই নামেৰে তেওঁক ভক্তি, সেৱা, প্ৰাৰ্থনা কৰি অহা হয়। কোনোবাই যদি তেওঁক অতিদেৱ, আন কোনোবাই অদ্ৰিনাথ নামেৰে পূজা কৰে।

শিৱক ভক্তিসকলে আৰাধান কৰা কিছু নাম এনেধৰণৰ-

অতিদেৱ
অদ্ৰিনাথ
অদ্ৰীশ
অনংগাৰি
অম্বিকানাথ
আশুতোষ
ইন্দু মৌলী
ইন্দুভূষণ
ইন্দুশেষৰ
ঈশান
উমানাথ
উমানন্দ
উমাপতি
উমেশ
উৰগভূষণ
একনাথ
কাশীনাথ
কাশীপতি
কাশীশ
কাশীশ্বৰ
কেদাৰনাথ


কৈলাসনাথ
কৈলাসপতি
কৃতজ্বৰ
কৃত্তিৱাস
কন্দুকেশ্বৰ
খণ্ডপৰশু
গংগাধৰ
গিৰিজাকান্ত
গিৰিশ
গিৰীশ
গৌৰীনাথ
গৌৰীশ্বৰ
গুৰাকেশ
গুড়াকেশ
চেকিতান
চন্দ্ৰিল
চন্দ্ৰচূড়
চন্দ্ৰমৌলী
চন্দ্ৰশেখৰ


জটাধাৰী
জটাধৰ্
জটীয়া
জ্বালী
জল্পেশ্বৰ
যোগীন্দ্ৰ
যোগেশ
যোগেশ্বৰ
ডম্বৰুধৰ
তাৰকেশ্বৰ
তাৰকনাথ
ত্ৰিনাথ
ত্ৰিনেত্ৰ
ত্ৰিনয়ন
ত্ৰিপুৰঘ্ন
ত্ৰিলোচন
ত্ৰিশূলী


ত্ৰিশূলধাৰী
ত্ৰ্যম্বক
দিগম্বৰ
দেৱাদিদেৱ
দেৱেশ
দুৰ্গাধীশ
দুৰ্গাপতি
দুৰ্গেশ
দুৰ্গেশ্বৰ
ধূৰ্জ্জটি
ধূৰ্জটি
ধূৰ্জতি
নকুল
নীলকন্ঠ
নীলগ্ৰীৱ
নটেশ্বৰ
নটৰাজ
নটশেখৰ
নন্দ্যেশ্বৰ
পিনাকী
পিনাকপাণি
পঞ্চানন
পুৰঞ্জয়
পুৰভিদ
প্ৰমথেশ
পুৰমথন
প্ৰমথনাথ
পুৰুহৰ
পশুপতি


ফণীধৰ
ফণীভূষণ
বাণেশ্বৰ
বিভূতিভূষণ
বিৰূপাক্ষ
বিল্বেশ্বৰ
বিশ্বেশ্বৰ
বিশ্বনাথ
বীৰেশ্বৰ
বৈদ্যনাথ
ব্যোমকেশ
বলিয়া-গোসাঁই
বৃষধ্বজ
বৃষভবাহন
বহিৰেতা
বহ্নিৰেতাঃ
ভৃংগেশ্বৰ
ভগনেত্ৰ
ভৈৰৱ
ভোলানাথ
ভূতনাথ
ভূতভাৱন
ভূদেৱ
ভৱানীকান্ত
ভৱানীপতি
ভৱেশ
ভুৱনেশ্বৰ
মৃগাংকশেখৰ
মৃগাঙ্কমৌলি
মৃগাঙ্কশেখৰ
মাৰজিৎ
মৃত্যুঞ্জয়
মহাদেৱ
মহানট
মহেশ
মহেশ্বৰ
ৰামেশ্বৰ
ৰুদ্ৰ


শংকৰ
শিৱ
শেখৰ
শম্ভুনাথ
শ্ৰীকন্ঠ
শৰ্ব
শূলী
শূলপাণি
শশীভূষণ
সিদ্ধদেৱ
সোমেশ্বৰ
সোমনাথ
সতীন্দ্ৰ
সতীপতি
সতীশ
সদাশিৱ
স্মৰজিৎ
হিংগুলেশ্বৰ

দেৱতা হিচাপে শিৱলৈ সদায় আকৰ্ষণ আছে। শিৱই প্ৰতিনিধিত্ব কৰে অনাৰ্য পৰম্পৰাক। আপোনপাহৰা হৈ পৰা শিৱ সদায় মৰমীয়াল। কিন্তু যেতিয়া খং উঠে তেওঁ নিয়ম নমনা হৈ পৰে। তেওঁৰ বুকুত আছে সাহস আৰু উৎসাহ। শিৱই এই কথা বুজাই দিয়ে- কৰ্মত মন থাকিলে, বুকুত সাহস আৰু উৎসাহ থাকিলে যিকোনো অপশক্তিকে নাশ কৰিব পাৰি।

শিৱক অনুকৰণ কৰি শিৱৰ প্ৰসাদ গ্ৰহণ কৰা লোক বহু আছে। কিন্তু শিৱ এজনেই। শিৱ সদায় শিৱই। নাৰীয়ে সদায় কামনা কৰে শিৱৰ দৰে স্বামী পাবলৈ। সকলো থাকিও তেওঁ কোনো বস্তুৰ প্ৰতি আকৃষ্ট নহয়। শিৱৰ মতে, প্ৰেম এক নিচা। সেই প্ৰেমৰ মাজতেই বুৰ গৈ থাকে জীৱনৰ অভিলাস। সংসাৰৰ নীতি-নিয়ম।

পৰিস্থিতি সৃষ্টি হ'লেই শিৱই জানে কি কৰিব লাগে। কি ৰূপ ধৰি সেইবোৰ আঁতৰাব পাৰি সেয়াও শিৱই ভালদৰে বুজি পায়। মহাশিৱৰাত্ৰীৰ দিনা শিৱক উপাসনা কৰা হয়। ফাগুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী আৰু চতুৰ্দশী তিথিত উদযাপন কৰা হয় শিৱৰাত্ৰী। বিশ্বাস অনুসৰি এই দিনটোতেই সৃষ্টিৰ আৰম্ভ হয়, মধ্যৰাত্ৰি আদিদেৱ ব্ৰহ্মাৰ পৰা শিৱৰ ৰুদ্ৰ ৰূপ প্ৰকট হৈছিল।

ভক্তৰ বাবে শিৱৰাত্ৰী শিৱৰ আধাৰণাৰ মূল দিন।

এনে বিশ্বাসো আছে, এই দিনটোতে হেনো ভগৱান শিৱ আৰু পাবৰ্তীৰ বিবাহ হৈছিল। সেয়েহে ভক্তসকলে এই দিনটো উপবাসে থাকি শিৱক পূজা কৰে। হিন্দু ধৰ্মত শিৱৰ বাবেই এটা ধাৰাৰ সৃষ্টি হৈছিল। সেয়া আছিল- শৈৱ ধাৰা। প্ৰচলিত ৰীতি-নীতিৰ বিপৰীতে গতি কৰি শিৱৰ আৰাধনা কৰা হয়। অসমৰ দুটা সম্প্ৰদায়ে শিৱক তেওঁলোকৰ পূৰ্বপুৰুষ বুলি গণ্য কৰে। সেয়া হ'ল কোচ আৰু নাথযোগীসকল।

শিৱক লৈ অধ্যয়ন হৈছে। শিৱক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা হৈছে। শিৱৰ দৰ্শনৰ মাজত তথাকথিত আধুনিকতাৰ বিপৰীতে বাস্তৱসন্মত চিন্তা-চেতনাৰ দৰ্শন আৰু অপশক্তিৰ বিৰুদ্ধে দৃঢ়তা প্ৰদৰ্শনৰ মূল্যবোধ জড়িত হৈ আছে। শিৱ কেৱল এজন দেৱতাৰেই নাম নহয়, ই এক দৰ্শন। মানুহৰ মানৱীয় অনুভূতিক বিশ্বাসৰ মাজেৰে মানৱীয় দৃষ্টি-ভংগীৰে পৰস্পৰৰ প্ৰতি থকা দায়িত্ববোধক প্ৰতিনিধিত্ব কৰে শিৱৰ মহত্বই।

শিৱৰ গুৰুত্ব বুজিবলৈ আমি ইতিহাসে ঢুকি নোপোৱা কালৰ পুৰণাসমূহৰ পাত লুটিয়াব লাগিব। এটা সময় আছিল ঈশ্বৰৰ প্ৰতি মানুহৰ ভক্তি, অন্ধবিশ্বাসৰ নামান্তৰ হৈছিল। কুসংস্কাৰেৰে ভৰা আছিল এই বিশ্বাসসমূহ। কিন্তু তাত নিমজ্জিত উপহাস, কুসংস্কাৰ, নাস্তিকতাবাদক প্ৰতিহত কৰি জ্ঞান আৰু কুশলতাৰ প্ৰতীক ৰূপে আধ্যাত্মিক জগতত শিৱৰ দৰ্শনে মানুহক বাস্তৱমুখী হ'বলৈ শিকাইছিল।

শিৱ সহজ-সৰল হ'ব পাৰে, কিন্তু তেওঁ দূৰদৰ্শী। তেওঁ পবিত্ৰ আৰু স্বৰ্গীয় বুদ্ধিৰ গৰাকী। সন্তুষ্ট তেওঁ কৰিব পাৰে সকলোকে। তেওঁ আত্মনিৰ্ভৰশীল। শান্তিৰ বাবে তেওঁ ধ্বংস কৰিবও জানে। উৎসৰ্গিত জীৱনৰ অন্য নাম মহাদেৱ অৰ্থাৎ শিৱ। তেওঁ কেতিয়াও অকৃতজ্ঞ নহয়। সেয়েহে তেওঁ সদায় জনপ্ৰীয়।

ৰাজস্থানত নিৰ্মিয়মান অৱস্থাত পৃথিৱীৰ আটাইতকৈ ওখ শিৱৰ প্ৰতিমূৰ্তিটো…

তেওঁৰ অন্য নাম মহাকাল। পৃথিৱীত অতীতৰ পৰাই অসুৰৰ সৈতে সংঘাত চলি আহিছে। তাৰ দুখ-যান্ত্ৰনা ভোগ কৰি আহিছে মানুহে। তেতিয়াই তেওঁ ৰক্ষকৰ ৰূপত দেখা দিয়ে। সেই আধ্যাত্মিকতা আৰু শিৱ নামৰ সত্বাত এফালে সৰলতা, আনফালে বিনাশৰ শক্তিৰে শিৱই ক'ব বিচাৰে- যি সময়ত যি ৰূপ ধৰিব লাগে, সেয়া তেওঁ ধৰিব জানে।

মহাশিৱৰাত্ৰীৰ দিনা শিৱ লিংগক পূজা কৰা হয়। গাখীৰেৰে ধুৱাই শিৱলিংগ। সেই পৰম্পৰাৰে বিশ্বজুৰি শিৱৰ আৰাধনা চলিছে। ধ্বংসৰ মাজেদি শিৱই ৰূপান্তৰ ৰূপ দি গৈছে। ভগৱানৰ সৈতে সংপৃক্ত এই জীৱন। ভাৰতীয় সভ্যতাই হাজাৰ হাজাৰ বছৰ আগৰ পৰাই সৃষ্টিৰ বাবে ব্ৰহ্মাক, পালনৰ বাবে বিষ্ণুক আৰু অপশক্তি সংহাৰৰ বাবে শিৱক মানি আহিছে।

বৈদিক সাহিত্যতো শিৱৰ অস্তিত্ব আছে। শিৱৰ ৰূপ জাতি-ধৰ্ম-সমন্বয়ত ফুটি উঠে। প্ৰাক-আৰ্য আৰু আৰ্য সংস্কৃতিৰ সমন্বয়ত গঢ় লৈ উঠিছে শিৱ। শিৱ হ'ল ভক্তক অভয় দিব পৰা দেৱতা। জগতৰ কল্যাণৰ বাবে এই ৰূপ। তেওঁৰ মন প্ৰফুল্ল। সহজতে তেওঁ প্ৰসন্ন হয়। সেয়ে তেওঁক ভক্তসকলে পূজা কৰে সহজতে মনোঃকামনা পূৰণৰ বাবে।