মুখ্য-পৃষ্ঠা

স্বাধীনতাৰ ৭৮ বছৰ...

Asomiya Pratidin
৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সহাঁৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত ষষ্ঠটো লেখা। এই লেখা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে অনুপমা পাটগিৰীয়ে।

ব্ৰিটিছ আগ্ৰাসনৰ পৰা মুক্ত হোৱাৰ পৰা আজিলৈ ভাৰতবৰ্ষই ৭৮ বছৰ পাৰ কৰিলে। ভাৰতবৰ্ষই আজি পোৱা নোপোৱাৰ খতিয়ানত উল্লেখ কৰিব লাগিব শিক্ষা সম্প্ৰসাৰণৰ কথা, সুচল যাতায়তৰ কথা, সাংস্কৃতিক উত্থানৰ কথা আৰু সামগ্ৰিক বিকাশৰ কথা। বিবিধ সংস্কৃতিৰে সমৃদ্ধ ভাৰতত আজি সাংস্কৃতিক মতানৈক্য দেখিবলৈ পোৱা নাযায়।

শেহতীয়াকৈ শিক্ষাৰ সম্প্ৰসাৰণ ঘটিছে। বৰ্তমান পৰিপ্ৰেক্ষিতত উচ্চ শিক্ষাৰ বাবে স্বদেশৰ পৰা বিদেশলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। ভাৰতবৰ্ষত অন্যান্য ৰাজ্যৰ লগতে অসমটো মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ সংখ্যা যথেষ্ট বাঢ়িছে। চিকিৎসা সেৱা উন্নত হৈছে ।

মন কৰিবলগীয়া কথাটো হ'ল এটা সময়ত আমি স্বাধীনতা দিৱস পালন কৰিবলৈ ভয় খাইছিলো, কণ কণ শিশু সকলে ১৫আগষ্টৰ দিনা ঘৰতে স্কুল বন্ধ পালন কৰিছিল। কিন্তু বৰ্তমান সমগ্ৰ ভাৰতত স্বাধীনতা দিৱস এক উৎসৱ হিচাপে পালন কৰা দেখা যায়। আজি ঘৰে ঘৰে ত্ৰিৰংগ পতাকা, পথে পথে ত্ৰিৰংগ যাত্ৰা দেখিবলৈ পোৱা যায়।

যোৱা কেইটামান বছৰ আগলৈকে মানুহে স্বাধীনতাক উদযাপন কৰিব জনা নাছিল। চকা বন্ধ, দোকান বন্ধ বজাৰ বন্ধই আছিল স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱসৰ মূখ্য কাৰ্যসূচী। গোটেই ভাৰতবৰ্ষত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে কঠোৰ হাতেৰে দমন কৰা আৰম্ভ হৈছে। সন্ত্ৰাস মুক্ত অসমত এতিয়া চকা বন্ধ নোহোৱা হৈ হাতত পতাকা লৈ বাইক ৰেলী কৰে, দোকানখনত উৎসাহতে পতাকাখন আঁৰে এইয়াই স্বাধীন ভাৰতৰ উদাহৰণ। আজি ভাৰতে স্বাধীনতা উদযাপন কৰে ।

কিন্তু তথাপি দৰিদ্ৰতাৰ হাৰ কমা নাই। দৰিদ্ৰতাৰ কৱলত স্বাধীনতাৰ মূল্য আমি পাহৰিছো। মূল্য বৃদ্ধিৰ দৰে কিন্তু আমাৰ বিকাশ হোৱা নাই। দৰিদ্ৰ দূৰীকৰণৰ বাবে আমাৰ চৰকাৰ আৰু অধিক নতুন কাৰ্যপন্থা হাতত লোৱা উচিত। দৰিদ্ৰ শ্ৰেণীক বিভিন্ন আঁচনি দিয়াৰ লগতে আমি জনসাধাৰনে বিনামূলীয়া আচঁনিৰ ভৰসাত বহি নাথাকি স্বাৱলম্বী হোৱাৰ বাবে প্ৰচেষ্টা হাতত লোৱা উচিত, স্বাৱলম্বীতাই স্বাধীনতাৰ মূল। আজি যদিও শিক্ষা ক্ষেত্ৰত বিভিন্ন পৰিৱৰ্তনে দেশখন আগুৱাই নিছে, বিভিন্ন অন্ধ বিশ্বাস দূৰ হৈছে একবিংশ শতিকাৰ এই দশকত এই পৰিৱৰ্তন ভাৰতবাসীৰ প্ৰাপ্য।

আজি ভাৰতে তথ্য প্ৰযুক্তিৰ দিশত আগবাঢ়িছে। আকাশযান, শেহতীয়াকৈ চন্দ্ৰযান, আদিত্য L 1 ৰ কথা আমি কব পাৰো। G20 ত ২০খন ৰাষ্ট্ৰৰ পৰা ২১খন ৰাষ্ট্ৰলৈ বৃদ্ধি হৈছে । আজি ভাৰতে কূটনৈতিক ভাৱে অৰ্থনৈতিক ভাৱে আগবাঢ়িব শিকিছে । আন ৰাষ্ট্ৰৰ ওচৰত মূৰ তল কৰিবলগীয়া হোৱা নাই। যি সময়ত ভাৰতক আন ৰাষ্ট্ৰই সহায় কৰিব লাগিছিল আজি কিন্তু ভাৰতে দুৰ্যোগত ককবকাই থকা নেপালক সহায় কৰিছে , উদ্ধাৰ কৰিছে।

ৰাছিয়া ইউক্ৰেনৰ যুদ্ধৰ মীমাংসা কূটনৈতিকভাৱে কৰাত সফল হৈছে ভাৰত । ৩৭০ অনুচ্ছেদৰ সমাপ্তি ঘটাই জম্মু আৰু কাশ্মীৰক স্বস্তিৰ নিশ্বাস লোৱাত সহায় কৰিছে । "এক দেশ, এক নিশান, এক প্ৰধানৰ দ্বাৰা গোটেই ভাৰতবৰ্ষক এক সূত্ৰত বান্ধি ৰাখিছে।এইয়া ভাৰতৰ শেহতীয়া উত্থান ।

দৰিদ্ৰ আৰু মধ্যবৃত্ত শ্ৰেণীৰ লোকৰ এক উন্নত জীৱন প্ৰদান কৰাৰ বাবে চৰকাৰে গুৰুত্বপূৰ্ণ কিছুমান পদক্ষেপ লৈছে। যুৱ আৰু মহিলা শক্তিক সবল কৰাৰ ক্ষেত্ৰত বৰ্তমান গুৰুত্ব আৰোপ কৰা দেখা যায়। বিকশিত ভাৰত গঢ়াৰ এই যাত্ৰাত কিন্তু এতিয়াও একাংশৰ মানসিকতা সলনি হোৱা নাই।

যি দেশত দুৰ্গা, লক্ষ্মী আদি বিভিন্ন দেৱী পূজা কৰা হয় সেইখন দেশতে দেৱী ধর্ষিতা হৈছে । এই মানসিকতাৰ বাবে দোষী কিন্তু মানুহ। দেশ বিকশিত হোৱাৰ লগতে আমাৰ চিন্তা ধাৰাৰো বিকশিত হোৱাৰ দৰকাৰ। এই বিকশিত ভাৰত নিৰ্মাণৰ বাবে ভাৰত চৰকাৰৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাত আমি সহযোগী হোৱা উচিত।

২০৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰ হ'ব। এনেধৰণৰ পৰিকল্পনাৰ দ্বাৰা আমি ২০৪৭ ত দেশখন বিকশিত হোৱাৰ ১০০ বছৰ উদযাপন কৰিব পাৰিম । আমি প্ৰত্যেকে পোৱা বোৰক লগত লৈ নোপোৱাবোৰৰ বাবে ইতিবাচক চিন্তাধাৰাৰে দেশখন আগবঢ়াই নি বিকশিত ভাৰত নিৰ্মাণ কৰিব পাৰিম বুলি বিশ্বাসী ।