মুখ্য-পৃষ্ঠা

আমি স্বাধীন নে পৰাধীন!

Asomiya Pratidin
৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সহাঁৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত পঞ্চমটো লেখা। এই লেখা নগাঁও কাছমাৰীৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে অসীম কুমাৰ নাথে।

বহুবছৰ, বহুদিন ধৰি আন্দোলনৰ পিছত আন্দোলন আৰু লক্ষ লক্ষ দেশৰ জনতাৰ আত্মবলিদানৰ বাবে আমাৰ দেশ ভাৰতবৰ্ষই ব্ৰিটিছৰ শিকলি চিঙি মুক্ত হৈ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰে। আমাৰ বাবে আত্মগৌৰৱৰ দিন, আনন্দ-উৎসৱৰ দিন স্বাধীনতা লাভ কৰি ভাৰতে ৭৭বছৰ অতিক্ৰম কৰি ৭৮ বছৰ সম্পূৰ্ণ কৰিলে। শত-সহস্ৰজন শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছো। স্বাধীনতা দিৱসৰ ওলগ জনালোঁ সমগ্র ভাৰতবাসী জনগণলৈ।

আমি আন দেশক দেখাই স্বাধীন হলো ঠিকেই, কিন্তু আমি আজিৰ দিনত প্ৰকৃত অর্থত স্বাধীন নে পৰাধীন, সেয়া এক বিচার্য বিষয়। মোৰ মনত বহু প্ৰশ্নৰ উদয় ঘটিছে... আমি প্রকৃত স্বাধীনতা লাভ কৰা যেন অনুভৱ নহয়। যিখন দেশত মুক্তমনে স্বাধীনতাৰ বিজয় নিচান উৰুৱাব নোৱাৰো, স্বাধীনতাৰ গান গাব নোৱাৰোঁ, আমাৰ মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য, সম অধিকাৰ, বাক স্বাধীনতা হেৰুৱাই পেলাইছোঁ, সেইখন দেশত আমি স্বাধীন নে পৰাধীন?

যিখন স্বাধীন দেশত এচামে টকা-গাড়ী-দোলাৰে বিলাসীতা জীৱন উদযাপন কৰিছে, সেইখন স্বাধীন দেশত এমুঠি অন্ন, এটা গৃহ আৰু এযোৰ বস্ত্ৰৰ বাবে সৰ্বহাৰাৰ শ্ৰেণীয়ে হাহাকাৰ কৰি ফুটপাথত ভিক্ষা মাগিব লগা পৰিলক্ষিত হৈছে। আজি প্রতি মুহূর্তত মৃত্যু ভয়ে খেদি ফুৰে, কোনো মানুহ ওলাই গ'লে, উভতি আহিব নাহে, তাৰ নিশ্চয়তা নাই, নাৰী আজি মুক্তমনে ঘূৰিব নোৱাৰে, পদে পদে নাৰী আজি লাঞ্ছিত-বঞ্চিত, শোষিত-নিষ্পেষিত-ধর্ষিতা হৈ আহিছে..." পথে নাৰী বিবর্জিতা নহয়, সম্পূজিতাহে”- সেই শ্লোগান আজি কিমানে শুনে!

স্বাধীনতা দিৱসত ডাঙৰ-ডাঙৰ উৎসৱ অনুষ্ঠিত কৰি দেশৰ লেখক-সাহিত্যিক, শিল্পী, সাংবাদিক, খেলুৱৈ, বিজ্ঞানী আদি ব্যক্তিক বঁটা প্ৰদান কৰা হয় আৰু পেঞ্চন দিয়াও হয়; কিন্তু আঁৰত থাকি যায় দেশত অর্থনীতিৰ বুনিয়াদ গঢ়ি তোলা দেশৰ কৃষকসকল। কৃষক আৰু দৰিদ্ৰ সকলৰ মুখত হাঁহি নাই, তেওঁলোক সদায় অৱহেলিত, আনকি উপযুক্ত পাৰিশ্ৰমিকো নাপায়। এই বিভেদ কিয়?

দেশত সম আইন-সম অধিকাৰ আজি নাই, দেশৰ বৰমূৰীয়া আৰু সাধাৰণ জনগণৰ বাবে আইন পৃথক! চকুৰ আগত নাৰী নির্যাতন, যৌতুক প্রথা, কন্যা সন্তানক অৱহেলিত, লিংগ ভেদ আদি দেখি আহিছোঁ-এই প্রথা বন্ধ হ'বনে?

ধৰ্মৰ নামত ৰাজনীতি! স্বাধীনতাৰ অন্য এক নাম হৈ পৰিছে আর্তনাদ-আতংক। সংবিধানখনো যেন নিষ্পভ হৈ পৰিছে। সংবিধানৰ নামত শপত খাই, নেতাই আজি নানা দুর্নীতি, প্ৰতাৰণা আৰু ভুৱা দেশপ্ৰেমৰ আশ্ৰয় লৈ সংবিধান অৱমাননা কৰা মাজে মাজে দৃষ্টিগোচৰ হৈছে। সেয়ে বহুলোকে কয়, ময়ো কওঁ স্বাধীন দেশৰ নাগৰিক হৈ যদি পৰাধীনতাৰ দৰে জীৱন কটাবলগীয়া হয়, তেন্তে পৰাধীনেই শ্রেয়। কবিতাৰ ভাষাত..." পোহৰতকৈ এন্ধাৰেই ভাল"।

প্রকৃত শ্বহীদ সকলক পদে পদে অপমান কৰি অহা পৰিলক্ষিত হৈছে। তেওঁলোকে উচিত সন্মান পাবনে? আমি এটা সমাধানৰ সূত্ৰ উলিয়াব পাৰিম নে- কোন পথেৰে প্ৰকৃত স্বাধীনতা আহিব, সকলোৱে সম মর্যাদা পাব, বাক স্বাধীনতা ঘূৰি আহিব নে, মুক্তমনে ঘূৰি ফুৰিব পৰা দিন আহিব নে?- সেই দিন কেতিয়া, কেনেকৈ আহিব-সেয়াও এক বৃহৎ প্রশ্ন? যি দেশত সঁচা মানৱতা, সহৃদয়তা, আন্তৰিকতা, সম মর্যাদা, ভাতৃত্ববোধ নাই, সেই দেশত সঁচা অৰ্থত স্বাধীনতা পোৱাটো সৰ্পৰ মাণিকৰ দৰে হ'ব!

"মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম" -সুভাষ বসুৰ উক্তি আৰু কৰিম কিম্বা মৰিম "-মহাত্মা গান্ধীৰ উক্তিও আজি অর্থহীন! এটা কথা কওঁ- আজি হাজাৰ জন, লক্ষ জন নৱ জোৱান ডেকা ওলাই আহিব- কেৱল প্রকৃত নেতৃত্ব দিয়াৰ নেতাৰ অভাৱ অনুভৱ হৈছে। আশা কৰিম প্ৰকৃত স্বাধীনতা এদিন পাম।