মুখ্য-পৃষ্ঠা

স্বাধীনতাৰ বিৱৰ্তনশীল অৰ্থ, আধুনিক পৃথিৱীত স্বাধীনতাৰ প্ৰতিফলন

Asomiya Pratidin
৭৮ বছৰ হ'ল দেশ স্বাধীন হোৱা। স্বাধীনতাই আমাক কি দিলে? স্বাধীন হৈ আমি কি পালো আৰু কি নাপালো? সেই খতিয়ান আমি সৰ্বসাধাৰণৰ পৰা লৈছো জানো কেতিয়াবা? অসমীয়া প্ৰতিদিন ডিজিটেলে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ কৰিছিল আপোনাৰ মত প্ৰকাশৰ এই যাত্ৰা। বিষয় আছিল- 'স্বাধীনতাৰ ৭৮ বছৰৰ পোৱা নোপোৱাৰ খতিয়ান'। বহুজনে ইতিমধ্যে ইয়াৰ প্ৰতি সহাঁৰি জনাই প্ৰেৰণ কৰিছে তেওঁলোকৰ অনুভৱ। আজি মোৰ মতত নিৰ্বাচিত চতুৰ্থটো লেখা। এই লেখা কটন বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেললৈ প্ৰেৰণ কৰিছে প্ৰতীক্ষা শৰ্মাই।

আদিম অৱস্থাত খাবলৈ সক্ষম হোৱা, মধ্যযুগীয় অৱস্থাত অন্ন, বস্ত্ৰ, বাসস্থান ইত্যাদিয়ে স্বাধীনতাৰ ষ্পষ্টীকৰণ দাঙি ধৰিছিল যিটো আজিৰ বিৱৰ্তনশীল পৃথিৱীৰ লগত খাপ নাখায়। আজিৰ স্বাধীনতা মুক্তভাৱে নিজৰ বক্তব্য দাঙি ধৰাৰ, আজিৰ স্বাধীনতা মুক্তভাৱে বিচৰণ কৰাৰ, স্বাধীনতাৰ আদৰ্শক সাৰোগত কৰা ,তাক মৰ্মে মৰ্মে উপলব্ধি কৰাৰ,তাক উপভোগ কৰাৰ, তাৰ‌ দায়িত্ব পালন কৰাৰ।

আজি বিশ্বৰ কোনো দেশ আন দেশৰ পৰাধীন নহয়। স্বাধীনতা আচলতে বিপ্লৱী সত্তাৰ প্ৰতিফলনহে। ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাই ৰাজকীয় শাসনৰ বাঘজৰীক প্ৰতিফলিত কৰি আহিছিল বাবে সেই পৌৰাণিক যুগৰ পৰা আধুনিক যুগৰ আদিভাগলৈ স্বাধীনতাৰ অৰ্থ মুক্তমনে পেটে-ভাতে খাই থকা অৱস্থাক দৰ্শাইছিল। কিন্তু সময়হাপেক্ষে 'স্ব+অধীন'ৰ সংজ্ঞা সলনি হৈ গৈ আছে।

এতিয়া জাতি,লিংগ, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো এক বুলি কোৱাৰ শ্লোগানৰ পৰিৱৰ্তন হ'ব ধৰিছে। নাৰীবাদ,উদাৰবাদৰ গণ্ডীত 'লে জি বি টি কিউ' অৰ্থাৎ সমকামীসকল ও সোমাইছে । মুঠৰ ওপৰত এতিয়াৰ পৃথিৱীত স্বাধীনতা এনে এক সত্তা য'ত কোনোৱে কাৰো অধিকাৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে,যাৰ আনুষ্ঠানিক ভাষাই আইনী মেৰপাকক সাঙুৰি লয়। কিন্তু অনানুষ্ঠানিকতাৰ আক্ষৰিক অৰ্থত স্বাধীনতাই শান্তিময় পৰিৱেশৰ এক জীয়া প্ৰতিচ্ছবিক দৰ্শায়। ৰাছিয়া- ইউক্ৰেন,হামাছৰ, সদ্যসংঘটিত বাংলাদেশৰ বৰ্তমানৰ প্ৰতিকূল অৱস্থাৰ ওপৰত চকু ফুৰাই শান্তিয়েই স্বাধীনতা বুলি আজি বিশ্বমানত প্ৰতিপন্ন।

আজি কবলৈ আমি স্বাধীন,কিন্তু ৭৮বছৰ পিছতো আমি যেন অক্ষম হৈ ৰ'লো সহস্ৰজনৰ বলিদানৰ অৰ্থক নেওঁচি। আজিৰ দেশ স্বাধীন কিন্তু ব্যক্তি আজিও পৰাধীন।স্বাধীনতাৰ উজ্জীৱিত কৰিবলৈ আজি  সংগ্ৰামী সত্তাৰ অভাৱ ।

আজিৰ পাকৈঢোঁৰাৰ লেখীয়া মন্ত্ৰীয়ে  দুখীয়াৰ কেঁচা তেজ,জীপাল মাটিক অৱমাননা কৰে । ব্ৰিটিছতকৈও বেছি উন্মাদনাৰে জাতিটোৰ ভৱিষ্যত ঠিক কৰাৰ নামত বহিৰাগতৰ লগত নিজৰ মূল্যবোধৰ বেচা-কিনা এতিয়াৰ বিসম্বাদী নেতাই। হোজা চহা মানুহখিনিক স্বাধীনতা  দিয়াৰ চলেৰে অবান্তৰ যুক্তিত পতিয়ন নিয়ায়।

অৱশ্যে এতিয়াও মানৱতাক ধৰ্ম মানি চলা নিৰ্ভীক জননেতাসমূহ আছে, তেওঁলোক আছে বাবেই আমি আজিও আন বহু দেশৰ তুলনাত মুক্তমনে মুক্ত আকাশৰ তলত উশাহ ল'ব পাৰিছো। মহীয়ান সংবিধান প্ৰণেতাসকলে আইনৰ ওপৰত চৰকাৰ যাব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰা বাবেই এতিয়াও চৰকাৰ ৰাইজৰ দায়বদ্ধ ।এইয়া গণতন্ত্ৰৰ আশা, এইয়া ৰাইজৰ আশা ।