মুখ্য-পৃষ্ঠা

কাণেৰে নুশুনা, মুখেৰে মাতিব নোৱাৰা মালিকাৰ দবা খেল দেখি বিশ্ব আজি আচৰিত...

Asomiya Pratidin
ক্রিকেট, ফুটবল, ভলীবল, বেডমিন্টন আদি অসংখ্য খেলৰ লগতে দবা খেলেও ভাৰতৰ ক্ৰীড়াজগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। হিমা দাস, মেৰী কম, ভক্তি কুলকানীৰ দৰে সোণৰ পদক বিজয়ী ভাৰতীয় মহিলা খেলুৱৈৰ সংখ্যা বাঢ়ি আহিছে। এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই শ্ৰৱণ ক্ষমতাহীন এগৰাকী দবা খেলুৱৈ। নিজ লক্ষ্য স্থিৰ কৰি একাগ্ৰতাৰে আগবাঢ়ি গ’লে জীৱনত সফল হোৱাটো নিশ্চিত। ইয়াৰে এক উদাহৰণ পাঞ্জাৱৰ মালিকা হাণ্ডাৰ বিষয়ে অসমীয়া প্ৰতিদিন ডিজিটেলৰ লক্ষ্মীপ্ৰিয়া দত্তৰ বিশেষ প্ৰতিবেদন...

চেষ্টাৰ অসাধ্য একো নাই। প্ৰবল ইচ্ছা শক্তি আৰু একাগ্ৰতা থাকিলে প্ৰতিভা বিকাশত তথা উন্নতিৰ পথত অক্ষমতা হেঙাৰ হ'ব নোৱাৰে। তাৰেই যেন উদাহৰণ দাঙি ধৰিলে বধিৰ দবা খেলুৱৈ মালিকা হাণ্ডাই।

মালিকা হাণ্ডা প্ৰথম ভাৰতীয় মহিলা বধিৰ খেলুৱৈ, যিয়ে খেলৰ জগতখনত ইমান সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ সফলতাৰ কাহিনী আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক।

মালিকা হাণ্ডা এগৰাকী বধিৰ ভাৰতীয় পেছাদাৰী দবা খেলুৱৈ আৰু আন্তর্জাতিক বধিৰ দবা চেম্পিয়নশ্বিপত সোণৰপদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিচিত। মালিকাৰ জন্ম ২০ মার্চ ১৯৯৫ চনত পঞ্জাবৰ জলন্ধৰত। সুৰেশ আৰু ৰেণু হাণ্ডাৰ কন্যা মালিকা হাণ্ডা জন্মতে বধিৰ নহয় যদিও এবছৰ বয়সত তেওঁ শ্রৱণশক্তি আৰু বাকশক্তি হেৰুৱাই পেলাইছিল। বৰ্তমান তেওঁ ৯০ শতাংশ শ্রৱণ ক্ষমতাত অক্ষমতাৰে জীৱন কটাইছে।

১১ বছৰ বয়সত দেউতাকে ঘৰলৈ দবা ব'ৰ্ড আনি মালিকাক দবা খেলৰ সৈতে পৰিচয় কৰাই দিছিল। মালিকাই এই খেলৰ প্ৰতি আগ্ৰহ দ্রুতগতিত গঢ়ি তুলিছিল, যাৰ ফলত তাইৰ মূলসুঁতিৰ কলেজ এখনত আসন নিশ্চিত হৈছিল। মালিকাই ১৫ বছৰ বয়সৰ পৰা দবা খেলিবলৈ আৰম্ভ কৰিছিল আৰু লাহে লাহে তেওঁ সমনীয়াক আউট প্লে কৰিবলৈ আৰম্ভ কৰিছিল।

২০১৩ চনত মধ্যপ্রদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত স্বর্ণপদক লাভ কৰি জাৰ্মানীলৈ যোৱাৰ সুযোগ লাভ কৰিছিল মালিকাই। কিন্তু আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ সৈতে কিছু বিবাদৰ বাবে ভাৰতীয় ক্রীড়া কর্তৃপক্ষই অনুমতি নিদিয়াৰ বাবে তেওঁ স্থান লাভ কৰিব নোৱাৰিলে।

মালিকা হাণ্ডা ভাৰতৰ আটাইতকৈ ব্যতিক্রমী দবা চেম্পিয়ন। যদিও দবা খেলৰ ব্যতিক্রমী প্রতিভাৰে নিয়মীয়া কলেজত তেওঁ স্থান লাভ কৰিছিল, তথাপিও চৰকাৰৰ পৰা পর্যাপ্ত সহায়-সুবিধা লাভ কৰা নাছিল।

মালিকাই কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পদক লাভ কৰিছে। মহীশূৰত বধিৰসকলৰ বাবে অনুষ্ঠিত ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপতো তেওঁ জয়লাভ কৰে। মানচেষ্টাৰত অনুষ্ঠিত হোৱা বিশ্ব বধিৰ ব্লিটজ দবা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈও সক্ষম হৈছে মালিকা। ২০১৭ চনত দবা শাখাত এছিয়ান চেম্পিয়নশ্বিপতো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰোপৰি ২০১২চনত বধিৰ ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপত সোণৰ পদক, ২০১৬চনৰ পৰা ২০২২চনৰ ৰাষ্ট্ৰীয় দবা চেম্পিয়নশ্বিপৰ প্ৰতিখন প্ৰতিযোগিতাতে স্বৰ্ণপদক অৰ্জনৰে ধাৰাবাহিকতা দজাই ৰাখে মালিকা হাণ্ডাই। তেওঁৰ সফলতাৰ কাহিনীয়ে ভাৰতবাসীক অসীম গৌৰৱ অনুভৱ কৰায়।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ উপৰিও আন্তঃ ৰাষ্ট্ৰীয় পৰ্যায়তো তেওঁৰ এই দবা খেলৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। ২০১৫চনত আইচিচিডি ১ম এছিয়ান অ'পেন ডেফ চেছ ব্লিটজ চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় মালিকা। আইচিচিডি তৃতীয় এছিয়ান ব্যক্তিগত দবা চেম্পিয়নশ্বিপত স্বৰ্ণ, আইচিচিডি চতুৰ্থ বিশ্ব ব্যক্তিগত ব্লিটজ বধিৰ চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰে। ইয়াৰোপৰি ২০১৮চনৰ আইচিচিডি বিশ্ব বধিৰ ব্লিটজ দবা চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে মালিকা হাণ্ডাই।

মালিকা অত্যন্ত ইতিবাচক আৰু জীৱনৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ দৃঢ়প্রতিজ্ঞ। তেওঁৰ অক্ষমতাক তেওঁ সংজ্ঞায়িত কৰিবলৈ নিদিয়ে। অৱশ্যে এই পথত কিছু বাধাৰো সম্মুখীন হৈছে তেওঁ। স্বাভাৱিক ল'ৰা- ছোৱালীৰ সৈতে প্রতিযোগিতা কৰাটো তেওঁৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বুলি স্বীকাৰ কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে এই সকলো অসাধাৰণ কৃতিত্বৰ জৰিয়তে মালিকাই দবাৰ সমান্তৰালভাৱে নিজৰ শৈক্ষিক দিশতো মোটামুটি ভালদৰে ভাৰসাম্য ৰক্ষা কৰিছে। ৭বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়ন হোৱা মালিকা হাণ্ডাৰ জীৱন সংগ্রামে আমাক সঁচাই অনুপ্রাণিত কৰে। আশা কৰোঁ ভাৰত চৰকাৰে মালিকাক এই সফলতাৰ যুঁজত সহায়ৰ হাত আগবঢ়াব।