মুখ্য-পৃষ্ঠা

চামগুৰিঃ নুৰুল-ৰকি-তাঞ্জিলৰেই নেকি ?

Asomiya Pratidin

মৃদুল কুমাৰ সন্দিকৈ

ৰাজনীতি পৰিয়ালতান্ত্ৰিক হৈ পৰিছে। কি কংগ্ৰেছ, কি বিজেপি, কি আন ৰাজনৈতিক দল সকলোৱে এই অভিযোগত বন্দী। এচাম নেতাই এবাৰ জনপ্ৰতিনিধি হৈ ক্ষমতাৰ সোৱাদ পোৱাৰ পাছত বংশানুক্ৰমে যাতে সেই ধাৰাবাহিকতা অৱ্যাহত ৰাখিব পাৰে তাৰেই চেষ্টাত মজগুল হৈ পৰে।

সাধাৰণ জনতাৰ কাষে কাষে ঘূৰি অতি সাধাৰণ জীৱন কটোৱা বুলি বিশ্বাস কৰা অগপ নেতা ফণীভূষণ চৌধুৰীৰ গাতো চেকা লাগিল। পত্নীক নিৰ্বাচনী বৈতৰণীলৈ আগবঢ়াই দি চৌধুৰীয়ে দলৰ নিষ্ঠাৱান নেতা- কৰ্মীক দল এৰিবলৈ বাধ্য কৰালে।

অনুৰূপ পৰিয়ালতান্ত্ৰিক মোহত বন্দী হোৱা এটা পৰিয়াল ৰকিবুল হুছেইন। কংগ্ৰেছৰ সংখ্যালঘু সম্প্ৰদায়ৰ এইজন নেতাই তেঁও ২৩টা বছৰ প্ৰতিনিধিত্ব কৰা চামগুৰি সমষ্টিটোক পৈতৃক সম্পতি কৰি পেলালে। দলত থকা প্ৰভাৱ, ধনৰ জোৰ সকলো মিলাই তেঁও ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাৰ পাছত খালী হোৱা চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত নিজৰ ইচ্ছা অনুসৰি পুত্ৰক কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে।

কেইটামান দিন যুৱ কংগ্ৰেছী হৈ তাঞ্জিল হুছেইন নামৰ ৰকিবুল হুছেইনৰ পুত্ৰৰ ব্যৱহাৰিক ৰাজনৈতিক জ্ঞান কিমান সেয়া সময়ে ক’ব। ৰকিবুল হুছেইনৰ পুত্ৰ হোৱাটোৱেই তেঁওৰ প্ৰধান পৰিচয়। পিতৃয়ে কোৱাৰ দৰে শেহতীয়া মিজোৰামৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহোতে হেনো তেঁওৰ পুত্ৰ তাঞ্জিলে বিশেষ ভূমিকা পালন কৰিছিল।

পিছে, সেই নিৰ্বাচনী খবৰ সংগ্ৰহ কৰিবলৈ যাওতে তাঞ্জিলৰ কোনো ভূমিকা ৰাহুল গান্ধীৰ এই ভ্ৰমণত দেখা পোৱা নাছিলো। তেঁওতকৈ আন দুজনমান যুৱ কংগ্ৰেছীয়ে এই নিৰ্বাচনী বতৰত অসমৰ পৰা গৈ বিশেষ দায়িত্ব দিনে- ৰাতিয়ে পালন কৰিছিল।

মিজোৰামত ফুৰিবলৈ যোৱাৰ দৰে দুজনমান লগৰীয়া লৈ ৰাহুল গান্ধীৰ পদযাত্ৰাৰ পিছে পিছে তাঞ্জিলো আগবাঢ়ি গৈছিল আৰু সেই পদযাত্ৰাৰ অন্তত বিমানেৰে অসমলৈ ঘূৰি আহিছিল। এয়াও যদি কোনো এজন নেতাৰ পুত্ৰৰ ৰাজনৈতিক দায়িত্ব বুলি অভিহিত কৰা হয় তেন্তে তাৰ ব্যাখ্যা হয়তো নাথাকিব!

ৰকিবুল হুছেইনে ৰাজনীতিৰ ডি এন এ পিতৃৰ সূত্ৰে পাইছে। ১৯৫২ চনৰ পৰা চামগুৰি সমষ্টিত মুঠ ৮জন জনপ্ৰতিনিধি সমষ্টিবাসীয়ে পাইছে। ১৯৫২ চনত এই সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল- কংগ্ৰেছৰ ঊষা বৰঠাকুৰ। তেঁও ১৯৫৭ চনতো চামগুৰি সমষ্টিৰ বিধায়িকা আছিল।

তাৰ পাছত বিষ্ণুপ্ৰসাদে এবাৰ, ভবেন্দ্ৰ কুমাৰ শইকীয়াই এবাৰ, অতুল শৰ্মাই এবাৰ এই সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৮৩ৰ অবৈধ নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নৰুল হুছেইন।

কংগ্ৰেছ (আই)ৰ টিকটত তেঁও সেইবাৰ নিৰ্বাচন জিকিছিল। এই নিৰ্বাচনত নৰুল হুছেইনে ১৫,৩৭৪টা ভোট লাভ কৰিছিল। তেঁওৰ নিকটতম প্ৰাৰ্থী তথা মূল কংগ্ৰেছৰ দেবেন বৰাই এই নিৰ্বাচনত ১০,৮২৪ টা ভোট লাভ কৰিছিল।

অসম আন্দোলনৰ প্ৰভাৱ পৰিছিল এই নিৰ্বাচনৰ ফলাফলত। সংখ্যালঘু লোকসকল একত্ৰিত হৈ নৰুল হুছেইনক বিধায়ক কৰি পঠিয়াইছিল। ইয়াৰ আগলৈকে কিন্তু এই সমষ্টিটো এতিয়া ভবাৰ দৰে কোনো সংখ্যালঘুৰ প্ৰভাৱ থকা সমষ্টি নাছিল।

১৯৭২ চনৰ নিৰ্বাচনত বিষ্ণুপ্ৰসাদে ১৫,১৪০ টা, নিধিৰাম পচানে ১৩,৭৬৫টা ভোট লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী বিষ্ণুপ্ৰসাদ নিৰ্বাচিত হৈছিল এই নিৰ্বাচনত। সমষ্টিটোত ৭২ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দলীয় প্ৰাৰ্থী জফৰুদ্দিন আহমেদে মাত্ৰ ১,৭৭২টা ভোটহে লাভ কৰিছিল।

১৯৮৫ চনত অসম আন্দোলনৰ পাছত অনুষ্ঠিত হোৱা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী আব্দুল হুছেইন সৰকাৰ ২২,৬৩১ টা ভোট লাভেৰে নিৰ্বাচিত হৈছিল। সেইবাৰ অতুল কুমাৰ শৰ্মা ১২,৬৯১টা ভোট লাভেৰে দ্বিতীয় স্থানত আছিল। ৰকিবুল হুছেইনৰ পিতৃ নৰুল হুছেইনে ৮৫ৰ নিৰ্বাচনত ৫,৬২১টা ভোটহে লাভ কৰিছিল।

১৯৯১ চনত নৰুল হুছেইন এই সমষ্টিটোৰ পৰা জয়ী হয়। হুছেইনে ১৮,৮২৫টা ভোট লাভ কৰিছিল। চামগুৰিৰ পৰা বিধায়ক হৈ আহি হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰী সভাত তেঁও সমবায় ৰাজ্যিক মন্ত্ৰীৰ পদো লাভ কৰিছিল।

১৯৯১ চনৰ ৩০ জুনৰ পৰা ১৯৯৬ চনৰ ২২ এপ্ৰিললৈকে ৰকিবুল হুছেইনৰ পিতৃ হিতেশ্বৰ শইকীয়াৰ মন্ত্ৰীসভাৰ মন্ত্ৰী আছিল। ১৯৯৬ চনত অসম গণ পৰিষদৰ পৰা অতুল কুমাৰ শৰ্মাই ২০,৭৭০ টা ভোট লাভ কৰি জয়ী হয় চামগুৰিত।

নৰুল হুছেইনে ১৪,৬৫০টা ভোট লাভ কৰিছিল ৯৬ৰ নিৰ্বাচনত। পিতৃ ৰাজনীতিবিদ হোৱাৰ সূত্ৰেই ৰকিবুল হুছেইনে ৰাজনীতিত প্ৰৱেশৰ সুযোগ লাভ কৰিছিল। ২০০১ চনৰ নিৰ্বাচনত চামগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী হৈছিল ৰকিবুল। সেইবাৰ ৰকিবুল হুছেইনে প্ৰায় ৪হাজাৰতকৈ কম ভোটৰ ব্যৱধানত চামগুৰিৰ পৰা অসম গণ পৰিষদৰ অতুল শৰ্মাক হৰুৱাই বিধানসভালৈ নিৰ্বাচিত হৈছিল।

ৰকিবুল হুছেইনে ৩৮,০২২টা আৰু অতুল কুমাৰ শৰ্মা ৩৪,৬৩৬টা ভোট পাইছিল। তাৰ পাছত ২০০৬, ২০১১, ২০১৬ আৰু ২০২১ত চামগুৰি সমষ্টিৰ পৰা ৰকিবুল হুছেইন জিকি আহিছে। ২০১১ত প্ৰফুল্ল কুমাৰ মহন্ত উক্ত সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল ৰকিবুল হুছেইনৰ বিৰুদ্ধে। এই নিৰ্বাচনী যুঁজত মহন্ত পৰাস্ত হৈছিল ৰকিবুল হুছেইনৰ হাতত।

মহন্তই ৪১,৪৭২টা আৰু ৰকিবুল হুছেইনে ৬১,৩৩২টা ভোট লাভ কৰিছিল ২০১১ৰ নিৰ্বাচনত। ২০০১ৰ পৰা মুঠ ২৩ বছৰ এই সমষ্টিটোৰ বিধায়ক হৈ থাকিল ৰকিবুল হুছেইন। ২০২৪ত ধুবুৰীৰ পৰা লোকসভালৈ নিৰ্বাচিত হোৱাত তেঁও পঞ্চমটো বিধায়কৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব নোৱাৰিলে।

চামগুৰি সমষ্টিত ২৩ বছৰ ৰকিবুল হুছেইন, ৭বছৰ ৰকিবুলৰ পিতৃ নৰুল হুছেইন বিধায়ক হৈ থাকিল। ৩০ বছৰ পিতা- পুত্ৰই এই সমষ্টিটো প্ৰতিনিধিত্ব কৰাৰ পাছত ৰকিবুল হুছেইনে তেঁওৰ পুত্ৰ তানজিলক এইবাৰ নিৰ্বাচনী যুঁজলৈ আগবঢ়াই দিছে।

উপ নিৰ্বাচনত তাঞ্জিল জিকিলে চামগুৰি সমষ্টিয়ে এটা অভিলেখ গঢ়িব। সেয়া হৈছে- ককা, পিতৃ আৰু নাতিয়ে প্ৰতিনিধিত্ব কৰা সম্ভৱতঃ অসমৰ প্ৰথমটো বিধানসভাৰ সমষ্টি হ’ব। বিধায়ক হৈ থকাৰ সময়ত সমষ্টিটোত কি উন্নয়ন সাধিলে সেয়া সমষ্টিবাসীয়ে বিচাৰ- বিশ্লেষণ কৰিব।

চামগুৰি সমষ্টিক ৰকিবুল হুছেইন আৰু তেঁওৰ পিতৃয়ে সংখ্যালঘুৰ হাতত থকা এটা সমষ্টিৰূপে কিন্তু প্ৰতিষ্ঠা কৰিলে। যিটো সমষ্টিত ঊষা বৰঠাকুৰ, বিষ্ণুপ্ৰসাদ, ভবেন্দ্ৰ কুমাৰ শইকীয়া, অতুল কুমাৰ শৰ্মা বিধায়ক হৈছিল, সেই সমষ্টিটোত সাম্প্ৰদায়িক ৰাজনীতি এক স্থায়ী ভেঁটি ৰকিবুল হুছেইনে গঢ়ি পেলালে।

এই উপ নিৰ্বাচনত পৰিৱৰ্তনৰ বহু সম্ভাৱনা আছে। কিয়নো তথ্য আৰু ইতিহাস বিশ্লেষণ কৰিলে দেখা যায় সংখ্যালঘু ভোটাৰৰ সংখ্যা অধিক হ’লেও আন ভোটাৰ একত্ৰিত হ’লে ইয়াত হুছেইন বিকল্পৰ উত্তৰ ওলাব পাৰে ! ইমান দিনে ৰকিবুল হুছেইনে চামগুৰিত অতি কৌশল আৰু পৰিকল্পিতভাৱে তেঁওৰ পিছৰ পৰ্যায়ৰ কোনো নেতা সৃষ্টি হ’ব নিদিলে।

কংগ্ৰেছৰ বাবে দুৰ্ভাগ্যজনক কথা এয়াই যে যিসকল নেতা প্ৰভাৱশালী তেঁওলোকে তেঁওলোকৰ স্থান পূৰাব পৰাকৈ আন নেতা গঢ়িব নোখোজে। কোনোবা আত্মীয় বা পুত্ৰ- কন্যাৰ ক্ষেত্ৰত অৱশ্যে সেয়া পৃথক হয়। ইতিমধ্যে নিৰ্বাচনী হিংসাই চুই গৈছে চামগুৰি।

উপ নিৰ্বাচনত মূল যুঁজ তাঞ্জিল আৰু বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ মাজতেই হ’ব। কেইবাজনো সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাতো লক্ষ্যণীয়। আপেও এই সমষ্টিটোত সংখ্যালঘুৰ এগৰাকী প্ৰাৰ্থী থিয় কৰাইছে। সেই প্ৰাৰ্থীবোৰে সংখ্যালঘুৰ ভোট লাভ কৰা মানেই বিজেপি প্ৰাৰ্থীৰ লাভ।

এনেবোৰ সমীকৰণ এতিয়া চামগুৰিকলৈ চলি আছে। নিৰ্বাচনত চামগুৰিৰ ভোটাৰে পৰৱৰ্তী জনপ্ৰতিনিধি নিৰ্বাচন কৰিব। হয়তো ৰকিবুল হুছেইনৰ পৰিয়ালতন্ত্ৰ ৰাজনীতিৰ অন্তও পৰিব পাৰে নতুবা সেই ধাৰাবাহিকতা অক্ষুন্ন থাকিব পাৰে। এই যুঁজ কঠিন হ’ব চামগুৰিত।