মুখ্য-পৃষ্ঠা

টাটাৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সুযোগ আৰু সম্ভাৱনাক লৈ জাগীৰোড কলেজত বিশেষ কৰ্মশালা...

Asomiya Pratidin

ডিজিটেল সংবাদ, জাগীৰোডঃ অর্ধপৰিবাহী উদ্যোগৰ জড়িয়তে প্রযুক্তিগত বিপ্লৱৰ পথত অসমে বিশ্বৰ শীঘ্রেই এক অন্যতম মূখ্য ভূমিকা পালনৰ পথত অগ্ৰসৰ হ'বলৈ সাজু হৈছে। ইতিমধ্যে অসম চৰকাৰৰ দূৰদৰ্শী মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রত্যক্ষ উদ্যোগত টাটা গ্রুপে কৌশলগতভাৱে বিশ্বৰ দ্রুতগতিত বিকশিত হোৱা অৰ্ধপৰিবাহী বজাৰত অৰিহণা যোগোৱাৰ সম্ভাৱনাৰে ভৰা অঞ্চল হিচাপে জাগীৰোডক চিনাক্ত কৰিছে। প্রায় সাতাইশ হাজাৰ কোটি টকা ব্যয় হ'বলগীয়া টাটা চন্দ্ৰ অধীনৰ টাটা ইলেক্ট্রনিক্স কোম্পানীয়ে দৈনিক ৪ .৮৩ কোটি চিপ নিৰ্মাণৰ লক্ষ্যৰে গঢ়িবলগীয়া অসমৰ এই অত্যাধুনিক উদ্যোগটোৱে ২০২৫ চনৰ পৰা অৰ্ধপৰিবাহী উদ্যোগ কার্যক্ষম কৰাৰ কথা আছে।

ইয়াৰ জৰিয়তে আগন্তুক সময়ত বিশ্বব্যাপী অসমৰ মান মর্যদা যথেষ্ট বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। ফলস্বৰূপে বৃহৎ নিযুক্তি আৰু সমান্তৰালভাৱে আনুসংগীক উদ্যোগ স্থাপনৰ সম্ভাৱনাকে আদি কৰি ব্যাপক প্রতিশ্রুতি কঢ়িয়াই অসমক দেশৰ এক শক্তি কেন্দ্ৰলৈ পৰ্যৱেসিত কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। এই অর্ধপৰিবাহী উদ্যোগটোৰ সফল ৰূপায়নে অনাগত দিনত আমাৰ দেশক আন্তর্জাতিক প্ৰযুক্তিৰ পৰিমণ্ডলত এক অনন্য মাত্রা প্রদান কৰিব বুলি আশা কৰিব পাৰি।

আমি সততে ব্যৱহাৰ কৰি থকা মোবাইল ফোন, কম্পিউাৰ আদি ব্যক্তিগত ইলেক্ট্রনিক ডিভাইচৰ পৰা আৰম্ভ কৰি বৃহৎ ডাটা চেণ্টাৰ, উন্নত চিকিৎসা সঁজুলি আৰু নবীকৰণযোগ্য শক্তি ব্যৱস্থালৈকে, ক্ষুদ্র অথচ শক্তিশালী উপাদানসমূহ ব্যৱহাৰৰ মূলতে আছে আধুনিক প্রযুক্তিৰ এই অর্ধপৰিবাহী। অর্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ ব্যাপক প্ৰভাৱে কেৱল প্রযুক্তিৰ স্তৰটোক প্ৰতিনিধিত্ব কৰাই নহয়, উদ্ভাৱন, নিয়োগ আৰু অর্থনৈতিক শক্তিৰ বিশাল সুযোগৰ দুৱাৰো ই মুকলি কৰিছে।

এই অত্যাধুনিক তথা অভিলাষী উদ্যোগ প্ৰতিষ্ঠাৰ প্ৰাকক্ষণত জাগীৰোড মহাবিদ্যালয়, উত্তৰ-পূব ভাৰতৰ বৈজ্ঞানিক আৰু উদ্যোগী প্ৰব্ৰজনকাৰী, (NEISED), ৰাষ্ট্ৰীয় ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি প্রতিষ্ঠান (NIELIT), আৰু ভাৰতীয় ভি এন এছ আই ছ'চাইটি (VLSI Society of India) ৰ যৌথ উদ্যোগত অহা পশ্চিশ অক্টোবৰত অর্ধপৰিবাহী উদ্যোগৰ ওপৰত এক বিশেষ কৰ্মশালাৰ আয়োজন কৰিছে। আয়োজক সকলে আশা কৰিছে যে "অর্ধপৰিবাহী পৰিৱেশতন্ত্র: উত্তৰ-পূব ভাৰতৰ বাবে সজাগতা আৰু সুযোগ" শীর্ষক এই অনুষ্ঠানটোৱে ইয়াত অংশ গ্ৰহণকৰা সকলৰ উপৰিও অন্যান্য সকলোকে এই নতুন উদ্যোগটোৰ গুৰুত্ব আৰু অৰ্ধপৰিবাহীয়ে অঞ্চলটোলৈ অনা অযুত সম্ভাৱনাৰ বিষয়ে আগ্রহ জগাই তুলিব আৰু সজাগতা সৃষ্টি কৰিব। ইয়াৰ উপৰিও উদ্যোক্তাসকলে পৰৱৰ্তী প্ৰজন্মৰ অৰ্ধপৰিবাহী অভিযন্তা, উদ্যোগী, আৰু উদ্যমিতা সৃষ্টিৰ লক্ষ্যৰে এই নব্যসম্ভাৱনাৰ খণ্ডত কেৰিয়াৰৰ সুযোগ অন্বেষণ কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰিব।

অহা ২৫ অক্টোবৰত জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই কর্মশালাখনত অসম চৰকাৰৰ কেবিনেট মন্ত্রী পীযুষ হাজৰীকাই মূখ্য অতিথি আৰু অসম চৰকাৰৰ মূখ্য সচিব ৰবি কোটা আৰু টাটা ইলেক্ট্রনিক্সৰ জাগীৰোডৰ মুখ্য প্রকল্প বিষয়া আশীষ মিশ্র বিশিষ্ট সন্মানীয় অতিথি হিচেপে উপস্থিত থকাৰ উপৰিওদেশ বিদেশৰ ইলেক্ট্রনিক্স উদ্যোগৰ বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকিব। এই কৰ্মশালাৰ সৈতে সংগতি ৰাখি ইলেক্ট্রনিক্সৰ মডেল আৰু পোষ্টাৰ প্ৰতিযোগিতাও অনুস্থিত কৰা হ'ব। অর্ধপৰিবাহী উদ্যোগৰ বাবে ঘাইকৈ এক সুস্থ পৰিৱেশ তন্ত্র গঢ় লোৱাৰ সুবিধাৰ প্ৰতি ঘাইকৈ গুৰুত্ব আৰোপ কৰি এক নিখুঁতভাৱে কর্মশালাখনৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

বিজ্ঞান আৰু কাৰিকৰী শাখাৰ স্নাতকসকলৰ উপৰিও ডিপ্লমা অভিযান্ত্রিক ছাত্রকে ধৰি বিভিন্ন উচ্চ শিক্ষানুষ্ঠানৰ ছাৰ ছাত্ৰীৰ বাবে মুকলি থকা এই কর্মশালাখন অভিজ্ঞতা সম্পন্ন বিশেষজ্ঞ ব্যক্তিৰ অন্তর্দৃষ্টিৰে সমৃদ্ধ হ'ব। অর্ধপৰিবাহী উদ্যোগৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উপৰিও এই কর্মশালাত কেৰিয়াৰৰ পৰামৰ্শ আৰু এই খণ্ডত উপলব্ধ বিভিন্ন কেৰিয়াৰ পথৰ ওপৰত পথ প্ৰদৰ্শন কৰা হ'ব।

এই কর্মশালাত উত্তৰ-পূব ভাৰতৰ বাবে অৰ্ধপৰিবাহী উদ্যোগৰ বহুল প্ৰভাৱৰ বিষয়েও গভীৰভাৱে আলোচনা কৰা হ'ব। অংশগ্রহণকাৰীসকলক আগন্তুক উদীয়মান ধাৰা, প্ৰত্যাহ্বান, আৰু সুযোগসমূহৰ এক বিতং আভাস প্রদান কৰা হ'ব। ইয়াৰ দ্বাৰা তেওঁলোকে বুজিব পাৰিব যে দ্রুতগতিত বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ আৰু প্ৰতিযোগিতামূলক খণ্ডত পৰিণত হোৱা বিশ্বৰ অৰ্থপৰিবাহী বজাৰখনত তেওঁলোকে নিজকে আৰু নিজৰ উদ্যোগসমূহক সফলতাৰ বাবে কেনেদৰে স্থান দিব পাৰে।

উক্ত দিনটোত বিশেষজ্ঞৰ এটা বিশিষ্ট পেনেলে কৰ্মশালাৰ নেতৃত্ব দিব, অর্ধপৰিবাহী উদ্যোগৰ বিভিন্ন খণ্ডৰ পৰা তেওঁলোকৰ জ্ঞান আৰু অভিজ্ঞতা ভাগ-বতৰা কৰিব। অতিথি তালিকাত এই ক্ষেত্ৰখনৰ কিছুমান সন্মানীয় নাম অন্তর্ভুক্ত কৰা হৈছে, যাৰ অন্তর্দৃষ্টি সকলো উপস্থিত ব্যক্তিৰ বাবে অমূল্য হ'ব। এই সকলৰ ভিতৰত ভিএলএছআই ছ'চাইটি অৱ ইণ্ডিয়াৰ সভাপতি ড° সত্য গুপ্তা, মাইক্ৰ' চিপৰ ভাৰত উন্নয়ন কেন্দ্ৰৰ উপ-সভাপতি তথা পৰিচালন সঞ্চালক শ্রীকান্ত চেট্রিকেৰে, টেক্সাছ ইনষ্টরুমেন্টছ ইন্ডিয়া প্রাইভেট লিমিটেডৰ চৰকাৰী সম্পৰ্ক আৰু কৰ্পৰেট পৰিক্ৰমা সঞ্চালক ৰাজীৱ খুচুৱে। ভাৰতীয় বিজ্ঞান প্রতিষ্ঠান (আই আই এছ চি) বাংগালুৰুৰ পৰা অধ্যাপক মায়ংক শ্রীবাস্তৱ: আৰু ৰেনেছাছৰ বিশ্ববিদ্যালয় সম্পৰ্ক, চৰকাৰী পৰিক্ৰমা আৰু ষ্টার্ট-আপ সহযোগিতাৰ মুৰব্বী চিত্ৰ হৰিহৰণকে আদি কৰি অন্যান্য বিশেষজ্ঞ ব্যক্তি উপস্থিত থাকিব।

অসম ডনবস্কো বিশ্ববিদ্যালয়, অসম ডাউন টাউন বিশ্ববিদ্যালয়, অসম অভিযান্ত্রিক মহাবিদ্যালয়, আর্য বিদ্যাপীঠ মহাবিদ্যালয়, কটন বিশ্ববিদ্যালয়, ডিব্রুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় প্রযুক্তি প্রতিষ্ঠান নাগালেণ্ড, প্রাগজ্যোতিষ মহাবিদ্যালয়, আৰু তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক প্রতিষ্ঠানসমূহৰ সৈতেও কৰ্মশালাৰ সহ-আয়োজকসকলে অংশীদাৰিত্ব স্থাপন কৰিছে।। অইল ইন্ডিয়া লিমিটেড (অইল), নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল), এক্সাইগাৰ আদি কৰি অঞ্চলটোৰ ভালে সংখ্যক আগশাৰীৰ উদ্যোগেও এই কর্মশালাখনক সহায় কৰি অসমৰ অৰ্ধপৰিবাহী হাব হোৱাৰ দৃষ্টিভংগীক আৰু অধিক ত্বৰান্বিত কৰি তুলিছে।

যিখন পৃথিৱীত অর্ধপৰিবাহীয়ে প্ৰযুক্তিগত বিকাশৰ প্ৰায় প্ৰতিটো দিশকে পৰিচালিত কৰে, সেইখন পৃথিৱীত এই ক্ষেত্ৰত অসমৰ উত্থানে ৰাজ্যখনৰ বাবে এক আশাব্যঞ্জক ভৱিষ্যতৰ সংকেত দিছে, অসমৰ জাগীৰোডত প্ৰগতিৰ নতুন দুৱাৰ মুকলি হৈছে অর্থনৈতিক সবলীকৰণ, আৰু বিশ্ব স্বীকৃতি। আয়োজক সকলে গভীৰ প্রত্যয়েৰে আশা কৰিছে যে পশ্চিশ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই বিশেষ কর্মশালাখনে এই পৰিৱৰ্তনশীল যাত্ৰাৰ এক গুৰুত্বপূর্ণ অনুষ্ঠানত পৰিণত হ'ব।-কর্মশালা আয়োজক সমিতিৰ হৈ জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগে এই কথা জানিবলৈ দিয়ে।